মেবেল আদিচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেবেল আদিচ
জন্ম মেবেল হ’মছ
২১ মে’ ১৯১২ 21 May 1912
মাউণ্ট ৱাৰ্নন, নিউয়ৰ্ক, ইউ এছ
মৃত্যু ১৩ আগষ্ট, ২০০৪ (৯২ বছৰ)
পুৰ্ডি, নিউয়ৰ্ক, ইউ এছ
শিক্ষা বাৰ্ণাড কলেজ
কলম্বিয়া বিশ্ববিদ্যালয়
উল্লেখযোগ্য কৰ্ম দ্য চুমেৰিয়ান গেম

মেবেল আদিচ মাৰ্গাৰ্ড (ইংৰাজী: Mabel Addis Mergardt; ২১ মে’ ১৯১২-১৩ আগষ্ট ২০০৪) এগৰাকী আমেৰিকান লেখক, শিক্ষক আৰু প্ৰথমগৰাকী ভিডিঅ’ গেমৰ লেখক। তেওঁ ‘দ্য চুমেৰিয়ান গেম’টো ডিজাইন কৰিছিল, যিটো ১৯৬৪ চনত ‘আইবিএম ৭০৯০’ৰ বাবে ৱিলিয়াম মেকেই প্ৰগাম কৰিছিল। ই একেধৰণে নিৰ্মাণ কৰা হামুৰাবি ভিডিঅ' গেমৰ দৰে ১৯৭০ৰ দশকৰ প্ৰথমফালৰ গেমবিলাকক প্ৰভাৱিত কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯১২ চনৰ ২১ মে’ তাৰিখে মেবেল উদৰ জেমছ হ’মছৰ ঘৰত মেবেল হ’মছৰ জন্ম হৈছিল। তেওঁ মাউণ্ট ভাৰ্ননত ডাঙৰ-দীঘল হৈছিল আৰু কৃতিত্বৰে ১৯২৯ চনত ব্ৰুষ্টাৰ হাই স্কুলৰ পৰা ভেলেডিক্ট’ৰিয়ান ডিগ্ৰী লাভ কৰিছিল। স্নাতক পৰীক্ষা উৰ্ত্তীণ হৈ তেওঁ বাৰ্ণাৰ্ড কলেজত পঢ়িছিল। বাৰ্ণাৰ্ডত তেওঁ প্ৰাচীন ইতিহাসত ডিগ্ৰী আৰু ১৯৩৩ চনত মনোবিজ্ঞানত মাইনৰ ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰপৰা শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1][2]

কৰ্মজীৱন[সম্পাদনা কৰক]

শিক্ষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত, আদিচে মাত্ৰ এটি কোঠাৰ এখন গাঁৱৰ স্কুলত কাম কৰিছিল। ১৯৩৭ চনত, তেওঁ হায়াত এভিনিউ স্কুললৈ যায়। ইয়াত তেওঁ তেৰ বছৰ কাম কৰিছিল। ১৯৫০ চনৰপৰা ১৯৭৬ চনলৈ তেওঁ কাটোনাহ-লুইচবৰো স্কুল জিলাত কাম কৰিছিল।[3]


ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

মেবেলে ১৯৪২ চনত আলেকজেণ্ডাৰ এল আদিচক বিয়া কৰায় আৰু আনুষ্ঠানিকভাৱে মেবেল আদিচ হয়। ১৯৮১ চনত আলেকজেণ্ডাৰৰ মৃত্যু হয়। ১৯৯১ চনত জেৰাৰ্ড মাৰ্গাৰ্ডৰ সৈতে পুনৰ বিবাহ হয় যদিও ১৯৯৫ চনত মাৰ্গাৰ্ডৰ মৃত্যু হয়।

২০০৪ চনত আদিচৰ মৃত্যু হয়।[1][4] ২০২৩ চনৰ ২৩ ফেব্ৰুৱাৰীত ‘গেম ডেভেলপাৰ কনফাৰেন্স, ২০২৩’ত তেওঁক মৰণোত্তৰভাৱে পাইওনিয়াৰ বঁটা প্ৰদান কৰা হৈছিল।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]