মেহদি হাছান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বাহেনশ্বাহ-এ-গজল
মেহদি হাছান খান
নিচান-এ-ইমতিয়াজ, হিলাল-এ-ইমতিয়াজ, তমঘা-এ-ইমতিয়াজ, প্ৰাইড অৱ পাৰ্ফমেঞ্চ
জন্ম ১৮ জুলাই, ১৯২৭[1]
লুনা, ৰাজপুতনা এজেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ১৩ জুন ২০১২
(৮৪ বছৰ)
কৰাছী, সিন্ধ, পাকিস্তান
ৰাষ্ট্ৰীয়তা পাকিস্তানী
পেচা
  • গায়ক
  • মিউজিক কম্পজাৰ
সক্ৰিয় হৈ থকা সময় (১৯৫৭-১৯৯৯)
বঁটা, সন্মান, পুৰস্কাৰ আদি প্ৰাইড অৱ পাৰ্ফমেঞ্চ (১৯৮৫)
শ্ৰেষ্ঠ পুৰুষ নেপথ্য গায়কলৈ আগবঢ়োৱা ৯ম নিগাৰ বঁটা
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ গজল
বাদ্যযন্ত্ৰ
  • গায়কী
ৰেকৰ্ড লেবেল
  • পাকিস্তান টেলিভিছন ক’ৰপ’ৰেচন (পিটিভি)
  • পাকিস্তান ৰেডিঅ’
সহযোগী 
ৱেবছাইট
mehdihassan.com

মেহদি হাছান খান (উৰ্দু: مہدی حسن خاں; ১৮ জুলাই ১৯২৭[2] – ১৩ জুন ২০১২)[3][4] এগৰাকী পাকিস্তানী গজল গায়ক আৰু পাকিস্তানী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী নেপথ্য গায়ক। তেওঁক গজলৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ আৰু প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয়।[5][6][7] হাছানক শ্বাহেনশ্বাহ-এ-গজল (গজলৰ সম্ৰাট) বুলি কোৱা হয়।[8][9][10][11][12] তেওঁ তেওঁৰ হন্টিং বেৰিটোন কণ্ঠৰ বাবে জনাজাত আছিল।[13] হাছানক বিশ্বব্যাপী দৰ্শকৰ মাজত গজলক জনপ্ৰিয় কৰাৰ কৃতিত্ব দিয়া হয়। তেওঁ এটি মধুৰ কণ্ঠৰ গৰাকী আছিল আৰু অভিনৱ উপায়েৰে ৰাগৰ অখণ্ডতা বজাই ৰখাৰ ক্ষেত্ৰত তেওঁ অনন্য আছিল।

কালাৱন্ত সংগীতজ্ঞৰ পৰিয়াল এটিত জন্ম গ্ৰহণ কৰা হাছান স্বাভাৱিকতে সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষিত আছিল। তেওঁ জগজিৎ সিঙৰপৰা[14] পাৰভেজ মেহদিলৈকে কেইবাটাও প্ৰজন্মৰ বিভিন্ন ধাৰাৰ গায়কসকলক প্ৰভাৱিত কৰিছিল।[15] তেওঁ তেওঁৰ জীৱনকালত অসংখ্য বঁটা-বাহন তথা প্ৰশংসা অৰ্জন কৰিছিল আৰু আন এজন সমসাময়িক নেপথ্য গায়ক আহমেদ ৰুছদিৰ সৈতে পাকিস্তানী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী আগশাৰীৰ গায়ক হৈ পৰিছিল। অনুমান কৰা হয় যে, হাছানে তেওঁৰ কৰ্মজীৱনত তিনিশৰো অধিক চলচ্চিত্ৰৰ বাবে গান গাইছে।[4][16] কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে হাছানক পাকিস্তান চৰকাৰে নিচান-এ-ইমতিয়াজ, তামঘা-এ-ইমতিয়াজ, প্ৰাইড অৱ পাৰ্ফমেঞ্চ আৰু হিলাল-এ-ইমতিয়াজ বঁটা প্ৰদান কৰিছিল।[4]

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ[সম্পাদনা কৰক]

১৯২৭ চনৰ ১৮ জুলাইত, অবিভক্ত ভাৰতৰ ঝুনঝুনু জিলাৰ লুনা (শ্বেখাৱতী, মান্দাৱাৰ ওচৰৰ) নামৰ এখন গাঁৱৰ পৰম্পৰাগত সংগীতজ্ঞৰ পৰিয়াল এটিত[13] হাছানৰ জন্ম হৈছিল।[17] বংশানুক্ৰমিক ভাৱে তেওঁ কালাৱন্ত গোত্ৰৰ পৰা অহা সংগীতজ্ঞসকলৰ ষোড়শ প্ৰজন্মৰ বুলি দাবী কৰে। হাছানে আঠ বছৰ বয়সত শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰিছিল[18] আৰু তেওঁৰ দেউতাক ওস্তাদ আজিম খান আৰু খুৰাক ওস্তাদ ইছমাইল খানৰ সৈতে সংগীতৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল। তেওঁলোক দুয়োগৰাকীয়ে পৰম্পৰাগত ধ্ৰুপদ ৰাগৰ গায়ক আছিল।[19] হাছানে কম বয়সতে পৰিৱেশন কৰা আৰম্ভ কৰিছিল আৰু ১৮ বছৰ বয়সলৈকে তেওঁ ধ্ৰুপদ, দাদৰা, থুমৰি আৰু খেয়াল আদি শাস্ত্ৰীয় গীতৰ বিভিন্ন ৰূপসমূহৰ বিশেষজ্ঞ হৈ উঠিছিল। তেওঁ ভাতৃ গোলাম কাদিৰৰ সৈতে ৰাজকীয় আদালতত প্ৰদৰ্শন কৰা আৰম্ভ কৰিছিল।[20] থুমৰি গায়ন শৈলীৰে হাছানে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।[21] তেওঁৰ ধ্ৰুপদ আৰু খেয়ালৰ প্ৰথমটো সংগীতানুষ্ঠান অনুষ্ঠিত হৈছিল অবিভক্ত পঞ্জাৱৰ বৰ্তমানৰ উপায়ুক্তৰ ভৱনৰ (১৯৩৫ চনত) ওচৰৰ ফেজিলকা বাংলাত। তেওঁৰ ডাঙৰ ভায়েক ওস্তাদ গোলাম কাদিৰেও ইয়াত অংশগ্ৰহণ কৰিছিল আৰু হাছানৰ পৰিৱেশন দক্ষতাক তুলি ধৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[19]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. https://www.youtube.com/watch?v=D44QqrHRVuk&t=134s
  2. https://www.youtube.com/watch?v=D44QqrHRVuk&t=134s
  3. "Mehdi Hassan obituary" (en ভাষাত). the Guardian. 2012-06-13. http://www.theguardian.com/music/2012/jun/13/mehdi-hassan। আহৰণ কৰা হৈছে: 2022-06-13. 
  4. 4.0 4.1 4.2 "Death anniversary of Shahenshah-e-Ghazal Mehdi Hassan being observed today" (en ভাষাত). www.radio.gov.pk. https://www.radio.gov.pk/13-06-2022/death-anniversary-of-shahenshah-e-ghazal-mehdi-hassan-being-observed-today। আহৰণ কৰা হৈছে: 2022-06-13. 
  5. Ken Hunt (16 June 2012). "Mehdi Hassan: Musician hailed as the maestro of the 'ghazal'". INDEPENDENT (UK newspaper). https://www.imdb.com/name/nm7352836/. 
  6. New Delhi – Volume 2, Part 2. Ananda Bazar Patrika. 1979. পৃষ্ঠা. 35. 
  7. Russell, Ralph (1992). The pursuit of Urdu literature: a select history. Zed Books. পৃষ্ঠা. 242. 
  8. "Mehdi Hassan - New Songs, Playlists & Latest News - BBC Music" (en-GB ভাষাত). BBC. https://www.bbc.co.uk/music/artists/bd0a20b2-ad1d-4440-ab22-e6dc71e6e199। আহৰণ কৰা হৈছে: 2020-07-14. 
  9. Dawn.com (2012-06-13). "End of an era as Mehdi Hassan passes away" (en ভাষাত). DAWN.COM. https://www.dawn.com/2012/06/13/end-of-an-era-as-mehdi-hassan-passes-away/। আহৰণ কৰা হৈছে: 2020-07-14. 
  10. Khawaja, Mishal Abbas (July 18, 2019). "'Shehanshah-e-Ghazal' - Mehdi Hassan's 92nd Birthday". nation.com.pk. https://nation.com.pk/18-Jul-2019/remebering-shehanshah-e-ghazal--mehdi-hassan-s-92nd-birthday। আহৰণ কৰা হৈছে: 2020-07-14. 
  11. "Mehdi Hasan: A tribute to the Shahenshah-e-Ghazal" (en ভাষাত). The Express Tribune. 2010-11-08. http://tribune.com.pk/story/72930/mehdi-hasan-a-tribute-to-the-shahenshah-e-ghazal। আহৰণ কৰা হৈছে: 2020-07-14. 
  12. "Ghazal King Mehdi Hassan remembered" (en ভাষাত). The News International. 2018-06-19. https://www.thenews.com.pk/print/330833-ghazal-king-mehdi-hassan-remembered। আহৰণ কৰা হৈছে: 2020-07-14. 
  13. 13.0 13.1 Mehdi Hassan profile on Encyclopedia Britannica Retrieved 31 March 2018
  14. Who was Mehdi Hassan NDTV website, Retrieved 31 March 2018
  15. Rafay Mahmood (13 June 2012). "Mehdi Hassan: A sun amongst the stars". The Express Tribune (newspaper). http://tribune.com.pk/story/393139/mehdi-hassan-khan-a-sun-amongst-the-stars/। আহৰণ কৰা হৈছে: 31 March 2018. 
  16. News Desk (13 June 2019), "King of Ghazal: Mehdi Hassan remembered on 7th anniversary", Global Village Space. Retrieved 11 November 2019.
  17. https://www.youtube.com/watch?v=D44QqrHRVuk&t=134s
  18. Khan, Omer Farooq (June 13, 2012). "Ghazal singer Mehdi Hassan passes away - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/world/pakistan/ghazal-singer-mehdi-hassan-passes-away/articleshow/14100734.cms। আহৰণ কৰা হৈছে: 2022-06-13. 
  19. 19.0 19.1 Devesh Sharma (10 August 2012). "Mehdi Hassan: The Master of Melodies". Archived from the original on 1 April 2018. https://web.archive.org/web/20180401150006/https://www.idiva.com/news-entertainment/mehdi-hassan-the-master-of-melodies/14792। আহৰণ কৰা হৈছে: 31 March 2018. 
  20. Pandya, Haresh (2012-06-14). "Mehdi Hassan, Who Sang Urdu Lyric Verse, Dies at 84" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2012/06/14/arts/music/mehdi-hassan-ghazals-voice-of-god-dies-at-84.html. 
  21. "Mehdi Hassan passes away in Karachi - Times of India" (en ভাষাত). 13 June 2012. https://timesofindia.indiatimes.com/entertainment/hindi/music/news/mehdi-hassan-passes-away-in-karachi/articleshow/14087909.cms.