মেহৰগড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মেহৰগড়
Mehrgarh ruins.jpg
মেহৰগড়ৰ আবাসগৃহৰ ভগ্নাৱশেষ
অৱস্থিতি ধাদৰা, বেলুচিস্তান,  পাকিস্তান
প্ৰকাৰ আবাসিক এলেকা
ইতিহাস
স্থাপনা আনুমানিক ৭০০০ খ্ৰী:পূ:
পৰিত্যক্ত আনুমানিক ২৬০০ খ্ৰী:পূ:
সভ্যতা নৱপ্ৰস্তৰ যুগ, সিন্ধু সভ্যতা
অতিৰিক্ত তথ্য
খননৰ সময় ১৯৭৪–১৯৮৬, ১৯৯৭-২০০০
বৰ্তমানৰ অৱস্থা ধ্বংসপ্ৰাপ্ত

মেহৰগড় (ইংৰাজী: Mehrgarh) পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কচ্ছি সমভূমিত অৱস্থিত নৱপ্ৰস্তৰ যুগৰ (৭০০০-২৫০০/২০০০ খ্ৰীষ্টপূৰ্ব) এক আবাসিক ক্ষেত্ৰ।[1] সিন্ধু নদীৰ উপত্যকা অঞ্চলৰ পশ্চিম অংশ আৰু বৰ্তমানৰ পাকিস্তানৰ ব’লান পাছৰ কাষতেই মেহৰগড় অৱস্থিত। এই পুৰাতাত্বিক ক্ষেত্ৰখন ১৯৭৪ চনত আৱিষ্কৃত হয় আৰু সেই বছৰৰ পৰা আৰম্ভ কৰি ১৯৮৬ চনলৈকে এই ঠাইত প্ৰথম পৰ্যায়ৰ খননকাৰ্য চলোৱা হয়। দ্বিতীয় পৰ্যায়ৰ খননকাৰ্য ১৯৯৭ চনৰ পৰা ২০০০ চনলৈকে চলে আৰু এই গোটেই সময়ছোৱাত ছটা টিলাৰ ওপৰত পুৰাতাত্বিক অৱশেষ পোৱাৰ লগতে প্ৰায় ৩২,০০০টা ভগ্নাৱশেষ উদ্ধাৰ কৰা হয়। মেহৰগড়ৰ সবাতোকৈ পুৰণি আবাসস্থলীৰ ভিতৰত ৪৯৫ একৰ (২ বৰ্গ কি:মি:) জুৰি বিস্তৃত হৈ থকা পুৰাতাত্বিক ক্ষেত্ৰখনৰ উত্তৰ-পূব কোণত অৱস্থিত এখন সৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল গাঁৱকে ধৰা হয়। এই গাঁওখন ৭০০০-ৰ পৰা ৫৫০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰৰ। মেহৰগড়ত সমগ্ৰ দক্ষিণ এচিয়াৰ ভিতৰতে প্ৰাচীনতম কৃষি আৰু পশুপালনৰ প্ৰমাণ পোৱা গৈছে।[2][3][4][5] মেহৰগড়ৰ মানৱ সভ্যতাৰ গোটেই সময়ৰেখাডালক খ্ৰীষ্টপূৰ্ব ৭০০০-ৰ পৰা খ্ৰীষ্টপূৰ্ব ২০০০-ৰ উত্তৰকাললৈকে মুঠ আঠোটা ভাগ বা স্তৰত ভগোৱা হৈছে।

জীৱনশৈলী[সম্পাদনা কৰক]

স্থাপত্য আৰু প্ৰযুক্তি[সম্পাদনা কৰক]

মেহৰগড়ৰ প্ৰাথমিক কালছোৱাৰ নিবাসীসকলে তেওঁলোকৰ ঘৰবোৰ মাটিৰে নিৰ্মিত ইটাৰে সাজিছিল। তেওঁলোকে শস্যসমূহ আছুতীয়া ভঁৰালত ৰাখিছিল। বিভিন্নধৰণৰ সা-সঁজুলিত তাম আৰু এছফাল্টৰ ব্যৱহাৰ কৰা হৈছিল। কৃষিজাত শস্যসমূহৰ ভিতৰত বাৰ্লি, একাধিক প্ৰজাতিৰ ঘেঁহু, বগৰীজাতীয় ফল আৰু খেজুৰেই আছিল প্ৰধান। পোহনীয়া জীৱ-জন্তুৰ ভিতৰত ভেড়া, ছাগলী আৰু গৰু-ম’হ উল্লেখযোগ্য। ৫০০০-২৬০০ খ্ৰীষ্টপূৰ্বৰ কালছোৱাত মেহৰগড়ৰ লোকসকলে শিলাকুটি, চামৰা উৎপাদন, পাওৰুটী উৎপাদন আৰু ধাতুশিল্পত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।[6] মেহৰগড়েই সম্ভৱতঃ দক্ষিণ এচিয়াৰ ভিতৰত কৃষিৰ প্ৰাচীনতম কেন্দ্ৰ।[7] মেহৰগড়ত উদ্ধাৰ হোৱা প্ৰায় ৬০০০ বছৰ পুৰণি চকৰীৰ আকৃতিৰ অলংকাৰক সাঁচত ঢলা পদ্ধতি বা ল’ষ্ট-ৱেক্স কাষ্টিংৰ প্ৰাচীনতম উদাহৰণ বুলিব পাৰি। এই অলংকাৰ বিশুদ্ধ তামেৰে তৈয়াৰ কৰা হৈছিল।[8]

সুকুমাৰ কলা[সম্পাদনা কৰক]

৩০০০-২৫০০ খ্ৰীষ্টপূৰ্বৰ মাদাৰ গডেছ বা মাতৃ দেৱীৰ প্ৰতিমা।[9]

মেহৰগড়ত দক্ষিণ এচিয়াৰ ভিতৰতে প্ৰাচীনতম চিৰামিকেৰে নিৰ্মিত মানৱ প্ৰতিমূৰ্তি উদ্ধাৰ কৰা হৈছে। এই মূৰ্তিসমূহ মেহৰগড়ৰ সভ্যতাৰ প্ৰতিটো স্তৰতে, আনকি মাটিৰ পাত্ৰ নিৰ্মাণ কালছোৱাৰো আগৰে পৰা বিদ্যমান আছিল। ইয়াৰে সবাতোকৈ পুৰণি প্ৰতিমাসমূহ সৰল আৰু ইয়াত কোনো সুস্পষ্ট বৈশিষ্ট্য দেখা নাযায়। সময়ৰ লগে লগে এই প্ৰতিমাসমূহৰ নিৰ্মাণশৈলীৰ বিকাশ ঘটে আৰু ৪০০০ খ্ৰীষ্টপূৰ্ব মানলৈ কেশবিন্যাস আৰু সুগঠিত স্তন প্ৰতিমাসমূহৰ বৈশিষ্ট্যপূৰ্ণ সংযোজন হৈ উঠে। এই কালছোৱালৈকে প্ৰতিমূৰ্তিসমূহৰ আটাইবোৰেই আছিল নাৰীৰ। সময়ৰেখা অনুযায়ী ষষ্ঠ স্তৰটোৰ পৰাহে পুৰুষৰ প্ৰতিমাৰ উপস্থিতি লক্ষ্য কৰা হয় আৰু সময় বাগৰাৰ লগে লগে ইয়াৰ সংখ্যাও বৃদ্ধি পায়। শিশুক ধাৰণ কৰি থকা ৰূপত নিৰ্মাণ কৰা বহুসংখ্যক নাৰী প্ৰতিমাক মাতৃ দেৱী বা মাদাৰ গডেছ হিচাপে চিহ্নিত হৈছে। অৱশ্যে কিছুসংখ্যক বিদ্বানে সঠিককৈ মাতৃ দেৱীৰ সৈতে এই প্ৰতিমাসমূহক স্পষ্টকৈ চিনাক্ত কৰিব নোৱাৰা কিছু দোমোজাৰ বাবে এইসমূহক কোনো ধৰ্মীয় মতবাদ সম্পৰ্কত তাৎপৰ্যপূৰ্ণ হ’ব পাৰে বুলিহে মত প্ৰকাশ কৰিছে।[10][11][12]

মেহৰগড়ৰ চিত্ৰাংকিত মৃন্ময় পাত্ৰ, ৩০০০-২৫০০ খ্ৰী:পূ:। [13]

দ্বিতীয় স্তৰৰ পৰাই মৃৎশিল্পৰ যুগ আৰম্ভ হৈছিল। তৃতীয় স্তৰত কুমাৰৰ চাকৰ উদ্ভাৱন হয় আৰু ইয়াৰ পিছতেই অনন্য আৰ্হি আৰু জন্তুৰ আকৃতিৰ সংযোজনে মৃৎশিল্পক এক নতুন মাত্ৰা প্ৰদান কৰে।[14] চতুৰ্থ স্তৰত সৰল নক্সাসমূহ অতিক্ৰম কৰি নাৰীমূৰ্তিৰ লগতে অন্যান্য জটিল অৱয়বৰ আৱিৰ্ভাৱ ঘটে। ষষ্ঠ স্তৰত আঁহত পাতৰ আৰ্হিৰ সাজ-সজ্জা দেখিবলৈ পোৱা যায়।[15] ষষ্ঠ আৰু সপ্তম স্তৰত পোৰা মৃৎশিল্পৰ বিভিন্ন কৃত্ৰিম পদ্ধতি ব্যৱহাৰ কৰা হৈছিল। মেহৰগড়ত মৃৎশিল্পৰ উদ্যোগৰ বাবে সংৰক্ষিত স্থান এটাৰো সন্ধান পোৱা গৈছে। অষ্টম স্তৰত ব্ৰঞ্জ আৰু তামৰ ব্যৱহাৰ তথা অধিক হাৰৰ উৎপাদনে মৃন্ময় পাত্ৰৰ নক্সাসমূহত প্ৰভাৱ বিস্তাৰ কৰিছিল।[16]

মৃতকৰ সমাধি[সম্পাদনা কৰক]

মেহৰগড়ত দুই ধৰণৰ সমাধি পোৱা যায়। প্ৰথমটো হৈছে একক সমাধি য’ত ঠেক মাটিৰ বেৰৰ ভিতৰত এটা দেহ সমাধিস্থ কৰা হয়। একাধিক লোকৰ সমাধিৰ ভিতৰত পূবৰ পৰা পশ্চিমমুৱাকৈ ৰাখি ছজন লোকক সমাধিস্থ কৰা পাতলীয়া মাটিৰ বেৰা পোৱা গৈছে। ডাঙৰ জাৰ বা কলহৰ ভিতৰত শিশুৰ হাড় উদ্ধাৰ হৈছে (১০০০-৩৩০০ খ্ৰীষ্টপূৰ্ব)।[17]

ধাতুৰ ব্যৱহাৰ[সম্পাদনা কৰক]

ধাতুৰ ভিতৰত তামৰ ব্যৱহাৰ হোৱাৰ প্ৰমাণ পোৱা গৈছে। [14][15]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Stone age man used dentist drill". BBC. 6 April 2006. http://news.bbc.co.uk/2/hi/science/nature/4882968.stm। আহৰণ কৰা হৈছে: 31 May 2020. 
  2. Jason Overdorf (November 28, 2012). "Archeologists confirm Indian civilization is 2000 years older than previously believed". The World. http://www.globalpost.com/dispatch/news/regions/asia-pacific/india/121116/indus-civilization-2000-years-old-archaeologists। আহৰণ কৰা হৈছে: 31 May 2020. 
  3. Nivedita Khandekar (2012-11-04). "Indus Valley 2,000 years older than thought". Hindustan Times. http://www.hindustantimes.com/newdelhi/indus-valley-2-000-years-older-than-thought/article1-954601.aspx। আহৰণ কৰা হৈছে: 31 May 2020. 
  4. Jhimli Mukherjee Pandey (May 29, 2016). "Archeologists confirm Indian civilization is 8000 years old". Times of India. http://timesofindia.indiatimes.com/india/Indus-era-8000-years-old-not-5500-ended-because-of-weaker-monsoon/articleshow/52485332.cms। আহৰণ কৰা হৈছে: 31 May 2020. 
  5. Rudraneil Sengupta (2013-01-04). "History What their lives reveal". Livemint. http://www.livemint.com/Leisure/ljfXtPZHUSi5eG8Di1n9YO/History--What-their-lives-reveal.html। আহৰণ কৰা হৈছে: 31 May 2020. 
  6. Possehl, Gregory L. 1996. “Mehrgarh.” Oxford Companion to Archaeology, edited by Brian Fagan. Oxford University Press
  7. Meadow, Richard H. (1996). David R. Harris. ed. The origins and spread of agriculture and pastoralism in Eurasia. Psychology Press. পৃষ্ঠা. 393–. ISBN 978-1-85728-538-3. https://books.google.com/books?id=zkteuesBwpQC&pg=PA393। আহৰণ কৰা হৈছে: 10 September 2011. 
  8. Thoury, M. (2016). "High spatial dynamics-photoluminescence imaging reveals the metallurgy of the earliest lost-wax cast object". Nature Communications খণ্ড 7: 13356. doi:10.1038/ncomms13356. PMID 27843139. 
  9. "MET". https://www.metmuseum.org/art/collection/search/60602. 
  10. Upinder Singh (2008). A History of Ancient and Early Medieval India: From the Stone Age to the 12th Century. পৃষ্ঠা. 130–. ISBN 9788131711200. https://books.google.com/books?id=H3lUIIYxWkEC&pg=PA130। আহৰণ কৰা হৈছে: 10 September 2011. 
  11. Sarah M. Nelson (February 2007). Worlds of gender: the archaeology of women's lives around the globe. Rowman Altamira. পৃষ্ঠা. 77–. ISBN 978-0-7591-1084-7. https://books.google.com/books?id=ab1rF6tznkoC&pg=PA77। আহৰণ কৰা হৈছে: 10 September 2011. 
  12. Sharif, M; Thapar, B. K. (January 1999). "Food-producing Communities in Pakistan and Northern India". History of civilizations of Central Asia. পৃষ্ঠা. 254–256. ISBN 9788120814073. https://books.google.com/books?id=GXzycd3dT9kC&lpg=PP1&pg=PA254#v=onepage&q&f=false। আহৰণ কৰা হৈছে: 7 September 2011. 
  13. "Metropolitan Museum of Art". https://www.metmuseum.org/art/collection/search/72342. 
  14. 14.0 14.1 Sharif, M; Thapar, B. K. (1999). "Food-producing Communities in Pakistan and Northern India". In Vadim Mikhaĭlovich Masson. History of civilizations of Central Asia. Motilal Banarsidass. পৃষ্ঠা. 128–137. ISBN 978-81-208-1407-3. https://books.google.com/books?id=GXzycd3dT9kC&pg=PA128। আহৰণ কৰা হৈছে: 7 September 2011. 
  15. 15.0 15.1 Upinder Singh (1 September 2008). A History of Ancient and Early Medieval India: From the Stone Age to the 12th Century. Pearson Education India. পৃষ্ঠা. 103–105. ISBN 978-81-317-1120-0. https://books.google.com/books?id=H3lUIIYxWkEC&pg=PA103। আহৰণ কৰা হৈছে: 8 September 2011. 
  16. Maisels, Charles Keith. Early Civilizations of the Old World. Routledge. পৃষ্ঠা. 190–193. 
  17. Dibyopama, Astha et al. (2015). "Human Skeletal Remains from Ancient Burial Sites in India: With Special Reference to Harappan Civilization". Korean J Phys Anthropol খণ্ড 28 (1): 1–9. doi:10.11637/kjpa.2015.28.1.1.