মেৰমেৰী লতা
মেৰমেৰী লতা | |
---|---|
![]() | |
মেৰমেৰী লতা | |
![]() | |
অন্ধ্ৰপ্ৰদেশৰ ফুলা মেৰমেৰী লতাৰ ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
উপপৰিয়াল: | Cercidoideae[1] |
গোত্ৰ: | Bauhinieae[2][3] |
গণ: | Phanera |
প্ৰজাতি: | P. vahlii |
বৈজ্ঞানিক নাম | |
Phanera vahlii[4] (Wight & Arn., 1834) Benth. | |
সমাৰ্থক | |
|
মেৰমেৰী লতা (বৈজ্ঞানিক নাম: Bauhinia vahlii; অন্য নাম: নাককাটি লেৱা, কাঞ্চন লতা) অসমত দেখা পোৱা এবিধ লতা জাতীয় বনৰীয়া উদ্ভিদ। এই লতাৰ পাতৰ আকৃতি কাঞ্চন গছৰ পাতৰ সৈতে একেধৰণৰ বাবে কোনো কোনো ঠাইত ইয়াক কাঞ্চন লতা বুলি কোৱা হয়। নামনি অসমত এই উদ্ভিদক নাককাটি লেৱা বুলিও জনা যায়।[5]
বিৱৰণ[সম্পাদনা কৰক]
মেৰমেৰী লতাডাল আকাৰত ডাঙৰ হয়। ইয়াৰ ঠাৰিডালৰ গঠন এনে হয় যে লতাডালৰ ভিতৰফালে থকা আঁহবোৰ পকোৱা-পকি হৈ লতাডালে এটা ভগা-ছিগা ৰূপ লয়। লতাৰ ডালবোৰৰ পৰা ওলাই অহা উপ-ডালবোৰৰ গঠন কেতিয়াবা হাকোটাৰ দৰে হৈ পৰে।
মেৰমেৰী লতাৰ পাতবোৰ আকাৰত ডাঙৰ, ধপলা ধপল। ইয়াৰ ফুলৰ বৰণ বগা বা মাখন বৰণীয়া হয়।[5]
ব্যৱহাৰ[সম্পাদনা কৰক]
মেৰমেৰী লতাৰ পৰা অসমত পঘা বা ৰচি তৈয়াৰ কৰা হয়। ইয়াৰ পাতবিলাক কাঁহী বা থালি হিচাপেও ব্যৱহাৰ কৰা হয়।
চিত্ৰভঁৰাল[সম্পাদনা কৰক]
তথ্যউৎস[সম্পাদনা কৰক]
- ↑ The Legume Phylogeny Working Group (LPWG). (2017). "A new subfamily classification of the Leguminosae based on a taxonomically comprehensive phylogeny". Taxon খণ্ড 66 (1): 44–77. doi:10.12705/661.3. http://www.ingentaconnect.com/contentone/iapt/tax/2017/00000066/00000001/art00004.
- ↑ "The genus Bauhinia s.l. (Leguminosae): A phylogeny based on the plastid trnL–trnF region". Botany খণ্ড 87 (10): 947–960. 2009. doi:10.1139/B09-065.
- ↑ Wunderlin RP (2010). "Reorganization of the Cercideae (Fabaceae: Caesalpinioideae)". Phytoneuron খণ্ড 48: 1–5. http://www.phytoneuron.net/PhytoN-Cercideae.pdf.
- ↑ Sinou, C., Forest, F., Lewis, G. P., Bruneau, A.. (2009). "The genus Bauhinia s.l. (Leguminosae): a phylogeny based on the plastid trnL–trnF region". Botany খণ্ড 87 (10): 947–960. doi:10.1139/B09-065.
- ↑ 5.0 5.1 অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭