মৌ ডিমৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Rosales
পৰিয়াল: Moraceae
গণ: Ficus
প্ৰজাতি: F. auriculata
বৈজ্ঞানিক নাম
Ficus auriculata
Lour.

মৌ ডিমৰু বা আওঠা ডিমৰু (Ficus auriculata) (মিচিং- কুকৱাল-টাকুক্-আছিং; কাৰ্বি-লঠেৰি -আৰং; খআচিয়া- দিয়েং-চহ-লামপিন[1]) এবিধ মজলীয় আকাৰৰ ডিমৰু গছ৷ এই গছজোপা সমগ্ৰ এছিয়া মহেদেশতে পোৱা যায়৷[2] এই গছজোপাৰ বৃদ্ধিৰ বাবে পৰ্য্যাপ্ত পৰিমাণে ৰ'দৰ প্ৰয়োজন হয়৷[3]

বিৱৰণ[সম্পাদনা কৰক]

মৌ ডিমৰুৰ ডালবিলাক গছজোপাৰ চাৰিওফালে ফেৰ মেলি গছজোপাক এখ ছত্ৰাকাৰ ৰূপ দিয়ে৷ ইয়াৰ বাকলিৰ বৰণ মদৰুৱা আৰু উপৰিভাগ খহটা৷ বাকলিৰ ভিতৰভাগ ৰঙচুৱা হয় আৰু তাত বগা বৰণৰ দীঘলীয়ে লম্ব ৰেখা কিছুমান থকা দেখা যায়৷[1]

এই ডিমৰুৰ পাতবোৰেৰ আকৃতি ডাঙৰ৷ পাতৰ দাঁতিত কেতিয়াবা সৰু সৰু খাঁজ কটা দাগৰ উৎপত্তি হয় নাইবা কোনো ক্ষেত্ৰত দাঁতিভাগ সমান হৈয়ে ৰয়৷[1]

প্ৰজনন[সম্পাদনা কৰক]

মৌ ডিমৰুৰ একেজোপা গছে বেলেগে বেলেগে পুংপুষ্প আৰু স্ত্ৰীপুষ্প ধাৰণ কৰে৷ Ceratosolen emarginatus নামৰ পতংগবিধে এই গছৰ প্ৰজননত সহায় কৰে৷[4][5] ফল কোমল আৰু সুস্বাদু হয়৷

ব্যৱহাৰ[সম্পাদনা কৰক]

মৌ ডিমৰুৰ ফলে পেটৰ নানা উপসৰ্গ যেনে বদহজমী, কৌষ্ঠকাঠিন্য আদি নিৰাময়ত সহায় কৰে বুলি জনা যায়৷ [6]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
  2. "29. Ficus auriculata". Flora of China. http://www.efloras.org/florataxon.aspx?flora_id=2&taxon_id=200006348. 
  3. "Ficus auriculata". ForestryNepal. Archived from the original on 2014-02-22. https://web.archive.org/web/20140222053848/http://www.forestrynepal.org/resources/trees/ficus-auriculata। আহৰণ কৰা হৈছে: 2014-02-24. 
  4. LI Zong-Bo; YANG Pei; PENG Yan-Qiong; YANG Da-Rong (2012). "Distribution and ultramorphology of antennal sensilla in female Ceratosolen emarginatus Mayr (Hymenoptera: Agaonidae), a specific pollinator of Ficus auriculata". Acta Entomologica Sinica খণ্ড 55 (11): 1272-1281. http://www.insect.org.cn/EN/Y2012/V55/I11/1272. 
  5. "Ficus auriculata Loureiro, 1790". Iziko Museums of South AfricaFigweb. 2018. http://www.figweb.org/Ficus/Subgenus_Sycomorus/Section_Sycomorus/Subsection_Neomorphe/Ficus_auriculata.htm. 
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; yoshitaka নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৱিকিমিডিয়া কমন্সত মৌ ডিমৰু সম্পৰ্কীয় মিডিয়া ফাইল।