সমললৈ যাওক

মৰণা মৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৰণা মৰা দৃশ্য

মৰণা মৰা হৈছে শস্যৰ পৰা বীজ পৃথকীকৰণৰ এক প্ৰক্ৰিয়া। কৃষিজীৱি মানুহে পথাৰৰ পৰা শস্য কাটি আনি বিভিন্ন উপায়েৰে শস্যৰ গা-গছৰ পৰা গুটি বাহিৰ কৰি ভঁৰালত থয়। অসম কৃষিপ্ৰধান ৰাজ্য। শস্যৰ গুটি বা ফচল চপোৱাৰ শেষ কামটোক ইয়াত ’মৰণা মৰা’ বুলি কোৱা হয় অৰ্থাৎ মৰণা মাৰি শস্যৰ গা-গছৰ পৰা গুটি বা ফচল নিলগাই উলিওৱা হয়। বিশেষকৈ ধান, মাহ, সৰিয়হ আদিৰ শস্যৰ মৰণা মৰা হয়। মৰণা মৰাটো কৃষকৰ বাবে বৰ সুখকৰ কাৰ্য। সেয়ে, এই কাৰ্যৰ লগত নানা আনন্দ-উলাহ প্ৰদৰ্শন কৰা হয়। অসমৰ কিছুমান জনগোষ্ঠীয় মানুৰ মাজত মৰণাক কেন্দ্ৰ কৰি কিছুমান নৃত্য-গীতৰো প্ৰচলন আছে। তিৱাসকলৰ মৰণা মৰা নৃত্য, ডিমাছাসকলৰ মাইনাওবাণী নৃত্য তেনেধৰণৰ আনন্দ প্ৰকাশক নৃত্য।[1] মৰণা মৰা কাৰ্যৰে শস্য চপোৱা হয়। কঠিয়াৰ ধান গৰুৰে মৰণা মৰা নহয়৷ কঠিয়াৰ ধান বাচি নিলগাই ৰাখি তাক ভৰিৰে গছকিহে সৰুৱাব লাগে৷ এই ধানত গৰু-ছাগলীয়ে মুখ লগাব নাপায়৷ কঠিয়াৰ ধান সৰুৱাই চালনী নলগাই কেৱল কুলাৰেহে জাৰি চফা কৰাটো নিয়ম৷[2] অসমৰ কিছুমান জনগোষ্ঠীয়ে এই কাৰ্য বিভিন্ন ধৰণেৰে কৰে। গাৰোসকলে শস্যৰ গছ নকটাকৈ ধান আদি শীহ হাতেৰে চুঁচি হোৰাত সংগ্ৰহ কৰে। কাৰবিসকলে গছিধান এঠাইত দম কৰি ভৰিৰে খচি শস্য বাহিৰ কৰে। তিৱাসকলে মাৰিৰে কোবাই আৰু ভৰিৰে খচি, এই দুইধৰণে শস্য চপায়। [3]

মৰণা মাৰোঁতে কিছুমান বিশেষ সমল বা উপাদানৰ প্ৰয়োজন হয়। ধানৰ ডাঙৰি, বেঁতৰ মোখোৰা, জবকা, ৰইনা, কোৰোণা, পাঁচি, বাঢ়নী, বৰচালনী[1] আৰু গৰু মৰণা মাৰোঁতে ব্যৱহাৰ কৰা হয়।

প্ৰক্ৰিয়া

[সম্পাদনা কৰক]
মৰণা মৰা সময়ত ধান নাখাবলৈ গৰুৰ মুখত বান্ধি দিয়া মোখোৰা।

মৰণা মাৰিবলৈ কাটি অনা গছিধানৰ ডাঙৰিবোৰ পৰিষ্কাৰ চোতালত বিশেষ কৌশলেৰে কেন্দ্ৰৰ পৰা আৱৰ্ত ৰেখাত ঘূৰণীয়াকৈ মেলি দিয়া হয়। ধানৰ পৰিমাণ অনুসৰি গৰুবোৰ এটা মেৰুত কেন্দ্ৰ কৰি যুটি লোৱা হয়। মেৰুত লোৱা গৰুটো লেহেম প্ৰকৃতিৰ হ’ব লাগে। মেৰুত লোৱা গৰুটোৰ অঞ্চলভেদে নাম বেলেগ হয়। মেৰণি, মিৰি, পাক-পাক ঘূৰা, মিয়া, মিৰু বা নিৰু আদি নামেৰে কেন্দ্ৰত ঘূৰা গৰুটোক জনা যায়। গৰুবোৰ ধানৰ ওপৰেৰে ঘূৰাই থকা হয়। এজন লোকে গৰুবোৰ ঘূৰাই থাকে। মৰণাকালত ধান নাখাবলৈ গৰুৰ মুখত মোখোৰা বান্ধি দিয়া হয়। কেইপাকমান ঘূৰাৰ পিছত মৰণাৰ ওপৰভাগৰ ধান সৰিলে ওখনিৰে তল-ওপৰ কৰি তলৰ ধান ওপৰ কৰি দিয়া হয়। এনে কৰোঁতে গৰু ঘূৰিও থাকিব পাৰে বা গৰুক জিৰণি দিবলৈ মৰণাৰ পৰা নমায়ো থব পাৰি। এনেদৰে চাৰি পাঁচবাৰমান ওখোনিয়াই দিলেই ধান সৰে আৰু গৰুক মৰণাৰ ওপৰৰ পৰা নমাই দিয়া হয়।[3] গৰু নমাই দিয়াৰ পিছত ওখনি আৰু জবকাৰ সহায়ত খেৰবোৰ আঁতৰ কৰি ৰইনা আৰু কোৰোণাৰে চপাই দম কৰা হয়। সিঁচৰতি হৈ থকা ধানবোৰ বাঢ়নীৰে সাৰি চপোৱা হয়। তাৰ পিছত বৰচালনীৰে বা দি ধানৰ ওপৰত থকা সৰু আৱৰ্জনাবোৰ গুচাই ধান ৰ’দত শুকাবলৈ মেলি দিয়া হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 গগৈ, চাও লোকেশ্বৰ (২০০৯). অসমৰ লোক সংস্কৃতি. চাও দেৱজিৎ বৰুৱা, নাং বন্দনা বৰুৱা. পৃষ্ঠা. ২০৬, ৪০১. 
  2. বৰা, ড° ভদ্ৰ কান্ত (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃষ্ঠা. ৫০. ISBN 978-81-928310-0-8. 
  3. 3.0 3.1 হাকাচাম, উপেন ৰাভা (জানুৱাৰী ২০০৬). "মৰণা মৰা প্ৰথাৰ আঁতি-গুৰি বিচাৰি". প্ৰান্তিক: ১১.