যখিনী (চুটি ছবি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

যখিনী (ইংৰাজী: Jokhini) অসমীয়া ভাষাৰ এখন চুটি ছবি। ইয়াত বিংশ শতিকাৰ এগৰাকী গৰ্ভৱতী মহিলা আৰু অসমীয়া লোক-কথাত জনপ্ৰিয় যখিনী নামৰ এগৰাকী দানৱসদৃশ জীৱৰ সৈতে তেওঁৰ মুখামুখি হোৱাকে দূশ্যায়ন কৰা হৈছে।[1][2][3]

যখিনী
Jokhini
পৰিচালক চিন্ময় বাৰ্মা
কাহিনী চিন্ময় বাৰ্মা
প্ৰযোজক প্ৰীতিষা বৰুৱা
স্বপ্ননীল বৰুৱা
অভিনয়ত বেদব্ৰত বৰুৱা
জ্যোতিশ্ৰী আৰ ইউ বৈশ্য
দিক্ষিতা ৰাজবংশী
দৈৰ্ঘ্য
৪৫ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

পটভূমি[সম্পাদনা কৰক]

প্ৰেমিক মহাৰ্ণৱৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ২৭ বছৰীয়া মলয়া কাহিনীটোৰ মূল চৰিত্ৰ। তাই গৰ্ভৱতী তথা সিহঁতৰ প্ৰথম সন্তানক জন্ম দিবলৈ ওলাইছে। গৰ্ভাৱস্থাৰ সমগ্ৰ যাত্ৰাত তাইক প্ৰায়ে নিসংগতাৰ ওৰণিখনত থাকিবলৈ দিয়া হয়। আৰু, সেই সময়তে তাই প্ৰায়ে বিৰক্তিকৰ চিন্তা আৰু ভ্ৰমৰ সন্মুখীন হয়।[1][4]

দুটা কিংবদন্তি যখিনী আৰু দানৱৰ মাজত যুগ যুগ ধৰি চলি অহা শত্ৰুতা পৰবৰ্তী সময়ত পোহৰলৈ আহে আৰু তাৰ পিছত হোৱা অলৌকিক প্ৰতিক্ৰিয়াসমূহ দেখুওৱা হৈছে।[5][6]

কলা-কুশলী[সম্পাদনা কৰক]

  • বেদব্ৰত বৰা - মহাৰ্ণৱ
  • জ্যোতিশ্ৰী আৰ ইউ বৈশ্য - মলয়া
  • দীক্ষিতা ৰাজবংশী
  • পপি কলিতা
  • হেমা কুমাৰী কলিতা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]