লুটৱিস ফান বিটহ'ফন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লুডৱিগ ৱান বিটহ'ৱেন
Portrait by Joseph Karl Stieler, 1820
Portrait by Joseph Karl Stieler, 1820
জন্ম Bonn, Electorate of Cologne
মৃত্যু ২৬ মাৰ্চ, ১৮২৭ (aged 56)
Vienna, Austrian Empire
পেচা Composer and pianist
স্বাক্ষৰ
signature written in ink in a flowing script


লুডৱিগ ভেন বীথোভেন (জাৰ্মান: [ˈluːtvɪç fan ˈbeːtˌhoˑfn̩] ( শুনক), উচ্চাৰণ: লুটৱিস ফান বিটহ'ফন, ১৭ ডিচেম্বৰ ১৭৭০ত বাপ্টাইজড[1]-২৬ মাৰ্চ ১৮২৭) এগৰাকী জাৰ্মান সুৰকাৰ। পাশ্চাত্য সংগীতৰ শাস্ত্ৰীয় যুগৰ পৰা ৰোমাণ্টিক যুগলৈ পৰিৱৰ্তনৰ কালচোৱাৰ এইগৰাকী সুৰকাৰ বিশ্বৰ অতিকৈ বিখ্যাত আৰু প্ৰভাৱশালী সংগীতজ্ঞৰ অন্যতম। ৯টা চিম্ফণি, ৫টা পিয়ান' কন্সাৰ্ট', ১টা ৱায়'লিন কন্সাৰ্ট', ৩২টা পিয়ান' চ'নাটা, ১৬টা ষ্ট্ৰিং কোৱাৰ্টেট আৰু তেখেতৰ বিখ্যাত মাছ মিছা চ'লেম্নিছ আৰু ফেডেলিঅ' অ'পেৰা তেওঁৰ আটাইতকৈ জনপ্ৰিয় সুৰৰ অন্যতম।

জীৱন[সম্পাদনা কৰক]

বিটহ'ফনৰ জন্মস্থান

বিটহ'ফন ' ডাচি অৱ ব্ৰাবাণ্ট 'ৰ সংগীতজ্ঞ লুটৱিস ফান বিটহ'ফনৰ পৌত্ৰ। ককাক লুটৱিস পাছলৈ বন নামৰ ঠাইলৈ গ'ল।[2] বনতে বিটহ'ফনৰ জন্ম হ'ল। য'দিও লুটৱিসৰ জন্মৰ তৰিখৰ কোনো অনুষ্ঠানিক প্ৰমাণ নাই, এই কথা জনা যায় যে তেওঁক ১৭ ডিচেম্বৰ ১৭৭০ত বাপ্টাইজ কৰা হৈছিল। আৰু যিহেতু সেই সময়ত জন্মৰ পাছদিনাই শিশুক বাপ্টাইজ কৰা হৈছিল, তেওঁৰ গুৰুৱে তেওঁৰ জন্মদিন ১৬ ডিচেম্বৰত পালন কৰিছিল।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Beethoven was baptised on 17 December. His date of birth was often given as 16 December and his family and associates celebrated his birthday on that date, and most scholars accept that he was born on 16 December; however there is no documentary record of his birth.
  2. Grove Online, section 1
  3. Thayer 1921, p. 53.