লুট্‌ফা হানুম ছেলিমা বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লুৎফা হানুম চেলিমা বেগমৰ পৰা পুনঃনিৰ্দেশিত)
লুট্‌ফা হানুম ছেলিমা বেগম
জন্ম ১৯৬২
নকাৰী, লখিমপুৰ, অসম
পেচা অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয় (স্নাতকোত্তৰ, অসমীয়া বিভাগ, ১৯৮৩)
বিষয়
  • কবি
  • সমালোচক
পিতৃ-মাতৃ জালালউদ্দিন আহমেদ (পিতৃ)
নুৰনাহাৰ বেগম (মাতৃ)

লুট্‌ফা হানুম ছেলিমা বেগম একাধাৰে কবি, সমালোচক, অধ্যাপক। তেওঁৰ বহুকেইখন গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ হোৱাৰ সমান্তৰালভাৱে লগত তেওঁৰ সাহিত্যৰাজি ইংৰাজী, হিন্দী, কন্নড়, নেপালী আদি ভাষালৈকো অনুবাদ হৈছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষা আৰু সাহিত্য উভয় শাখাতে স্নাতকোত্তৰ। গুৱাহাটী বিশ্ববিদ্যলয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা লুট্‌ফা হানুম ছেলিমা বেগম বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক।[1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৯৬২ চনত। উত্তৰ লখিমপুৰ চহৰত। পিতৃৰ নাম জালালউদ্দিন আহমেদ, মাতৃৰ নাম নুৰনাহাৰ বেগম।

শিক্ষা[সম্পাদনা কৰক]

  • স্কুলীয়া: চুতীয়াকাৰী নিম্ন বুনিয়াদী বিদ্যালয় (১৯৬৯), নকাৰী হাইস্কুল, উজানবজাৰ ছোৱালী এম-ই স্কুল, লখিমপুৰ বালিকা উচ্চ বিদ্যালয় (১৯৭৬)
  • কলেজ: সন্দিকৈ ছোৱালী মহাবিদ্যালয় (প্ৰাক্‌- বিশ্ববিদ্যালয় আৰু স্নাতক) (১৯৮১)
  • স্নাতকোত্তৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰপৰা ভাষা শাখাত (১৯৮৩) আৰু সাহিত্য শাখাত (১৯৮৭) দুবাৰকৈ ডিগ্ৰী লাভ।
  • ডক্টৰেট: গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা, ২০১৮
  • চৰকাৰী আইন মহাবিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ, ১৯৮৪-১৯৮৬
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ শিক্ষা গ্ৰহণ, ১৯৮৭

বৃত্তি[সম্পাদনা কৰক]

  • চেণ্টিনেল গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত ' সাদিনীয়া প্ৰহৰী' কাকতত সাংবাদিক ৰূপে কৰ্মৰত (১৯৮৬-১৯৮৭)
  • ডিফু চৰকাৰী মহাবিদ্যালয় প্ৰবক্তা ৰূপে কৰ্মৰত (১৯৯১-২০০০)
  • কটন কলেজত অধ্যাপনা (বৰ্তমানৰ কটন বিশ্ববিদ্যালয়) (২০০০-বৰ্তমানলৈকে)

বঁটা[সম্পাদনা কৰক]

প্ৰকাশিত সাহিত্য[সম্পাদনা কৰক]

কাব্যগ্ৰন্থ[সম্পাদনা কৰক]

  • অথন্তৰ ঘটিছে (যুটীয়া ভাৱে), ১৯৮৫
  • সেউজীয়া বাট এটা বিচাৰিছে সেউজীয়াবোৰে, ১৯৯৩
  • হে বিৰ্‌কমাই, বুকু ফালি চোৱাঁহি মোৰ, ২০০৩
  • উৰণীয়া বাগিচাত তৰাৰ চৰাই, ২০০৮
  • অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল, ২০১১
  • বিষাদ জলতৰংগ (স্বনিৰ্বাচিত কবিতা), ২০১৫

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 লক্ষ্মীনন্দন বৰা (২০০৭). আশীৰ পৰৱৰ্তী অসমীয়া কবিতা. ট্ৰিবিউন গোষ্ঠী. পৃষ্ঠা. ৩৪.