সমললৈ যাওক

লেহেতি শাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লেহেতি শাক
Gooseweed
পুষ্পবৃন্তৰ সৈতে লেহেতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophyta
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
বৰ্গ: Solanales
পৰিয়াল: Sphenocleaceae
গণ: Sphenoclea
প্ৰজাতি: Sphenoclea zeylanica
সমাৰ্থক
  • পানী লেহেতি
  • কাচনি

লেহেতি বা লেহেতি শাক ((ইংৰাজী: Gooseweed)[1], বৈজ্ঞানিক নাম: Sphenoclea zeylanica) জেকা বা বোকাময় ঠাইত গজা এবিধ তৃণজাতীয় উদ্ভিদ। লেহেতিকে ধৰি Sphenoclea গণত মূলতঃ দুবিধ প্ৰজাতি আছে।[2] বছৰি হোৱা এই উদ্ভিদবিধ ঘাইকৈ গ্ৰীষ্মপ্ৰধান অঞ্চলসমূহত দেখা যায়। দক্ষিণ তথা দক্ষিণ-পূব এচিয়াৰ বাংলাদেশ, কম্বোডিয়া, ভাৰত, ইণ্ডোনেচিয়া, লাওছ, মালয়েচিয়া, ম্যানমাৰ, নেপাল, পাকিস্তান, ফিলিপাইনছ, শ্ৰীলংকা, থাইলেণ্ড আৰু ভিয়েটনাম আদিৰ লগতে বলিভিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইৰাণ, মাদাগাস্কাৰ, নাইজেৰিয়া, টাঞ্জানিয়া, পেৰু আদি দেশত প্ৰাকৃতিকভাৱে লেহেতি গজে। বাৰিষা কালত অসমৰ পথাৰ, কঁ‌ঠিয়াতলী আদিত লেহেতি প্ৰচুৰ পৰিমাণে দেখা যায়।[3][4] ইয়াক অসমৰ অঞ্চলভেদে তেলমৌ বা দুদলি বুলিও কোৱা হয়। মিচিং ভাষাত ইয়াৰ নাম আৰৌগ অয়িং।

লেহেতিৰ ভিতৰভাগ ফোঁপোলা আৰু ই ৭-১৫০ ছেমিলৈকে ওখ হ'ব পাৰে। ইয়াৰ মূল গা-গছডাল পোন আৰু ই বহুকেইটা শাখাত বিভক্ত। ইয়াৰ শিপাসমূহ শুকুলা ৰঙৰ আৰু গুচ্ছ আকৃতিৰ। লেহেতিৰ পাত নিমজ, দীঘলীয়া আৰু মূৰ অংশ জোঙা। ই দীঘলে প্ৰায় ০.৭৫-৭.৫ ছেমি আৰু বহলে প্ৰায় ০.৫-১.৫ ছেমি। মূল গা-গছ আৰু শাখাসমূহৰ মূৰত থকা পুষ্পবৃন্তসমূহৰ আকৃতি গোমধানৰ দৰে আৰু ই প্ৰায় ৭.৫ ছেমি পৰ্যন্ত দীঘল হয়। বৃন্ত অংশত থোপাথোপিকৈ ফুলা ফুলৰ ৰঙ বগা বা ইষৎ সেউজীয়া। লেহেতিৰ গুটিসমূহ ইষৎ হালধীয়া-মটিয়া বৰণৰ।[3]

ব্যৱহাৰ

[সম্পাদনা কৰক]

ভাৰত, ইণ্ডোনেচিয়া আদি বিভিন্ন ঠাইত লেহেতিৰ কুমলীয়া গা-গছ আৰু আগ অংশ খাদ্য হিচাপে গ্ৰহণ কৰা হয়।[3] অসমতো লেহেতিক শাক হিচাপে ভাজি বা মঙহ আদিৰ লগত ৰান্ধি খোৱা হয়।

অপকাৰিতা

[সম্পাদনা কৰক]

লেহেতিক কৃষিক্ষেত্ৰৰ অপতৃণ হিচাপে গণ্য কৰা হয় আৰু ই শস্যৰ উৎপাদন ২৫-৫০% কমাই দিব পাৰে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Gooseweed". Krishi Mala. http://krishimala.com/catalogue/gooseweed আহৰণ কৰা হৈছে: August 16, 2020.
  2. Christenhusz, M. J. M.; Byng, J. W. (2016). "The number of known plants species in the world and its annual increase". Phytotaxa (Magnolia Press) খণ্ড 261 (3): 201–217. doi:10.11646/phytotaxa.261.3.1. http://biotaxa.org/Phytotaxa/article/download/phytotaxa.261.3.1/20598.
  3. 1 2 3 "Sphenoclea zeylanica (wedgewort)". CABI, Invasive Species Compendium. https://www.cabi.org/isc/datasheet/51031 আহৰণ কৰা হৈছে: August 16, 2020.
  4. 1 2 "Sphenoclea zeylanica". Rice Knowledge Bank. Archived from the original on June 24, 2023. https://web.archive.org/web/20230624025551/http://www.knowledgebank.irri.org/training/fact-sheets/item/sphenoclea-zeylanica আহৰণ কৰা হৈছে: August 16, 2020.