লোকবিশ্বাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

লোকবিশ্বাসসমূহ লোকসংস্কৃতিৰ এটা প্ৰধান অংগ। লোকবিশ্বাস হৈছে পৰম্পৰাগতভাৱে প্ৰচলিত কিছুমান আচাৰ-আচৰণ আৰু ধ্যান-ধাৰণা। সমাজত মানুহৰ বিভিন্ন কৰ্মৰ সৈতে জড়িত শুভ-অশুভ ধাৰণাবোৰেই লোকবিশ্বাস।[1]

অসমৰ লোকবিশ্বাস[সম্পাদনা কৰক]

অসমত প্ৰচলিত লোকবিশ্বাসবোৰক বিভিন্ন ধৰণে ভাগ কৰি দেখুৱাব পাৰি[2], যেনে-

  • ধৰ্মীয় লোকবিশ্বাস
  • জন্তু সম্পৰ্কীয় লোকবিশ্বাস
  • চৰাই-চিৰিকটি বিষয়ক লোকবিশ্বাস
  • গছ-গছনি,লতা-লতিকা, ফুল-ফল কেন্দ্ৰিক লোকবিশ্বাস
  • অলৌকিক বা স্বৰ্গীয় বস্তু সম্পৰ্কীয় লোকবিশ্বাস
  • মানৱ শৰীৰ আৰু আচৰণৰ লগত জড়িত লোকবিশ্বাস
  • মাহ-বাৰ তিথি-দিশ সম্পৰ্কীয় লোকবিশ্বাস
  • যাত্ৰা সম্পৰ্কীয় লোকবিশ্বাস
  • খাদ্য সম্পৰ্কীয় লোকবিশ্বাস
  • বিবিধ বা মিশ্ৰিত লোকবিশ্বাস

ধৰ্মীয় লোকবিশ্বাস[সম্পাদনা কৰক]

অসমৰ লোকসকলৰ মাজত ধৰ্ম সম্পৰ্কীয় বহুতো লোকবিশ্বাস আছে। সমাজত কৰ্মৰ বিভাজন,পাপ-পুণ্যৰ বিচাৰ, জীৱাত্মা-পৰমাত্মাৰ বিচাৰ, ইহলোক-পৰলোক সম্পৰ্কীয় বিচাৰ আদি বিশ্বাসৰ আধাৰতে লোকবিশ্বাস। হিন্দুধৰ্মীসকলৰ ভগৱান,ইছলামৰ আল্লা,বড়োৰ বাথৌ,মিচিঙৰ দঞি:পল আদি দেৱতাৰ সৃষ্টিৰ মূল হৈছে এই ধৰ্মীয় লোকবিশ্বাস।

জন্তু সম্পৰ্কীয় লোকবিশ্বাস[সম্পাদনা কৰক]

অসমত জীৱ-জন্তু সম্পৰ্কীয় বহুতো লোকবিশ্বাস প্ৰচলিত আছে। পশুৰ ভিতৰত বান্দৰ পূজা বহু সম্প্ৰদায়ে কৰে। বান্দৰ বধ কৰা পাপ বুলি বহুতৰে বিশ্বাস। ক'লা মেকুৰীক ভূত-প্ৰেত বুলি ভবা হয়। মেকুৰীয়ে যাত্ৰাকালত বাট কাটিলে অমংগল বুলি ভবা হয়। তেনেদৰে যাত্ৰাকালত হাতী দেখা মংগলজনক বুলি ভবা হয়। শিয়ালক ধূৰ্ত বুলি ভবা হয়।

চৰাই-চিৰিকটি বিষয়ক লোকবিশ্বাস[সম্পাদনা কৰক]

অসমৰ জনমানসত ফেঁচা,হুদু,কপৌ, কাউৰী,ম'ৰা আদি বহুতো চৰাই সম্পৰ্কীয় লোকবিশ্বাস প্ৰচলিত আছে। ফেঁচাই নিউ নিউকৈ চিঞৰিলে কোনো লোকৰ মৃত্যু হয় বুলি বিশ্বাস আছে। তেনেদৰে কাউৰীয়ে ৰমলিয়ালে আলহী আহে বুলি আৰু কৰ্কশ মাতেৰে চিঞৰিলে কোনো দুসংবাদ পায় বুলি বিশ্বাস আছে। কুকুৰা যুঁজিলে আলহী আহে বুলি ভবা হয়। ম'ৰা চৰাইৰ পাখিৰ সৌন্দৰ্য আৰু কৃষ্ণই মূৰত পিন্ধা বাবে বহুতে ঘৰৰ মূধত ম'ৰা চৰাই সাজি লয়।

গছ-গছনি,লতা-লতিকা, ফুল-ফল কেন্দ্ৰিক লোকবিশ্বাস[সম্পাদনা কৰক]

গছ-গছনিৰ ভিতৰত আঁহত,বেল,সিজু,বৰগছ,জৰীগছ আদিক লৈ বিভিন্ন লোকবিশ্বাস প্ৰচলিত আছে। নিমগছ ঔষধি গুণ সম্পন্ন। বাঁহগছত ভূত থাকে বুলি বিশ্বাস আছে। শনিবাৰ,মংগলবাৰে, অমাৱস্যা তিথিত বাঁহ কাটিব নাপায় বুলি বিশ্বাস আছে। ৰঙা- বগা ৰঙৰ ফুল পূজাত লাগে বুলি বিশ্বাস আছে। মাঘ বিহুত সৰহকৈ ফল লাগিবলৈ ফল-মূলৰ গছত খেৰেৰে বন্ধা হয়।

অলৌকিক বা স্বৰ্গীয় বস্তু সম্পৰ্কীয় লোকবিশ্বাস[সম্পাদনা কৰক]

আঁহত,বেল,সিজু,বৰগছ,জৰীগছ আদিত দেৱতা থকা বুলি ভবা হয়।

মানৱ শৰীৰ আৰু আচৰণ সম্পৰ্কীয় লোকবিশ্বাস[সম্পাদনা কৰক]

পুৰুষৰ বাওচকু আৰু বাও বাহু আনহাতে নাৰীৰ সোঁ চকু আৰু সোঁ বাহু লৰিলে বেয়া বুলি বিশ্বাস আছে। গাত তুলসীৰ চিহ্ন থাকিলে ভাল বুলি বিশ্বাস আছে।

দিন-বাৰ-মাহ-তিথি-দিশ সম্পৰ্কীয় লোকবিশ্বাস[সম্পাদনা কৰক]

শনিবাৰ,মংগলবাৰে শুভ কৰ্ম কৰিব নাপায় বুলি বিশ্বাস আছে। চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণৰ সময়ত বাহিৰ ওলাব নাপায় বুলি বিশ্বাস আছে। লালুংসকলে আৰু মিচিংসকলে বুধবাৰটোক শুভ বুলি বিশ্বাস কৰে।

যাত্ৰা সম্পৰ্কীয় লোকবিশ্বাস[সম্পাদনা কৰক]

যাত্ৰাৰ সময়ত খালী কলহ দেখা, মাকৰ বাহিৰে অন্যলোকে পিছফালৰ পৰা মতা বেয়া অশুভ বুলি বিশ্বাস কৰা হয়। যাত্ৰাকালত মেকুৰীয়ে বাট কাটিলে অশুভ বুলি বিশ্বাস কৰা হয়।

খাদ্য সম্পৰ্কীয় লোকবিশ্বাস[সম্পাদনা কৰক]

মাঘত জল, পুহত কল খালে গাত বল হয় বুলি বিশ্বাস আছে। শনিবাৰ,মংগলবাৰে তিতা খাব নাপায়, অমাৱস্যা, পূৰ্ণিমা, একাদশী তিথিত মাছ-মাংস খাব নাপায় বুলি বিশ্বাস আছে।

বিবিধ বা মিশ্ৰিত লোকবিশ্বাস[সম্পাদনা কৰক]

এই শ্ৰেণী লোকবিশ্বাসত বিভিন্ন লোকবিশ্বাস যেনে, তন্ত্ৰ-মন্ত্ৰ সম্পৰ্কীয়, পৰলোক সম্পৰ্কীয়, গৃহনিৰ্মাণ সম্পৰ্কীয়,জলপূজা সম্পৰ্কীয় আদি লোকবিশ্বাসক ধৰিব পাৰি। ৰাতি সাপৰ নাম ল'ব নাপায়, 'দীঘল' বুলি ক'ব লাগে, ৰাতি হালধিক 'ৰং' বুলি ক'ব লাগে-এনেধৰণৰ বিভিন্ন ধৰণৰ লোকবিশ্বাস অসমৰ লোকসকলৰ মাজত দেখা যায়।

সংকেত লোকবিশ্বাস আৰু যাদু লোকবিশ্বাস[সম্পাদনা কৰক]

একক পৰাকৰণ বা চৰ্ত আৰু পৰিণতিৰ সংমিশ্ৰণত সৃষ্টি হয় সংকেত লোকবিশ্বাসৰ। এই জাতীয় লোকবিশ্বাসে ভবিষ্যদ্বাণীৰূপে প্ৰকাৰ্য্য সাধন কৰে। যিবোৰ সংকেত অন্ধবিশ্বাস মানৱৰ বিভিন্ন কাৰ্যাৱলীৰ পৰা জন্ম হৈছে--সেইবোৰ সম্পূৰ্ণ ভাৱে আকস্মিক নাইবা সমপাতনিক আৰু যিবোৰ মানৱীয় কাৰ্য্যাৱলীৰ পৰা জন্ম হোৱা নাই সেইবোৰৰ প্ৰধান নিৰ্দেশক হৈছে স্বৰ্গীয় বা দৈবিক জীৱ-জন্তু আৰু গছ-গছনি আদি। সংকেত লোকবিশ্বাসৰ এটা প্ৰধান বিশেষত্ব হৈছে- সংকেত বা চিহ্নবোৰ দেখাত অপৰিহাৰ্য যদিও প্ৰকাৰ্যৰ ক্ষেত্ৰত প্ৰায় সেইবোৰৰ অনুবৰ্তী পৰিণাম পৰিহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে চন্দ্ৰ বলয়ে বৰষুণৰ ভৱিষ্যতবাণী কৰে বা ভূমিকম্পই অনতিপলমে বৰষুণ হোৱাৰ ইংগিত দিয়ে। ইয়াত চন্দ্ৰবলয় আৰু ভূমিকম্প চিহ্ন বা উপকাৰণ আৰু বৰষুণ হোৱাৰ ইংগিত প্ৰত্যেকটো চিহ্নৰ অনুবৰ্তী পৰিণাম। দ্বিতীয়তে, চন্দ্ৰ বলয় বা ভূমিকম্প কোনোৱে পৰিহাৰ কৰিব নোৱাৰে। পাকেটৰ মতে ভৱিষ্যতবাণী সম্পৰ্কীয় চিহ্নবোৰক আকস্মিক সম্পৰ্কযুক্ত লোকবিশ্বাস বুলিবও পাৰি। স্বৰূপাৰ্থত পাকেটৰ এই অনুমান গ্ৰহণ কৰিব নোৱাৰি - এই কাৰণেই যে, চৰ্ত বা উপকাৰণৰ লগত পৰিণামৰ সম্পৰ্ক আকস্মিক হ'ব নোৱাৰে। যেনে চন্দ্ৰ বলয়ে দেখা দিয়া মানেই বৰষুণ দিয়া নহয়, বৰষুণ হ'ব বুলি ইংগিতহে কৰে। তেনেদৰে ভূমিকম্প হোৱা মানেই বৰষুণ দিয়া বুলি ক'ব নোৱাৰি, বৰষুণ হোৱাৰ আগজাননীহে দিয়ে। পূৰ্ববৰ্তীতা আৰু আকস্মিকতাৰ মাজত পাৰ্থক্য বিদ্যমান। কেৱল পূৰ্বিতাই আকস্মিকতা নহয়। চিহ্ন বা সংকেতেই প্ৰয়োজনীয় নিমিত্তকৰণ হ'ব নোৱাৰে; কাৰণ মাত্ৰ এটা পৰিণাম বিশিষ্ট একাধিক সংকেত লোকবিশ্বাসৰ প্ৰচলনো পৰিলক্ষিত নোহোৱাকৈ নাথাকে। বৰষুণ হোৱাটো যিহেতু অনিবাৰ্য চৰ্ত গতিকে বৰষুণ হ'বৰ বাবে কোনো ধৰণৰ সংকেত বা চিহ্নৰ প্ৰয়োজন নাই। চন্দ্ৰ বলয়ে দেখা নিদিলেও অথবা ভূমিকম্প নহ'লেও বৰষুণ হ'ব পাৰে। দিনত চন্দ্ৰ বলয় দেখা নাযায়, গতিকে দিনৰ প্ৰসংগত অন্য চিহ্নৰ অৱতাৰণা কৰা স্বাভাৱিক। দিনত গাতৰ পৰা কেঁচু ওলালেও বৰষুণ হয় আনকি পৰুৱা আদি গাতৰ পৰা ওলোৱা কাৰ্যইও বৰষুণৰ সংকেত দিয়ে। আন যিকিনহওক, সংকেত বা চিহ্নই স্থিৰ নিৰ্দেশকৰ ভূমিকা সম্পাদন কৰে।

পাকেট-এ উল্লেখ কৰা সুনিৰ্দিষ্ট আৰু অনিৰ্দিষ্ট নিয়ন্ত্ৰিত চিহ্নক মেজিক বা যাদু লোকবিশ্বাস বুলিব পাৰি। মেজিক লোকবিশ্বাস প্ৰায়েই বহু চৰ্ত বা উপকাৰণ বিশিষ্ট আৰু এই শ্ৰেণীৰ লোকবিশ্বাসে ভবিষ্যতবাণী কৰাৰ বিপৰীতে বিহিতীকৰণৰ ব্যৱস্থাহে কৰে। সংকেত লোকবিশ্বাসৰ তুলনাত মেজিক লোকবিশ্বাসত মানুহৰ আভিপ্ৰায়িক কাৰ্যাৱলী মূৰ্ত হৈ উঠে, যিহেতু মানুহৰ কাৰ্যাৱলী আভিপ্ৰায়িক গতিকে এইবোৰ পৰিহাৰ যোগ্য। মানুহে দুৰ্ভাগ্যৰ পৰা‌ হাত সাৰি থাকিব পাৰে যদিহে সোমবাৰে পূব দিশে যাত্ৰা নকৰে। বৃহস্পতি বাৰে আবেলি কোনো কাম আৰম্ভ নকৰিলে অশুভ জনক পৰিণতিৰ সন্মুখীন হ'ব নালাগে। কৰবালৈ যাত্ৰা কৰাৰ সময়ত যদি কাউৰীয়ে ক'ৰবাৰ পৰা উৰি আহি মূৰৰ চুলি ছিঙি নিয়ে তেন্তে সেই যাত্ৰা পৰিহাৰ কৰা উচিত,অন্যথাই মৃত্যুৰ দৰে দুৰ্ভাগ্যজনক পৰিস্থিতিত পতিত হোৱাৰ আশংকা। চিহ্ন বা সংকেত লোকবিশ্বাস আৰু যাদু লোকবিশ্বাসৰ মাজত পাৰ্থক্য দেখা যায়। প্ৰথমবিধ অন্ধবিশ্বাস প্ৰায় অনিমিত্ত ইয়াৰ বিপৰীতে দ্বিতীয় বিধ লোকবিশ্বাসত নিমিত্ততা প্ৰায়ে বৰ্তমান থাকে। কোনো এটা লোকবিশ্বাসত অন্তৰ্নিহিত হৈ থকা পৰিণতি প্ৰায়ে সংঘটিত নহয়, যদিহে সোপাধিক বা চৰ্তসাপেক্ষ‌ কাৰ্যাৱলী আৰোপ কৰা নহয়। চৰ্ত পৰিপূৰণেই নিমিত্তকাৰণ। যাদু লোকবিশ্বাসত চৰ্ত অনিবাৰ্য হ'ব নোৱাৰে। ভৱিষ্যত সম্পৰ্কে ভৱিষ্যতবাণী কৰা আৰু ভৱিষ্যতৰ প্ৰস্তুতি ক্ৰমে সংকেত লোকবিশ্বাস আৰু যাদু লোকবিশ্বাসৰ অন্যতম লক্ষ্য। বৰষুণ, মৃত্যু, দুৰ্ভাগ্য আদিৰ বিষয়ে ভৱিষ্যতবাণী নকৰি মেজিক লোকবিশ্বাসৰ প্ৰয়োগ কৰি বৰষুণ দিয়াব পাৰে, মৃত্যুক আহ্বান কৰিব পাৰে অথবা দূৰ্ভাগ্য নমাই আনিব পাৰে। চন্দ্ৰ বলয়ৰ প্ৰতি লক্ষ্য কৰি বৰষুণৰ সংকেত দিয়াতকৈ'দেৱজিত' পুথি পঢ়ি নাইবা 'হুদুম-পূজা' কৰি অথবা‌ 'হাইদাং-গীত' গাই বৰষুণ দিয়াব পাৰে। সংকেত লোকবিশ্বাসৰ ক্ষেত্ৰত মানৱ নিষ্ক্ৰিয়, আনহাতে মেজিক লোকবিশ্বাসৰ ক্ষেত্ৰত মানৱ সক্ৰিয়। বিশ্বাস আৰু ক্ৰিয়া-কাণ্ডৰ প্ৰসংগতো সংকেত আৰু যাদু লোকবিশ্বাসৰ মাজত পাৰ্থক্য দেখা যায়। সংকেত লোকবিশ্বাস যুক্তিহীন বিশ্বাস আৰু ই আচাৰ অনুষ্ঠানৰ ওপৰত প্ৰতিষ্ঠিত।[3]

উৰ্বৰা বিশ্বাস[সম্পাদনা কৰক]

বিবাহৰ ক্ষেত্ৰত উৰ্বৰা-বিশ্বাস[সম্পাদনা কৰক]

বিবাহৰ ক্ষেত্ৰত উৰ্বৰা-ধাৰণাৰ প্ৰভাৱ অতি বেছি। অসমৰ মঙ্গোলীয়া তথা অষ্ট্ৰিক সংস্কৃতিসম্পন্ন সমাজত তিৰোতাৰ মূল্য অধিক। ঘাইকৈ তিৰোতাৰ প্ৰজনন শক্তি আছে আৰু পোনপটীয়াকৈ বংশবৃদ্ধিত সহায় কৰে। তদুপৰি তিৰোতা কৃষিকৰ্মৰ সহকৰ্মী। সেয়েহে একালত ছোৱালীৰ জন্ম হ’লে লক্ষ্মীৰ আগমণ বুলি বিশ্বাস কৰিছিল। নোৱাই-তোলনী বিয়াক পুষ্পোৎসৱ বোলা হয়। ছোৱালীৰ প্ৰথম ঋতু স্নান হ’লেই যেন গছ-লতাত ফুল ফুলে। শইচ কৃষকৰ আশা পূৰণৰ অৰ্থে আগবাঢ়ে। সেইবাবে নোৱাই তোলনীৰ সময়ত যিবোৰ আচাৰ- অনুষ্ঠান পতা হয়, সকলোতে উৰ্বৰা-বিশ্বাস আছে বৰ্তমান। বহুতো ঠাইত ছোৱালীজনীক বিয়াৰ দৰেই নোৱাই-ধুৱাই ভৱিষ্যতে দাম্পত‍্য জীৱনৰ অৰ্থে সজাগ কৰি দিয়া হয়। কোনো গাঁৱলীয়া সমাজত চাৰিদিনৰ পৰা বিয়া-তোলালৈ বাকী কেইদিন জীয়ৰী ছোৱালীয়ে ৰাতি ৰখে। বিয়া নাম গাই ছোৱালীজনীক সম্ভাব্য জীৱনৰ কথাবোৰ শিকাই দিয়ে। বিয়াৰ আগদিনা আখৈ ভাজে, আখৈ যিমানে ফুটে ছোৱালী জনীয়ে সিমানেই প্ৰজনন ক্ষমতা লাভ কৰে বুলি বিশ্বাস কৰে। নোৱাই-তোলনী বিয়া অনুষ্ঠানটোৱেই উৰ্বৰা-বিশ্বাসৰ পৰা জন্ম হৈছে।বিয়া সামাজিক অনুষ্ঠান। ইয়াৰ ফলত নাৰী পুৰুষৰ যৌন আৰু যুগ্মজীৱন আৰম্ভ হয় আৰু বংশ বৃদ্ধি হয়। যিখন সমাজত মানুহৰ প্ৰয়োজনেই  আছিল সৰ্বাধিক, সেইখন সমাজত যি প্ৰক্ৰিয়াৰ মাধ্যমত বংশ বৃদ্ধিৰ পৰম্পৰা গঢ় লৈ উঠে, সেই সামাজিক প্ৰক্ৰিয়াৰ লগত সকলো আশা-আকাংক্ষা সংযোজিত কৰি কেতবোৰ আনুষঙ্গিক অনুষ্ঠানৰ পাতনি তৰিছিল। এই সকলোবোৰ উৰ্বৰা-বিশ্বাসৰ লগত জড়িত। দৰা-কন্যাৰ মিলনৰ উপৰিও যাতে প্ৰজনন শক্তি লাভ কৰে, সেইবাবে লোকবিশ্বাসসন্মত কিছুমান কাম কৰিছিল। কোনো কোনো ঠাইত জীয়া মাগুৰ মাছ এহালি নিয়া হয়। আহোমসকলৰ চকলঙৰ পূৰ্বে পতা আয়ুতোলা অনুষ্ঠানতো উৰ্বৰা-ধাৰণা নিহিত হৈ আছে। বিয়াত কলপুলি যুৰীয়াকৈ পোতা, বেইৰ তলত কণী পোতা, দৰা-কন্যাক কণী খাবলৈ দিয়া, আখৈ ছটিওৱা, চাউল ছটিওৱা আদি অনুষ্ঠান উৰ্বৰা-বিশ্বাসৰেই প্ৰতীক।[4]

কৃষিৰ লগত উৰ্বৰা-বিশ্বাস[সম্পাদনা কৰক]

মানুহৰ জন্ম-নৃত্য বিবাহৰ উপৰিও কৃষিৰ লগত বহুতো উৰ্বৰা ধাৰণা জড়িত হৈ আছে। মানুহৰ প্ৰয়োজনীয়তা পিছতেই আদিম মানৱৰ দ্বিতীয় প্ৰয়োজন আছিল এমুঠি আহাৰৰ। গতিকে শস‍্যৰ জন্ম, বৃদ্ধি আৰু ফল আহৰণৰ বাবে কেতবোৰ অনুষ্ঠান বা ৰীতি-নীতি অয়োজন কৰিছিল৷ একালৰ নৰমুণ্ড চিকাৰ ধাৰণাও উৰ্বৰা-বিশ্বাসৰে পৰিণতি। আন ফৈদৰ বা শক্ৰক হত্যা কৰি মূৰটো কাটি আনিলে জীৱটো লগতে আহি নিজৰ ফৈদৰ জনসংখ্যা বৃদ্ধি কৰিব আৰু তেজ মাটিত পৰিলে পৃথিৱীত উৰ্বৰা শক্তি বৃদ্ধি পাব,হএনেকৈয়ে ভাবিছিল। কুকুৰা গাহৰি কাটি শস্য সিচাৰ বতৰত উৎসৱ পাতি পথাৰত তেজ ছটিয়াই দিয়া উদাহৰণো আছে।[4]

বিহু উৎসৱৰ লগত উৰ্বৰা-বিশ্বাস[সম্পাদনা কৰক]

বিহু উৎসৱৰ সকলো অনুষ্ঠানেই উৰ্বৰা-ধাৰণাৰ ভেঁটিত প্ৰতিষ্ঠিত। কাতি বিহুৰ দিনা যেতিয়া ধানৰ গেৰেলি মেলে সেইদিনা পথাৰত এগছি চাকি দি লখিমীক অৰ্থাৎ সৃজনীশক্তিক প্ৰণিপাত জনায়। মাঘ বিহুৰ উৰুকাৰ দিনা লাগনী গছবোৰৰ গুৰিত খেৰ বা নৰাৰে বান্ধি কোৱা হয়, মাঘ নোৱাবলৈ নাযাবি, থোপাথোপে লাগিবি। ব’হাগ বিহুৰ এমাহৰ আগৰে পৰা ৰাতি বিহু অনুষ্ঠিত হয়। যেতিয়া পথাৰত আহু-বাও ধান লহপহকৈ বাঢ়ি আহে, তেতিয়া যৌনধৰ্মী গীত গাই নাচিলে পৃথিৱীৰ উত্তেজনা আৰু উৎপাদিকা শক্তি বৃদ্ধি পায়। বিহুতলী পতা হৈছিল [4]আঁহত কিম্বা জৰি গছৰ তলত। কেতিয়াবা জামুক আৰু আমৰ তলতো বিহু নাচিছিল। বড়, আঁহত গছৰ গুটিটো চুলিডালৰ গুৰিটোৰ সমান, কিন্তু তাৰেই বুকুত বিশাল গছজোপাৰ সৃজনীশক্তি সুপ্ত হৈ থাকে। সেইবাবে বড়গছৰ গুৰি বিহুতলীতৰ অৰ্থে বাছি লোৱাটো উৰ্বৰা বিশ্বাসৰেই পৰিণতি। যিবোৰ গছ-বনে সৰহীয়াকৈ পুলি-পোখা দিয়ে, যিবোৰ গছত অধিক গুটি ধৰে, যিবোৰ গছ-বনৰ জীৱনীশক্তি অধিক সেইবোৰকে আনুষ্ঠানিকভাৱে মঙ্গলজনক বুলি গণ্য কৰে।কণী, মাছ আদিৰ প্ৰজননশক্তি থকা বাবেই সহজে ব‍্যৱহাৰ কৰা হয়। তৰা, পাটিদৈ, কচু আদি গছ সহজতে নমৰে আৰু পুলিপোখাও সৰহকৈ দিয়ে। হাঁহ-ছাগলী আদি মাৰি বা বলি দি সকাম কৰিলে জীৱটোৱে মানুহৰ মঙ্গল সাধন কৰে বুলি বিশ্বাস কৰে। অসমীয়া সংস্কৃতি আৰু লোকবিশ্বাসত উৰ্বৰা-ধাৰণাৰ অস্তিত্ব সঘনাই অনুভৱ কৰা হয়। ই ব‍্যাপক অধ্যয়নৰ বিষয়।[5]

বৰষুণ[সম্পাদনা কৰক]

মানৱ সভ্যতাৰ বুৰঞ্জীত যিদিনাই কৃষ্টিৰ কঠীয়া গজিছিল,সেইদিনাই মানুহে বৰষুণ বিচাৰিছিল। তথাপি মানুহে বিচৰামতে বৰষুণ নহৈছিল; কেতিয়াবা আকৌ নিবিচৰাকৈ বৰষুণ ধাৰাসাৰে দিছিল; সেইবাবে মানুহে পাছলৈ বৰষুণক অধিদৈৱিক শক্তি বুলি বিবেচনা কৰিছিল। বৈদিক আৰ্যসকলেই বৰষুণৰ অন্তৰালত ইন্দ্ৰৰ মহাত্ম‍্য অনুভৱ কৰিছিল আৰু সময়ত বৰষুণ বিচাৰি যজ্ঞত হোম দিছিল। পশুপালক বৈদিক আৰ্যসকলতকৈ শালি খেতি কৰা অষ্ট্ৰিকসকলৰ যথা সময়ত অধিক পৰিমাণে বৰষুণৰ প্ৰয়োজন হৈছিল। [4]ব'হাগৰ বিহুত "বাতবৃষ্টি হৰদেৱ মহাদেৱ নমস্তুতে" বুলি অতিবৃষ্টি নিবাৰণ কৰিবলৈ নাহৰ পাতত মন্ত্ৰ লিখি থৈছিল বুলিও যথা সময়ত বৰষুণো কামনা কৰিছিল। উত্তৰ ব্ৰহ্মৰ শ্যাণ ৰাজ্যত ব'হাগৰ বিহুৰ সময়ত হুচৰি গাঁৱতে খেতিৰ বতৰত নিয়মীয়া বৰষুণ দি অতিবৃষ্টি-অনাবৃষ্টি নিবাৰণ কৰিবলৈ উপৰি পুৰুষসকললৈ এতিয়াও প্ৰাৰ্থনা জনায়। এইদৰে কৃষি সভ্যতাৰ বুৰঞ্জী বৰষুণ সৰ্ম্পকে অনেক বিশ্বাস প্ৰতিষ্ঠিত হ'ল আৰু অনেক অনুষ্ঠানো অনুষ্ঠিত হ'ল।

বেদত ইন্দ্ৰ বৰষুণৰ দেৱতা। বৃত্ৰ নামৰ মেঘক দানৱে আছন্ন কৰি ৰাখিছিল। ইন্দ্ৰই মৰুৎসকলৰ সহায়ত বজ্ৰৰে বৃত্ৰক বধ কৰি পৃথিৱীত বৃষ্টিপাত কৰায়। সেই বাবেই ইন্দ্ৰ বৃত্ৰঘ্ন আৰু যুগ যুগ ধৰি বৃষ্টিৰ দেৱতা হিচাপে শ্ৰদ্ধা লাভ কৰি আহিছে। বৃষ্টিৰ দেৱতা হিচাপে ইন্দ্ৰৰ দেৱত্বৰ প্ৰাধান্য টুটি আহিলেও এতিয়াও শেষ হোৱা নাই। আনকি,লোক-বিশ্বাসও ইন্দ্ৰৰ বৃষ্টি-শক্তিৰ স্বীকৃতি দিয়ে।[4]

অনাবৃষ্টিৰ বতৰত বৰষুণ বিচাৰি অসমীয়া মানুহে ভেকুলী বিয়া পাতে। চুকভেকুলীয়ে টোৰ টোৰালে বৰষুণ দিয়ে আৰু সেইদৰে বৰষুণ দিলে ভেকুলীয়ে টোৰ্টোৰায়। আদিম কৃষিজীৱী মানুহে ইন্দ্ৰ আৰু ভেকুলীৰ মাজত ওচৰ সমন্ধৰ উমান পাইছিল। ভেকুলীৰ বিয়ালৈ ইন্দ্ৰ আহে। "ভেকুলীৰ বিয়ালৈ আহে ইন্দ্ৰদেৱ, বতাহ বৰষুণত তিতি।"

"ভেকুলীৰ মূৰৰে    জলঙা পাগুৰি

              ভেকুলীৰ হাতৰে খাৰু;

ভেকুলীক বিচাৰি      ইন্দ্ৰ আহিলে

               দেখুৱাই নিদিবা কেৱে,"

ভাৰতৰ কোনো কোনো ঠাইত অনাবৃষ্টি হ'লে সম্পূৰ্ণ উলঙ্গ হৈ পথাৰত চিঞৰি ফুৰাৰ পৰম্পৰাও আছে। মানুহৰ বিশ্বাস ইন্দ্ৰ দেৱতাই  লাজ পাই বৰষুণ দিব। কোনো কোনো ঠাইত আকৌ পুৰোহিত আৰু জনজাতিবিলাকৰ মুখিয়ালজনে বৰষুণ বিচাৰি যথাবিহিত আচৰণ কৰে। বেলুচিস্তানত অনাবৃষ্টি হ'লে মুখিয়ালজনে নিজৰ ৰাজকীয় সাজ সোলোকাই থৈ খেতিয়কৰ সাজ পিন্ধি যুৱলিৰ সৈতে এহাল গৰু পথাৰেদি খেদি লৈ যায়। আহমদাবাদত আকৌ অনাবৃষ্টি হ'লে বৰষুণ বিচাৰি ইন্দ্ৰৰ নামত গাখীৰ ছটিয়াই। অনাবৃষ্টি হ'লে নেপালৰ নেৱাৰবিলাকে পুখুৰীত ভেকুলী পূজা কৰে। উত্তৰ বঙ্গৰ কিছুমান ঠাইত বৰষুণ বিচাৰি পাঁচঘৰ মানুহৰ পৰা পানী তুলি এটা পাত্ৰত থৈ তাতে ভেকুলী এটা মেলি দিয়ে। কুমাওৰ অঞ্চলত আকৌ বৰষুণ বিচাৰি ভেকুলী এটা ধৰি ওপৰমূৱাকৈ এজোপা গছত বা খুটাত বান্ধি থয়,যাতে ভেকুলীৰ দুৰৱস্থা দেখি দেৱতাই বৰষুণ দিয়ে।[4]

অসমত বৰষুণ বিচাৰি অনাবৃষ্টি বতৰত আৰু কিছুমান কাম কৰে।[4]বেলিমুখীয়া ঢেঁকী চুৰ কৰি খাল,বিল আদিত ওপৰলৈমূকৈ পুতি থয়,বামতে ঠোহা,থোকা,চেপা আদি পাতে, কাঁহী বজায়, পথাৰত নাঙল,মৈ আদি ওভোতাই পুতি থয়। কমলা কুঁৱৰীৰ

"আউল বাউল কৰি বহে বায়। ডাকে বোলে ভৈল বিনাশৰ ভয়॥"

অসমত অতিবৃষ্টি পৰিমাণ সৰহ হ'লেও বৰষুণ এৰিবলৈ তেনে অনুষ্ঠান পতাৰ উদাহৰণ নাই। সৰু লৰাই 'ৰ'দালি এ ৰ'দ,আলি কাটি জালি দিম,বৰপীৰা পাৰি দিম' বুলি নিবেদন কৰাৰ বাহিৰে অন্য তেনে কোনো গীত বা মন্ত্ৰ নাই। কিন্তু "হ্ৰী,হ্ৰী,হ্ৰী" এই তিন আক্ষৰীয়া মন্ত্ৰটো অষ্টোত্তৰশত বৃষ্টি হয় বুলি"কামৰত্ন তন্ত্ৰ"ত বিশ্বাস আছে। বৰষুণ বন্ধ কৰিবৰ কাৰণে ভাৰতৰ অন্য ঠাইত কিছুমান অনুষ্ঠান অনুষ্ঠিত কৰাৰ উদাহৰণ আছে। উত্তৰ প্ৰদেশৰ অতিবৃষ্টি হ'লে সাগৰ শোষক অগস্ত‍্য ঋষিৰ নাম কাপোৰত লিখি বৰষুণত থৈ দিয়ে বা মানুহৰ ঘৰৰ বেৰত নাম লিখি দিয়ে।    পঞ্জাৱত এগৰাকী  কুমাৰী ছোৱালীয়ে তেল ছটিয়াই,মিৰ্জাপুৰত একৈশজন এটা চকু কণা মানুহে একৈশটা গাঁথি দি বৰষুণ বান্ধে। বেলুচিস্তানত জুইত এমুঠি নিমখ ছটিয়াই। মধ্যপ্ৰদেশত আকৌ বৰষুণ বন্ধ কৰিবলৈ নঙঠা ল'ৰা এটাই ভেকুলী এটা জীয়াই জীয়াই পোতে। মহাৰাষ্ট্ৰত এখিলা পাতত ভাত আৰু দৈ মুকলি ঠাইত থৈ অতিবৃষ্টি নিবাৰণ প্ৰাৰ্থনা জনায়। এইদৰে ভাৰতৰ বিভিন্ন প্ৰদেশৰ সৰু বৰু আনেক জাতি আৰু জনজাতিৰ মাজত অতিবৃষ্টি নিবাৰণৰ লোক-বিশ্বাস সম্ভূত অনুষ্ঠান দেখা যায়।

শিল বৰষুণ সৰ্ম্পকেও অনেক লোক-বিশ্বাস দেখা যায়। লঠা নগাবিলাকে ভাৱে,আকাশত দেৱতাবিলাকে শিল দলিয়াই যুদ্ধ কৰোঁতে তাৰ ভগা-ছিগা টুকুৰাবিলাক শিল বৰষুণ হৈ পৰে।  বৰষুণৰ বিষয়ে ডাকৰ বচন আৰু খনাৰ বচনতো ভালেমান কথা আছে। এই বচন দুটা উভয়তে বৰষুণ আৰু বৰষুণৰ পৰিমাণ অনুসৰি শস‍্যোৎপাদনৰ অনেক কথা পোৱা যায়। তদুপৰি জ‍্যোতিষৰ সূত্ৰ অনুসৰি বৰষুণ হোৱা নোহোৱাৰ কথাও ডাকৰ বচনে সামৰিছে। মাঘৰ বিহু যদি শনি বা মঙ্গলবাৰে পৰে তেন্তে পিছৰ বছৰ দোকোলটাৰ বানপানী হয়।[4]

     "পুহৰ  বিষু যেই বাৰে।

    ৰবিৰ সুত মঙ্গল বাৰে॥

    সুখ দ্বিগুণ তিনিগুণ বান।

    এইবাৰ গ'ল মাটি মান॥"

কৃষি সভ‍্যতাৰ পাতনিৰে পৰা বৰষুণৰ প্ৰয়োজনীয়তা বাঢ়িল, সেইহে বৰষুণে লোক-বিশ্বাসৰ সাৰুৱা পলসত  অনেক কাহিনী, অনুষ্ঠান আৰু আশা-নিৰাশাৰ ধাৰণা সৃষ্টি কৰিব পাৰিছে। অসমীয়া জীৱনতো সেইহে বৰষুণে লোক-বিশ্বাসলৈ বৰঙণি দি লোক-বিশ্বাসৰ মেটমৰা ভঁৰাল চহকী কৰি তুলিছে।

অমঙ্গল[সম্পাদনা কৰক]

কিছুমান প্ৰাকৃতিক ঘটনাৰ বাহিৰেও সচৰাচৰ ঘটা নিয়মৰ ব্যতিক্ৰম দেখা যায়। এনেকুৱা ব্যতিক্ৰম কিছুমানকো অদৃষ্টক আগলি বাতৰি বুলি গণ্য কৰা হয় আৰু এইবোৰক অমঙ্গল বুলি ধৰা হয়। এনেকুৱা অঙ্গলৰ চিন কেইবা বিধৰো আছে। (১)প্ৰাকৃতিক (২) জীৱ- জন্তু সম্পৰ্কীয় (৩)চৰাই-চিৰিকতি সম্পৰ্কীয় (৪)গছ-গছনি সম্পৰ্কীয় (৫)সপোন ইত্যাদি।

প্ৰাকৃতিক সম্পৰ্কীয়[সম্পাদনা কৰক]

ভূমিকম্প, গ্ৰহণ, উল্কা, ধূমকেতু,ৰামধনু,মেঘৰ গাজনি আদিকো অমঙ্গলৰ চিন বুলি ভাবে। শনি,দেও আৰু মঙ্গল বাৰে ভূমিকম্প হ'লে  প্ৰজাৰ  পীড়া, ৰজাৰ ৰাজ্যনাশ আৰু যুদ্ধ হয়। আহাৰ আৰু আহিন মাহত  ভূমিকম্প হ'লে মাৰি-মৰক হয়। [6]অশ্বিনী, মৃগশিৰা,পুনৰ্বসু,স্বাতী, চিত্ৰা,হস্তা আৰু উত্তৰ ফাল্গুণী নক্ষত্ৰত ভূমিকম্প হ'লে পৃথিৱীত অনাবৃষ্টি,শস্যনাশ,জ্বৰ-কাহ আদি ৰোগ হয়। ভৰণী,কৃত্তিকা,পুষ্যা,মঘা,বিশাখা,পূৰ্বফাল্গুণী  নক্ষত্ৰত ভূমিকম্প হ'লে অতিপাত খৰ,ৰোগ আৰু পাৰ্বত্য জাতিৰ কষ্ট হয়। গ্ৰহণ হৈ যোৱাৰ সাতদিনৰ ভিতৰত ভূমিকম্প হ'লেও ৰজাৰ মৃত্যু হয়।

চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণ লোকবিশ্বাস মতে ৰাহু কেতচুৰ গ্ৰাসৰ পৰিণতি। সৰ্বগ্ৰাস চন্দ্ৰ আৰু সূৰ্যগ্ৰহণ দুৰ্ভিক্ষ,মহামাৰীৰ লক্ষণ। তদুপৰি গ্ৰহণৰ সময়ত ৰাহু অগ্নিবৰ্ণ হ'লে আকাল,অতিবৃষ্টি, অনাবৃষ্টি,কপিলা বৰ্ণ হ'লে দুৰ্ভিক্ষ আৰু লোহিতবৰ্ণ হ'লে পশু-পক্ষীৰ হানি,গৌৰবৰ্ণ হ'লে যুদ্ধ হয়। গ্ৰহণৰ সাতদিনৰ ভিতৰত ধুমুহা-বতাহ হ'লে প্ৰজাৰ কষ্ট, উল্কাপাত হ'লে ৰাজমন্ত্ৰীৰ মৃত্যু,মেঘে গজিলে গৰ্ভিৰ্ণীৰ গৰ্ভনাশ আদি অমঙ্গল হয়। ধূমকেতু বা নেজাল তৰা  অনেক অঙ্গলৰ চিন। লুচাইবিলাকে  ধূমকেতুক মৌতম অৰ্থাৎ দুৰ্ভিক্ষৰ চিন বুলি ভাবে।

জীৱ-জন্তু সম্পৰ্কীয়[সম্পাদনা কৰক]

জীৱ- জন্তু সম্পৰ্কীয় অনেক  লোকবিশ্বাস আছে,যিবোৰ সৰু সুৰা অমঙ্গলৰ পৰা বিৰাট অমঙ্গলৰো সূচনা কৰে। জীৱ-জন্তুৱে নিয়ম এৰি যেতিয়া ব্যতিক্ৰম ৰূপে থিয় দিয়ে,তেতিয়াই মানুহে অদ্ভুত বুলি ভাৱে আৰু  অমঙ্গলৰো আগজাননী বুলি ধৰি  লয়। সাপ আৰু বেঙে মুখেদি প্ৰসৱ কৰা দেখিলে, ঘৰত মৌৱে বাহ ল'লে ঘৰৰ গহিণী মৰে। শিয়ালে দুৱাৰ মুখত গাঁত খান্দিলে,সাপ ঘৰৰ ভিতৰত সোমাই ওপৰলৈ মূৰ কৰিলে, ছাগলীৰ গৰ্ভত গৰু জগিলে,গৰুৰ দুদাল নেজ আৰু চাৰিখন কাণ থকা পোৱালি জগিলে, হাতী,ঘোঁৰাই দুই বা তাতোধিক পোৱালি দিলে গৃহিনীৰ মৃত্যু হয় আৰু ভাই লগত শত্ৰুতা হয়। দেৱ প্ৰতিমাৰ গাত সাপ বগালে,ছাগলী,ঘোঁৰা ঘৰৰ ওপৰত উঠিলে,ফে‌ঁটী,সকাঁ,অজগৰ সাপ দুৱাৰ মুখেদি সোমালে,মেকুৰী আদিয়ে সাপ সঙ্গম কৰা দেখিলে ঘৰৰ মুখিয়ালজনৰ মৃত্যু হয়। দিনতে শিয়ালে হোৱা দিলে ৰজাৰ মন্ত্ৰী মৰে,ঘৰত গুঁই,বান্দৰ সোমালে ডিঙিত মণি থকা সাপ দেখিলে, দিনতে ফেউৰাই চিঞৰিলে ৰজাৰ মৃত্যু হয়।[6]

কুকুৰ মানুহৰ অতি পুৰণি পোহনীয়া জীৱ। কুকুৰৰ কামবনৰ পৰা মানুহৰ মনত অনেক বিশ্বাস পুঞ্জীভূত হৈ পৰিছে। কুকুৰেও তাৰ কামৰ দ্বাৰা আগন্তুক অমঙ্গলৰ বতৰা দিয়ে। বেলিলৈ চাই কুকুৰে ভূকিলে দেশত মহামাৰী হয়। ঘৰৰ ভিতৰত ৰাও দি কুকুৰে গাঁত খানিলে মৃত্যু; চোতালত গাঁত খানিলে মৃত্যু আৰু অৰ্থহানি হয়। যাত্ৰাকালত কুকুৰে আগভেটি শুই দিলে কলঙ্ক হয়।

চৰাই-চিৰিকতি সম্পৰ্কীয়[সম্পাদনা কৰক]

চৰাই-চিৰিকতি সম্পৰ্কীয় অনেক লোকবিশ্বাস আছে। যাত্ৰাকালত এজনী শালিকা দেখিলে যাত্ৰা ভাল নহয়। কাউ চৰাই, বগলী,শেন,ফেঁচা ঘৰতঘৰত পৰিলে গৃহিনীৰ মৃত্যু হয়। গাত কাউৰী পৰিলে বা কাউৰীয়ে খুটিলে ৰোগ হয় আৰু শোক হয়। কাউৰী, কপৌ চৰাইৰ সঙ্গম দেখিলে ঘৰৰ গিৰিহঁতৰ মৃত্যু হয়। শগুণে ঘৰত পৰি মঙহ খালে,শগুণ মূৰত পৰিলে ৰজাৰ ঘৰত হ'লে ৰজাৰ মৃত্যু হয়। গৃহস্থৰ ঘৰত হ'লে গৃহস্থ মৰে। শালিকা,ঢোঁৰা কাউৰী, কামচৰাই,শগুণ,বগলী আৰু ফেঁচাৰ সঙ্গম দেখিলে গৃহস্থৰ গাই গৰু হানি হয়। শগুণ, কপৌ, চিলনী, বৰবাদুলি,বন-কুকুৰা, শেন চৰায়ে মানুহৰ ঘৰত বাঁহ সাজিলে এবছৰলৈ ভীষম বিপদ হয়। ঘৰৰ ভেঁটিত হুদু পৰিলে ভেঁটি উচ্ছন্ন হয়। ফেঁচাই 'নিউ নিউকৈ' মাতিলে মৃত্যু হয়। ৰাতিৰ প্ৰথম পৰত কুকুৰাই ডাক দিলে দেশত মহামাৰী হয়। ম'ৰাচৰায়ে মাতিলে মৃত্যু হয়। হেমন্ত ঋতুত কুলিয়ে মাতিলে মাৰীমৰক হয়। ৰাতি হুদু,ফেঁচা, ঢোৰা-কাউৰী আৰু কোকলোঙাই মাতিলে গৃহস্থৰ অমঙ্গল,ভৰ্যাৰ মৃত্যু, বৈৰিতা আৰু ৰাজমন্ত্ৰীৰ মৃত্যু হয়।[6]

গছ-গছনি সম্পৰ্কীয়[সম্পাদনা কৰক]

গছ-গছনিতো কেতিয়াবা নিয়মৰ ব্যতিক্ৰম দেখা যায়। ডাল নোহোৱা গছত ডাল ধৰা,ফুল নুফুলা গছত ফুল ফুলা,আবতৰত গুটি লগা আদি ব্যতিক্ৰমৰ অভিজ্ঞতাৰ পটভূমিত কিছুমান লোকবিশ্বাস সৃষ্টি হৈছে। দুপতীয়া পুলিতে গুটি ধৰিলে বা ফুল মেলিলে, ফুল ফুলি গুটি লগা গছৰ ফুল নুফলাকৈ গুটি ধৰিলে ফুল নুফুলা গছৰ ফুল ফুলিলে,আবতৰত গছ ফুলিলে,কলগছৰ দুটা ডিল মেলিলে, কলগছৰ পেট ফুলি ডিল মেলিলে ভাৰ্যাৰ মৃত্যু হয়। ৰজাৰ মন্ত্ৰী মৰে। গছত অন্য গছৰ গুটি ধৰিলে গৃহস্থৰ পুত্ৰ-ভাৰ্যাৰ অমঙ্গল হয়।[6]

সপোন সম্পৰ্কীয়[সম্পাদনা কৰক]

মানুহে সপোন দেখে। সপোন কিয় দেখে,সেই বিষয়ে মনোবৈজ্ঞানিক সকলে বিশ্নষণৰ ব্যৱস্থা কৰিছে কিন্তু লোকবিশ্বাসে বৈজ্ঞানিক বিশ্নষণৰ ডেউনা পাৰ হৈ কিছুমান সিদ্ধান্তত উপনীত হৈছে। সপোনত মানুহে অমঙ্গলৰ আগজাননী পায়। সপোনত নিজৰ মূৰ খুৰোৱা দেখিলে নিজৰ মৃত্যু বা ধন-পুত্ৰ বিনাশ হয়; দাঁত সৰিলে ধননাশ বা মৃত্যু সংবাদ পায়। সপোনত নিজৰ মূৰত  তেল,ঘিঁউ,মৌ ঢলা দেখিলে হৰিণা পহু,উট,ম'হৰ গাড়ীত উঠিলে,ক'লা কাপোৰ পিন্ধা তিৰোতাই সাৱটি ধৰিলে,নিজৰ ঘৰত বিয়া দেখিলে, কাউৰী,শগুণ, ভাটৌ চৰাইৰ মঙহ খালে, কু‍ৎসিৎ চেহেৰাৰ মানুহে শিলেৰে খুন্দিলে মানুহৰ মূৰ বা হাড় পালে, মৃত্যু হয় বা মৃত্যু সংবাদ পায়। সপোনত কড়ি,তাল গুটি পালে শোক পায়,পানীত কাছ ধৰিলে ভায়েকৰ মৃত্যু হয়,বাদ্য বজাই আনন্দ কৰা দেখিলে বেজাৰ পায়,ভগাপাত্ৰ মানুহৰ গাৰ ঘা,অনাচাৰী মানুহ, ৰঙা কাপোৰ পিন্ধা সন‍্যাসী,গাহৰি, ম'হ,গাধ,ঘন আন্ধাৰত মৰি উখহি থকা জন্তু দেখিলে বিপদ হয়। ক'লা বৰণৰ মাছ হাতেৰে ধৰিলে খহু হয়। ম'হ,ভালুক,উট,গাহৰি,গাধ সপোনত দেখিলে ৰোগ হয়। সপোনত শিঙাল আৰু নখাল জন্তু আৰু অস্ত্ৰধাৰী মানুহে ভীতি প্ৰদৰ্শন কৰিলে ৰজাৰ বিপদ হয়। সপোনত গুৰি কাটি আৰু আপুনি উঘালি পৰা গছ,শিল,বৰষুণ,খুৰ, তুঁহ,জ্বলা আঙঠা দেখিলে দুখ পায়। অসমৰ জনজাতিসমূহৰ মাজত সপোনক আগলি বাতৰিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ ব্যাপকতা অতি বেছি। চিকাৰ,সন্তান, খেতি আদিৰ ভৱিষ্যত তেওঁবিলাকে সপোনৰ  পৰাই নিৰ্ণয় কৰে।[6]

এইবোৰৰ উপৰিও মানুহৰ নিজা ব্যতিক্ৰমৰ পৰাও অমঙ্গলৰ আগজাননী পায়। আহাৰ কৰা পাছতেই যাৰ ভোগ লাগে,টোপনিত দাঁত চোবায়,আনৰ  চকুৰ মণিত যি নিজৰ প্ৰতিমূৰ্তি নেদেখে, দিনৰ নক্ষত্ৰ আৰু ৰাতিৰ ৰামধেনু দেখে,মুখ ৰঙা হৈ জিভা ক'লা পৰে, যাৰ একে সময়তে বীৰ্য,মল-মূত্ৰ আৰু হাচিঁ আহে, হাতীপটি,ধ্ৰুৱতৰা শুক্ৰগহ,মঙহাল মানুহ হঠাৎ চেৰেলা হ'লে,কণ্ঠ,ওঠ,জিভা,তালু,শৰীৰ অনবৰত শুকাই থাকিলে মৃত্যু ওচৰ চাপি আহে। গাৰ অঙ্গ-প্ৰতঙ্গ স্পন্দৰ পৰাও মানুহে অমঙ্গল নিৰ্ণয় কৰে। চকু মধ্য ভাগ লৰিলে মৃত্যু, পিঠি লৰিলে অৰ্থ হানি আৰু বাওঁ নাক লৰিলে মৃত্যু সংবাদ প্ৰাপ্তি হয়।

ইয়াৰ উপৰিও কিছুমান অদ্ভুত আৰু ব্যতিক্ৰম আছে। গৰ্ভত দাঁত গজি ল'ৰা জন্ম হ'লে,জন্ম হৈয়েই কেঁচুৱাই হাঁহিলে,অঙ্গবিহীন সন্তান জন্ম হ'লে,বিনা বতাহে গছ ভাঙি পৰিলে,ঘৰত বজ্ৰপাত পৰিলে ঘৰৰ গৃহিনীৰ মৃত্যু হয়। আম-তামোল আদিৰ ভিতৰত সোণ ওলালে,নিজে বহি থকা আসনখন ভূমিকম্পৰ দৰে কঁপিলে,শূন্যত বিচনী বা দৰ্পণ দেখিলে গৃহস্থৰ মৃত্যু হয়। একেবাৰতে এজনী তিৰোতাই কেইবাটাও সন্তান প্ৰসৱ কৰিলে,সিজা ধানৰ গজালি ওলালে,দৈ,ঘিঁউ বা গাখীৰত তেজ ওলালে,মাটিত এনেয়ে জুই ওলালে ৰজাৰ মন্ত্ৰী মৃত্যু হয় আৰু পুত্ৰ ভাৰ্যাৰো মৃত্যু হয়। চাকি নোহোৱা ঘৰত এনেয়ে পোহৰ হ'লে,দুমুখীয়া সন্তান জন্ম দিলে, দেৱ মন্দিৰত বা বৰঘৰত শগুণ  পৰিলে,গৃহিনীৰ মৃত্যু,বন্ধু-বান্ধৱ ভাই-ককাইৰ লগত শত্ৰুতা হয়। কোনো বস্তু থোৱা ঠাইত আপুনি নাইকিয়া হ'লে ঘৰৰ গৰাকীৰ ধন-ধান,গৰু-গাই নাশ হয়। দেৱ মন্দিৰত প্ৰতিমা বাগৰি পৰিলে, প্ৰতিমাই হাঁহিলে,প্ৰতিমাৰ গাত সাপ বগালে,আকাশত জুই জ্বলা দেখিলে,মৰাশ চিতাত উঠি বহিলে বা ভাৰ বান্ধি নিওঁতে উঠি বহিলে ৰজাৰ মন্ত্ৰী মৰে। ইয়াৰ উপৰিও দহবছৰতকৈ সৰু কন্যা ঋতুমতী হ'লে তিৰোতাই আঢ়ৈকুৰি বছৰৰ পাছতো সন্তান প্ৰসৱ কৰিলেও অমঙ্গল হয়।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. শৰ্মা,ড° নবীন চন্দ্ৰ, (২০১৮). অসমীয়া লোকসংস্কৃতিৰ আভাস. বাণী প্ৰকাশ. পৃষ্ঠা. ১১১. 
  2. শৰ্মা , ড° নবীন চন্দ্ৰ (২০১৮). অসমীয়া লোকসংস্কৃতিৰ আভাস'. বাণী প্ৰকাশ. পৃষ্ঠা. ১১১. ISBN 81-7643-045-5. 
  3. ড° নবীন চন্দ্ৰ শৰ্মা. অসমীয়া লোক সংস্কৃতিৰ আভাস. পৃষ্ঠা. ১০৭,১০৮,১০৯. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 লীলা গগৈ. পৃষ্ঠা. ২৩১. 
  5. লীলা গগৈ. পৃষ্ঠা. ২০০. 
  6. 6.0 6.1 6.2 6.3 6.4 6.5 লীলা গগৈ. পৃষ্ঠা. ২২৪, ২২৫, ২২৬, ২২৭. 

সহায়ক গ্ৰন্থসমূহ[সম্পাদনা কৰক]

  1. গগৈ, ড° লীলা,'অসমৰ সংস্কৃতি', বনলতা,২০১৫, দশম সংস্কৰণ
  2. গগৈ, ড° লীলা,নেওগ, হৰিপ্ৰসাদ,'অসমীয়া সংস্কৃতি',অসম সাহিত্য সভা, বনলতা,২০০৩, চতুৰ্থ প্ৰকাশ
  3. পেগু, ড° গণেশ চন্দ্ৰ, 'মিচিং সংস্কৃতিৰ আঁহে আঁহে', ধেমাজি বূকষ্টল, ধেমাজি,২০০৪
  4. বৰুৱা, ড° বিৰিঞ্চি কুমাৰ,'অসমৰ লোকসংস্কৃতি', বীণা লাইব্ৰেৰী,২০০২
  5. শৰ্মা,ড° নবীন চন্দ্ৰ, 'অসমীয়া লোকসংস্কৃতিৰ আভাস', বাণী প্ৰকাশ,২০১৮