লোকাপাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

লোকাপাৰ হৈছে এবিধ আপুৰুগীয়া কাণত পিন্ধা অলংকাৰ। প্ৰধানকৈ অসমৰ যোৰহাট অঞ্চলত গঢ়োৱা এই অলংকাৰ বিধ পিঠিয়া-পিঠিয়কৈ থকা চাৰিটা পাৰ চৰাইৰ আৰ্হিৰ। সাধাৰণতে ইয়াত ৰঙা আৰু সেউজীয়া পাথৰে সোণত খচিত কৰি গঢ়োৱা হয়। লোকাপাৰক অসমীয়া মহিলাৰ অতি আদৰৰ আৰু হেঁপাহৰ অলংকাৰ হিচাপে গণ্য কৰা হয়। ই এবিধ সুচাৰুৰূপে আৰু মৰ্যাদা সম্পন্ন অলংকাৰ। আহোম ৰজা আৰু ডা-ডাঙৰীয়াসকলে লোকাপাৰ পৰিধান কৰিছিল বুলি বুৰঞ্জীত পোৱা যায়। আহোমৰ দিনত উৎসৱ-পাৰ্বন আদিত লোকাপাৰ পৰিধান কৰাতো পৰম্পৰাৰ দৰে আছিল।[1]

গঠন[সম্পাদনা কৰক]

এইবিধ অলংকাৰ বাস্ৰাম বা মিনা কৰা থাকে আৰু কাণৰ লটিত জুমকাৰ দৰে ওলমি থাকে। পাৰ কেইবিধ পিঠিয়া-পিঠিয়কৈ থকাৰ বাবে ইয়াক দেখাত অশোকস্তম্ভৰ দৰে লাগে। পাৰ চাৰিটাৰ মূৰৰ ওপৰৰ পৰা চাৰিডাল শিকলি গৈ কাণৰ লটিত লাগি থকাকৈ থকা সোণৰ গিৰিত লগ লাগে। পাৰ কেইটাৰ ঠেং কেইখনত মুকুতা মণিৰ দৰে লটকন গথা থাকে। ইয়াৰ বিৰিটোৰ পিছফালে এডাল হাকোটা লগা থাকে। হাকোটা ডালৰ সহায়ত কাণৰ লটিৰ ফুটাত এই বিশেষ অলংকাৰ পৰিধান কৰা হয়। চৰাইৰ আকৃতিৰ লোকাপাৰৰ দৰে কাণফুলিত খঞ্জখিলি বুলিও কোৱা হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 অসমীয়া সংস্কৃতিৰ কণিকা. নাৰায়ণ দাস আৰু পৰমানন্দ ৰাজবংশী.