সমললৈ যাওক

২৩ নৱেম্বৰ, ২০২৪ৰ পৰা ৱিকিপিডিয়াত চলি আছে অসমীয়া ৱিকিপিডিয়া পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৪
আপুনিও ইয়াত যোগ দিয়ক আৰু অসমীয়া ভাষাৰ সমল বৃদ্ধিত সহভাগী হওক।

লোহিত দত্ত বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লোহিত দত্ত বৰুৱা (ইংৰাজী: Lohit Dutta Baruah) আমেৰিকাৰ হিউষ্টন চহৰত বাস কৰা এগৰাকী প্ৰবাসী অসমীয়া। ইংৰাজী আৰু অসমীয়া ভাষাত ৰচনা কৰা কেইবাখনো গ্ৰন্থৰ উপৰি তেওঁ অসমৰ অধুনা প্ৰচলিত একাধিক আগশাৰীৰ আলোচনীত সমসাময়িক আৰু সামাজিক-সাংস্কৃতিক বিষয়ক প্ৰবন্ধ লিখিছিল। সৰুতে ঘাটমাউৰা হোৱা দত্তবৰুৱাই মাতৃৰ ফালৰ আইতাকৰ তত্ত্বাৱধানতে ডাঙৰ হৈছিল আৰু তেওঁকেই নিজৰ মাক বুলি ভাবিছিল। তেওঁ নিজ সন্তানক ব্ৰহ্মপুত্ৰত দলিয়াই নিজেও সপৰিবাৰে আত্মহত্যা কৰা খগেশ্বৰ দত্ত বৰুৱাৰ পুত্ৰ, যি মৃত পিতৃৰ অলক্ষিতে নাৱৰ বুকুত ৰৈ গৈছিল; তেতিয়া তেওঁৰ বয়স আছিল আনুমানিক প্ৰায় তিনিমাহ।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

লোহিত দত্ত বৰুৱাৰ জন্মৰ সঠিক তাৰিখ জনা নাযায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ পানীকেঁচুৱা। পিতৃ খগেশ্বৰ দত্ত বৰুৱা এগৰাকী বিজ্ঞান শিক্ষক আৰু কবি আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোৱা আৰ্থিক নাটনিৰ বাবেই সম্ভৱ তেওঁ সপৰিয়ালে ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা কৰে। কিন্তু নাৱৰ বুকুতে এৰি যায় তেওঁলোকৰ তিনি কি চাৰিমহীয়া সন্তান এটি। পিছত নাৱৰ বুকুত কেঁচুৱাৰ কান্দোন শুনি মুছলমান সম্প্ৰদায়ৰ এজন মাছমৰীয়াই শিশুটি উদ্ধা কৰে। পিছত শিশুটি মাতৃৰ ফালৰ ককাক-আইতাকে বিচাৰি পাই তুলি-তালি ডাঙৰ দীঘল কৰে। এই শিশুটিয়েই আছিল লোহিত দত্ত বৰুৱা।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

লোহিত দত্ত বৰুৱা ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰ হিচাপে অইল ইণ্ডিয়াৰ চাকৰিত যোগদান কৰে। পিছত উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যাবলৈ লিয়েন নিদিয়াত তেওঁ অইলৰ চাকৰি ত্যাগ কৰি আমেৰিকালৈ যায়। পৰৱৰ্তীকালত আমেৰিকাৰ হিউষ্টনৰ “ইউনাইটেড টেক্সাছ ট্ৰেন্সমিছন কোম্পানী’’ত যোগ দিয়ে আৰু অৱসৰলৈ সেই কোম্পানীতে কাম কৰি আছিল।[1]

সাহিত্য কৃতি

[সম্পাদনা কৰক]

দত্তবৰুৱাই ইংৰাজী আৰু অসমীয়া ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ উপৰি প্ৰান্তিক, গৰিয়সী আদি আলোচনী আৰু বাতৰি কাকতত নিবন্ধ লিখিছিল। তেওঁ লিখা পুথিসমূহ:-

  1. My Random Thoughts (পূৰ্বায়ন প্ৰকাশন) ২০২২
  2. Learning Assamese Language:A Brief Handbook (স্পন্দন প্ৰকাশন) ২০২১[2]
  3. Wanderlust (স্পন্দন প্ৰকাশন) ২০১৫
  4. One Long Journey, (Abington house,USA) ২০১৯[3]
  5. Color of Life, (PublishAmerica, USA) ২০০৪
  6. A View Through My Window,(PublishAmerica, USA) ২০০৪
  7. Natural Gas Measurement & Control (McGraw Hill Publishing USA) ১৯৯১[4]
  8. Digital Computer: Repair and Maintenance (Tata McGraw Hill Co. New Delhi) ১৯৯৮
  1. বহু ছবি বহু ৰং: জীৱনৰ সমাজৰ (স্পন্দন প্ৰকাশ) ২০২৪
  2. আমেৰিকাৰ চিঠি (স্পন্দন প্ৰকাশ) ২০১৮
  3. এৰাবাটৰ সুৰ (স্পন্দন প্ৰকাশ) ২০১৮
  4. নীলকণ্ঠৰ আৰু এমুঠি লিখা (স্পন্দন প্ৰকাশ) ২০১৮
  5. নীলকণ্ঠৰ এমুঠি গল্প আৰু কবিতা (স্পন্দন প্ৰকাশ) ২০১৩
  6. বিভিন্ন ৰহণ (সুভদ্ৰা প্ৰকাশন) ২০০৫
  7. যাত্ৰাৰ শেষ নাই ( মণিকূট প্ৰকাশ) ২০২৪

সামাজিক কৰ্ম

[সম্পাদনা কৰক]

দত্ত বৰুৱাই বিদেশত থাকিও অসমৰ কল্যাণৰ বাবে কিছু কাম কৰিছিল। তেওঁ অসম শিশু কল্যাণ সদনক তেওঁ আইতাক সুভদ্ৰা মজুমদাৰৰ সোঁৱৰণত প্ৰায় ১০ লাখ টকাৰে ৬ কিলোৱাট আৰু ৪ কিলোৱাটৰ দুটা সৌৰশক্তি উৎপাদন পেনেল, চাৰিটা ইলেক্ট্ৰনিক ৱাটাৰ হিটাৰ আৰু ৯টা চ’লাৰ ষ্ট্ৰীট লাইট যোগান ধৰিছিল।[5] গুৱাহাটীৰ পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ককাক বিহুৰাম মজুমদাৰ আৰু আইতাক সুভদ্ৰা মজুমদাৰৰ সোঁৱৰণত এটা পুথিভঁৰাল নিৰ্মাণ কৰে।

২ নৱেম্বৰ ২০২৪ত তেওঁৰ আমেৰিকাৰ হিউষ্টনত আকস্মিক বিয়োগ ঘটে।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. ইয়ালৈ যাওক: 1.0 1.1 বৰা, লক্ষ্মীনন্দন (১৬-৩১ ডিচেম্বৰ ১৯৯১). "সীমাৰ পৰিধি ভাঙি". প্ৰান্তিক (একাদশ বছৰ ২য় সংখ্যা): ১৬. 
  2. দাস, কুমুদ ৰঞ্জন (২৪ অক্টোবৰ ২০২৪). "অসমীয়া ভাষাৰ গুৰুত্ব আৰু দিজিটেল স্কুল অফ দিল্লীৰ পদক্ষেপ". অসমীয়া খবৰ. 
  3. https://www.twistandtwain.com/book-reviews/one-long-journey-a-memoir/
  4. https://books.google.co.in/books/about/Natural_Gas_Measurement_and_Control.html?id=lKlTAAAAMAAJ&redir_esc=y
  5. "বাৰ্ষিক প্ৰতিবেদন". অসম শিশু কল্যাণ সদন: ২৬. ২০১৯-২০.