সমললৈ যাওক

শিঙৰীঘৰত উঠা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিঙৰীঘৰত উঠা আহোম ৰজাসকলৰ ৰাজ্যাভিষেক অনুষ্ঠান। আহোম ৰজাসকলৰ ৰাজ অভিষেক উৎসৱ এক বিশেষ পৰম্পৰাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। আহোম ৰজাসকলে অভিষেকৰ সময়ত মূলতঃ আহোম টাই পৰম্পৰা মানিছিল, হিন্দু নিয়মেৰে হিন্দু নাম উপধি পিছলৈ গ্ৰহণ কৰিছিল যদিও সেয়া আছিল টাই নামৰ অনুবাদ মাত্ৰ। শক্তি বাঢ়ি অহাৰ লগে লগে আহোম ৰজাসকলে অভিষেকৰ সময়ত ৰাজমোহৰ প্ৰচলন কৰিছিল নতুন স্বৰ্গদেৱৰ নামত। আনুষ্ঠানিক ভাবে চোম-ছেং বা চোমদেৱৰ মূৰ্তি ডিঙিত পিন্ধি হলুং ঘৰত প্ৰৱেশ কৰি ৰাজ অভিষেক আনুষ্ঠানিক ভাৱে নকৰা পৰ্যন্ত স্বৰ্গদেৱে মান্য ৰজাৰ সম্মান নাপাইছিল।[1] ৰজা হলেও হলুং ঘৰত অভিষেক নোহোৱা পৰ্যন্ত তেওঁ আছিল চুলুং ৰজা।

আনুষ্ঠানিকতা

[সম্পাদনা কৰক]

আহোম ৰজাসকলৰ অভিষেক অনুষ্ঠানৰ বিৱৰণ শেষ ভাগলৈ বিস্তৃত ৰূপত ৰখা হৈছিল। স্বৰ্গদেৱ প্ৰথম হাতীত উঠি চোমঘৰ বা চুম ঘৰলৈ যায়। চোমঘৰ বা চুমঘৰত পবিত্ৰ চোম-ছেং মূৰ্তি ৰখা হয়। চোম দেৱৰ মূৰ্তি ডিঙিত পিন্ধি ৰজাই হলুং ঘৰত প্ৰৱেশ কৰে। ৰাজ অভিষেকৰ বাবে নিৰ্মিত ঘৰ শিঙৰি কাঠৰে নিৰ্মিত আছিল বাবে শিঙৰি ঘৰ বুলিও জনা যায়। নীতিমতে স্নান কৰি ৰজাই ৰাজ সাজ-পাৰ পিন্ধি সোণৰ পীৰাত বহে। ৰজাৰ এই সময়তে আহোম মতে নাম থয় আহোম পুৰোহিত (দেওধাই, মহন,বাইলুঙ পৰিয়ালৰ এজনে)। হিন্দু ধৰ্মৰ প্ৰাধান্য থকা বাবে আহোম নামৰ লগতে হিন্দু নামো ৰখা হয়। ৰাজ অভিষেকৰ এই অনুষ্ঠান সাতদিন, সাত ৰাতি চলে। এই অনুষ্ঠানত সকলো সন্ত-মহন্ত, ডা-ডাঙৰীয়া তথা সন্মানিত ব্যক্তি উপস্থিত থকা নিয়ম।[2] সাত দিন সাত ৰাতি ঢোল, পেপা, কাঁহ বজাই প্ৰজাই আনন্দ উৎসৱ কৰে। ডা-ডাঙৰীয়া সকলক ভোজ-ভাত খুওৱা হয়।[3] তেওঁলোকক মান্যতা অনুসৰি সোণৰ কেৰু, খাৰু, সোণালী চাদৰ, টঙালি, সোণ, কপ আদি দান দিয়া হয়।[4] ৰজাই সাত দিনৰ অন্তত চোমদেৱৰ মূৰ্তি হাতীত উঠি গৈ পুনৰ চোমঘৰত থৈ আহে।[5] ৰাজ অভিষেকৰ পিছত আয়ু বৰ ৰোপণ কৰাটোও এটা বিশেষ অনুষ্ঠান। চুম-ছেং পূজা টাইসকলৰ পবিত্ৰ অনুষ্ঠান। ৰাজ পৰিয়ালৰ শেষ আৰু পবিত্ৰতাৰ প্ৰতীক এই চোম-ছেং মূৰ্তি ৰাজ অভিষেকৰ সময়ত কেৱল ৰজাই পিন্ধে আৰু ৰজাই পূজা কৰে। চোম-ছে বা চুম-ছেং মূৰ্তি চীন আৰু দক্ষিণ-পূৱ এছিয়াত ভিন ভিন নামেৰে জনাজাত। পৰম্পৰাগত ড্ৰেগনৰ সমপৰ্যায়ৰ। কোনো কোনো পণ্ডিতৰ মতে ই নটা ভিন ভিন জন্তুৰ সমাহাৰ প্ৰতীক। সাধাৰণ ৰূপত ইয়াৰ মূৰটো ঘোঁৰাৰ, নেজডাল সাপ। দুয়োকাষ পাখিযুক্ত। ইচাৰিঠেঙীয়া আৰু পাঁচনখযুক্ত। মতভেদে চোমনে মূৰ্তি বা কিম্বা লগলীন সৰু মূৰ্তিৰ দৰে বুলিও জনা যায়। আহোম যুগৰ মুদ্ৰা, স্থাপত্য, তামৰ ফলি,চিত্ৰ, হস্তশিল্প আদিত এই ড্ৰেগন-সদৃশ কাল্পনিক মূৰ্তি প্ৰতীক দেখা যায়।

বুৰঞ্জীবিদৰ মতামত

[সম্পাদনা কৰক]

ৰাজেশ্বৰ সিংহৰ সিংহাসনত উঠা উৎসৱৰ বৰ্ণনা বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাই এইদৰে দিছে-

১৬৭৩ শকৰ ৩০ আহিন কৃষ্ণ দশমী তিথিত বনাথ গোহঁইদেৱ সিংহাসনত উঠিল। শিগৰিঘৰত সিংহাসনত মুঠালৈকে ৰজা পূৰ্ণহতীয়া নৃপতি হব নোৱাৰে, তেওঁ চুলুংৰজা নামেহে অভিহিত হৈ থাকে। সেইদেখি শিঘিৰত উঠা উৎসৱ বৰ সমাৰৰহেৰে পতা হৈছিল। ১৭৭১ শকত ৰংপুৰত শিঙৰিঘৰত উঠি স্বৰ্গদেৱে হিন্দুমতে ৰাজেশ্বৰ সিংহ আৰু আহোম মতে চুমফা নাম গ্ৰহণ কৰে। সেই উৎসৱ সাতদিন ধৰি ব্যাপ্ত আছিল।
ৰজাসকলে অভিষেকৰ সময়ত নিজৰ নামত মোহৰাইছিল। এই শিঙৰিঘৰত উঠা উৎসৰ দিনা ৰজাক আশীৰ্বাদ দি অভিষিক্ত কৰাৰ মুহূৰ্তক পিচতে বঢ়াকত কোৰ পৰাৰ লগে লগে টালত পূৰ্বৰে ৰা চাকলি কৰি থোৱা সোণৰূপৰ মোহত নতুন ৰ নাম আৰু শকৰ চাৰ থকা হাতুৰীৰ কোব পৰিছিল।

এই মোহৰত প্ৰথম টাই ভৰা আৰু পিছলৈ বিনিময়ৰ সুবিধাৰ বাবে অসমীয়া, নাগেৰী আৰু পাটা- এই তিনিটা ভাবা ব্যৱহাৰ কৰিছিল। অৰ্থাৎ, মুদ্ৰাত বিনিময়ৰ সুবিধাৰ বাবে ৰজাই চতুৰ্তাসূত্ৰ অনুসৰণ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 412
  2. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 414
  3. Gait E.A. A History of Assam 1926 page 235
  4. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 414
  5. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) 1968 page 47