সমললৈ যাওক

শিলিগুড়ি কৰিডৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিলিগুড়ি কৰিডৰ (ইংৰাজী: Siliguri Corridor) হৈছে ভাৰতপশ্চিমবংগ ৰাজ্যৰ শিলিগুড়ি চহৰৰ আশে-পাশে থকা সংকীৰ্ণ অঞ্চল।[1][2] ইংৰাজীত ইয়াক চিকেনজ নেক (অৰ্থাৎ: কুকুৰাৰ মূৰ) বুলিও কোৱা হয়। আটাইতকৈ সংকীৰ্ণ অংশত ই ২০–২২ কিলোমিটাৰ (১২–১৪ মাইল) দৈৰ্ঘ্যৰ ভূ-ৰাজনৈতিক আৰু ভূ-অৰ্থনৈতিক কৰিডৰৰে উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্যক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে।

ৰঙা হাইলাইট চক্ৰৰ ভিতৰত ভাৰতীয় ভূখণ্ডৰ এক সংকীৰ্ণ অংশ হৈছে শিলিগুৰি কৰিডৰ।

শিলিগুড়ি কৰিডৰ হৈছে ভূটান, নেপাল, বাংলাদেশ, ছিকিম, দাৰ্জিলিং, আৰু উত্তৰ-পূব ভাৰতক ইটোৰ সিটোৰ লগত সংযোগ কৰা কেন্দ্ৰীয় স্থান।

ইতিহাস[সম্পাদনা কৰক]

ভাৰত বিভাজনৰ ফলত ১৯৪৭–১৯৪৮ চনত বংগ (পূব বংগত) বিভাজনৰ পিছত পূব পাকিস্তান (বৰ্তমান বাংলাদেশ) সৃষ্টিৰ জৰিয়তে শিলিগুৰি কৰিডৰ গঠন হয়।[3]

১৯৭৫ চনত ৰাজহুৱাভাৱে অনুষ্ঠিত হোৱা গণভোটৰ জৰিয়তে ভাৰতৰ সৈতে মিলন নোহোৱালৈকে ছিকিম ৰাজ্য পূৰ্বতে কৰিডৰৰ উত্তৰ দিশত আছিল। ইয়াৰ ফলত ভাৰতে শিলিগুৰি কৰিডৰৰ উত্তৰ দিশত বাফাৰ লাভ কৰাৰ লগতে চুম্বি উপত্যকাৰ পশ্চিম দিশৰ ওপৰত ভাৰতৰ নিয়ন্ত্ৰণ সুদৃঢ় হয়।[4][5]

স্থান আৰু মাত্ৰা[সম্পাদনা কৰক]

কৰিডৰৰ মাত্ৰা (দূৰত্ব কিলোমিটাৰত উল্লেখ কৰা হৈছে)

কৰিডৰৰ মাত্ৰাসমূহ সাধাৰণতে ব্যাখ্যাৰ বিষয়। প্ৰায় বৰ্ণনাত ইয়াৰ আয়তন বহল অংশত ১৭০ বাই ৬০ কিলোমিটাৰ (১০৬ বাই ৩৭ মাইল) আৰু আটাইতকৈ সংকীৰ্ণ অংশটোত ২০–২২ কিলোমিটাৰ (১২–১৪ মাইল) বুলি কোৱা হৈছে।

জনপ্ৰিয় সংস্কৃতিত[সম্পাদনা কৰক]

২০০০ চনত হামফ্ৰে হকছলীয়ে তেওঁৰ উপন্যাস "ড্ৰেগন ফায়াৰ"ত চীনে ভাৰতৰ উত্তৰ-পূব ভূখণ্ডলৈ যোৱা স্থলপথ দখল কৰাৰ কাল্পনিক পৰিস্থিতিৰ বিষয়ে চমুকৈ উল্লেখ কৰিছিল। তদুপৰি, ব্ৰিগেডিয়াৰ বব বুটালিয়াৰৰ "এচেচিনছ মেচ (২০১১)"ত ডোক্লাম আৰু জালধাকা নদীৰ সৈতে জড়িত এনে পৰিস্থিতিও জড়িত হৈ আছে।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]