শুকুলা ঘোঁৰা (গ্ৰন্থ)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
শুকুলা ঘোঁৰা | |
---|---|
লেখক | প্ৰবীণা শইকীয়া |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | সামাজিক উপন্যাস |
প্ৰকাশ | ২০০৫ |
শুকুলা ঘোঁৰা প্ৰবীণা শইকীয়াৰ এখন উপন্যাস। শুকুলা ঘোঁৰা উপন্যাসখন মূলতঃ অসমৰ গ্ৰাম্য সমাজৰ পটভূমিত ৰচিত। উপন্যাসখনত চহা গ্ৰাম্য জীৱনৰ বহুটো ছবি প্ৰতিফলিত হৈছে। উপন্যাসখনত সমাজত প্ৰচলিত অন্ধবিশ্বাসৰ প্ৰভাৱ পৰিছে। মানুহৰ দেহৰ অংগৰ বিচাৰ কৰা, ভূত-প্ৰেত বিশ্বাস, জৰা ফুকা, ক'লা যাদু, মন্ত্ৰ, তাবিজ আদিৰ বিশ্বাস উপন্যাসখনত প্ৰতিফলিত হৈছে। এই উপন্যাসখন ঔপন্যাসিকৰ মৃত্যুৰ পাছত প্ৰকাশ পায়।
ঔপন্যাসিকৰ চমু পৰিচয়
[সম্পাদনা কৰক]অসমীয়া সাহিত্যৰ স্বৰাজোত্তৰ কালৰ এগৰাকী বিশিষ্ট লেখিকা হৈছে প্ৰবীণা শইকীয়া। ১৯৩৬ চনৰ তিনিচুকীয়াত তেখেতৰ জন্ম হয়। ৰামধেনু লগতে তেখেতে মনিদীপ, প্ৰকাশ আলোচনীত সাহিত্য চৰ্চা কৰে। তেখেতে ৰচনা কৰা উপন্যাস সমূহ হ'ল- উত্তৰায়ণ (১৯৬৭), সিংহদুৱাৰ(১৯৮২), শুকুলা ঘোঁৰা (২০০৫)। তেখেতৰ গল্প সংকলন কেইখনৰ নাম হ'ল- চিত্ৰ তুৰগ (১৯৭৯), অবিনাশী স্বপ্ন (১৯৯০)। অনুবাদ কৰ্ম- অজান দেশত এলিচ (১৯৬৩), দাপোন দেশত (এলিচ), স্নাৰ্ক চিকাৰ (১৯৮২), অমূল্য ৰত্নৰ দ্বীপ, কলামণি। এইগৰাকী লেখিকাই অতি কম বয়সত ১৯৯৯ চনত মৃত্যুবৰণ কৰে।[1]
চৰিত্ৰ
[সম্পাদনা কৰক]হেমধৰ, সাৱিত্ৰী, হেমধৰৰ মাক, যশোদা বুঢ়ী, সোণকণ, মাধৱ, সোণেশ্বৰ, যদু, ফেচুঁ, প্ৰেমকান্ত বায়ন, অপেছৰী (তিলোত্তমা), সপোন ককাইদেউ, গোপাল, ইলাহী, কৰিম, বায়ননী
উপন্যাসখনৰ চমু কাহিনী
[সম্পাদনা কৰক]এই উপন্যাসখন মূলতঃ চৰিত্ৰ প্ৰধান উপন্যাস। উপন্যাসখনত প্ৰতিটো চৰিত্ৰৰ লগত একোটা কাহিনী উপস্থাপন কৰিছে। উপন্যাসখনত সাৱিত্ৰী চৰিত্ৰটোক এটা শোষিত চৰিত্ৰ হিচাপে দেখুওৱা হৈছে। সাৱিত্ৰী কিদৰে অন্ধবিশ্বাসৰ বলী হৈ শাহুৱেকৰ পৰা শোষিত হব লগা হয়, যাৰ বাবে আত্মহত্যাৰ দৰে পথ বাচিব লগা হয়, সেইকথা উপন্যাসখনৰ মাজেৰে প্ৰতিফলিত হৈছে। সাবিত্ৰী হেমধৰৰ ঘৈণীয়েক। হেমধৰ শিক্ষিত যদিও অন্ধবিশ্বাসৰ বিৰোধিতা কৰিব পৰা নাই। যশোদা এটা সাহসী আৰু প্ৰতিবাদী চৰিত্ৰ। সমাজৰ কুসংস্কাৰৰ বিৰুদ্ধে মাত মাতিছে। যশোদাৰ মাজত এটা ক্ষীণ নাৰীবাদ প্ৰকাশ পাইছে। সমাজত নাৰীক পুৰুষৰ সমানে বহিব দিয়া হোৱা নাছিল। যাৰ বাবে যশোদা প্ৰতিবাদ কৰিছে। কিন্তু অৱশেষত হাৰ মানি মৃত্যুবৰণ কৰিছে। উপন্যাসখনত এটা বগা ঘোঁৰাৰ কথা কোৱা হৈছে। সকলোৱে ঘোঁৰাটোক দেৱতা বা ঐশ্বৰিক শক্তি বুলি ভাৱিছিল। কিন্তু ঘোঁৰাটো ইলাহীৰহে আছিল। অপেছৰীক ইচ্ছাৰ বিৰুদ্ধে প্ৰেমকান্তই বিয়া দিব লয়, কিন্তু তাই বিয়াৰদিনাই পলাই যায়। উপন্যাসখনত বাস্তৱ জীৱনৰ কিছুমান ঘটনা প্ৰকাশ পাইছে।[2]
উদ্ধৃতি
[সম্পাদনা কৰক]- ↑ "প্ৰবীণা শইকীয়া". https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A7%80%E0%A6%A3%E0%A6%BE_%E0%A6%B6%E0%A6%87%E0%A6%95%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE। আহৰণ কৰা হৈছে: 14 May 2024.
- ↑ প্ৰবাণা শইকীয়া (২০০৫). শুকুলা ঘোঁৰা.