প্ৰবীণা শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰবীণা শইকীয়া
জন্ম ১৯৩৬ চন
তিনিচুকীয়া
মৃত্যু ১৯৯৯ চন
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
শিক্ষা সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়
জনা যায় কবি, গল্পকাৰ, ঔপন্যাসিক
উল্লেখযোগ্য কৰ্ম প্ৰবীণা (১৯৬৭), চিত্ৰ তুৰগ (১৯৭৯), অবিনাশী স্বপ্ন (১৯৯০), অজান দেশত এলিচ (১৯৬৩)
দাম্পত্যসঙ্গী চন্দ্ৰপ্ৰসাদ শইকীয়া
পিতৃ-মাতৃ নন্দেশ্বৰ দাস (পিতৃ) ৰত্নেশ্বৰী মহন্ত (মাতৃ)


প্ৰবীণা শইকীয়া (ইংৰাজী: Prabina Saikia) (১৯৩৬-১৯৯৯) অসমীয়া সাহিত্যৰ স্বৰাজোত্তৰ কালৰ এগৰাকী বিশিষ্ট লেখিকা। কবি, গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক হিচাপে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। তিনিচুকীয়াত জন্ম গ্ৰহণ কৰা প্ৰবীণা শইকীয়াৰ দেউতাক নন্দেশ্বৰ দাস আৰু মাতৃৰ নাম ৰত্নেশ্বৰী মহন্ত।

সাহিত্য-চৰ্চা[সম্পাদনা কৰক]

ৰামধেনু (আলোচনী)ৰ পাতত আত্মপ্ৰকাশ কৰা লেখিকাগৰাকীয়ে পৰৱৰ্তী সময়ত মণিদীপ, অসমীয়া, প্ৰকাশ (আলোচনী) আদি আলোচনীৰ পাতত সাহিত্য চৰ্চা কৰে। তেখেতৰ উল্লেখযোগ্য সাহিত্য-কৰ্মসমূহ হল-

উপন্যাস[সম্পাদনা কৰক]

  • উত্তৰায়ণ(১৯৬৭)
  • সিংহদুৱাৰ(১৯৮২)
  • শুকুলা ঘোঁৰা()

গল্প-সংকলন[সম্পাদনা কৰক]

  • চিত্ৰ তুৰগ(১৯৭৯)
  • অবিনাশী স্বপ্ন(১৯৯০)

অনুবাদ কৰ্ম[সম্পাদনা কৰক]

  • অজান দেশত এলিচ (১৯৬৩)
  • দাপোন দেশত এলিচ (১৯৮৪)
  • স্নাৰ্ক চিকাৰ (১৯৮২)
  • অমূল্য ৰত্নৰ দ্বীপ (Treasure Island ৰ অনুবাদ)
  • কলামণি (Black Beauty ৰ অনুবাদ)

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

অসম বাতৰি, প্ৰকাশ, গৰীয়সী আদি কাকতৰ সম্পাদক, বিশিষ্ট লেখক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সৈতে ১৯৫৮ চনত বিবাহ সম্পন্ন হয়। [1] এইগৰাকী সাহিত্যিৰ স্মৃতিত প্ৰবীণা শ‍ইকীয়া বঁটা প্ৰদান কৰি অহা হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. কথা গুৱাহাটী(অসমীয়া নাৰী বিশেষ সংখ্যা), আগষ্ট, ২০০৪, পৃ.১৪