শুতনুকা প্ৰত্নলিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শুতনুকা প্ৰত্নলিপি হ'ল ছোটনাগপুৰৰ ৰামগড় পৰ্বতৰ ওপৰত অৱস্থিত জোগীমাৰা নামৰ গুহাত খোদিত এখন শিলালিপি। ‘শুতনুকা’ নামেৰে জনাজাত তিনিশাৰীৰ এখন সৰু লিপি। এই লিপিৰ প্ৰথম শব্দ ‘শুতনুক’ নামৰ পৰা লিপিখনক ‘শুতনুকা প্ৰত্নলিপি' বুলি কোৱা হয় আৰু সময় আনুমানিক খ্ৰীষ্ট-পূৰ্ব দ্বিতীয় শতাব্দী।[1]

লিপিখনৰ গুৰুত্ব[সম্পাদনা কৰক]

এই লিপিখন সৰু যদিও বিষয়বস্তু আৰু ভাষাৰ দৃষ্টিকোণৰ পৰা অত্যন্ত তাৎপৰ্যপূৰ্ণ। ইয়াৰ কাৰণ দুটা: প্ৰথমতে ইয়াত কোনো ৰজা-মহাৰজাৰ কীৰ্তিকলাপ বা শৌৰ্য-বীৰ্য ঘোষিত হোৱা নাই বা প্ৰজাৰ কৰণীয় কৰ্তব্যৰ প্ৰতিও কোনো ৰজাৰ ই আদেশনামা নহয়, বৰং এজন সাধাৰণ শিলাকুটীয়া বা ভাস্কৰ-শিল্পীৰ অন্তৰৰ এক মৰ্মন্তুদ ব্যথাহে শিলত খোদিত দ্বিতীয়তে ইয়াৰ ভাষাই প্ৰাচ্যা আৰু প্ৰাচ্য-মধ্যা দুইটা উপভাষাৰে বৈশিষ্ট্য প্ৰতিফলিত কৰিছে। প্ৰাচ্যা আৰু প্ৰাচ্য-মধ্যা উভয়ৰে বৈশিষ্ট্য, যেনে—ৰ > ল, ণ, ন-ৰ মাজত কেৱল ‘ন’ৰ ব্যৱহাৰ (যেনে নম-<নাম), পুংলিংগৰ একবচনত -এ বিভক্তি বা বিসৰ্গযুক্ত পদান্ত অকাৰ এ-কাৰ হোৱা (যেনে – লুপদখে->ৰূপদক্ষঃ) আদি পোৱা গৈছে। আনহাতে প্ৰাচ্যাত নোপোৱা, কিন্তু প্ৰাচ্য-মধ্যাত পোৱা শ’ৰ ব্যৱহাৰ, ই-কাৰৰ প্ৰভাৱত য়ৰ আগম বা তালবীভৱন [যেনে – দেৱদশিক্যি>দেৱদাসী (* দেৱদাসিকী)] ইয়াত পোৱা গৈছে। গতিকে এই লিপিৰ ভাষাই প্ৰাচ্য আৰু প্ৰাচ্যা-মধ্যাৰ সংমিশ্ৰিত ৰূপ প্ৰতিফলিত কৰিছে বুলি ক'ব পাৰি। অশোক-অনুশাসনৰ পাছতেই বিষয়বস্তু আৰু ভাষা-বৈশিষ্ট্যৰ দিশৰ পৰা বিশেষ উল্লেখযোগ্য। পৰৱৰ্তী কালৰ সাহিত্যিক-মাগধীৰ তিনিটা প্ৰধান বৈশিষ্ট্য, যেনে- 'শৰ প্ৰয়োগ, ৰ ‘ল’-ত পৰিণত হোৱা আৰু অ-কাৰান্ত পুংলিংগৰ একবচনত 'এ' হোৱা বা বিসৰ্গযুক্ত পদান্ত অ-কাৰ এ-কাৰ হোৱা— এই লিপিয়ে বহন কৰিছে আৰু এই কাৰণে ড’ সুনীতি কুমাৰ চট্টোপাধ্যায়ে এই লিপিক মাগধীৰ সৰ্বপ্ৰাচীন নিদৰ্শন বুলি মন্তব্য কৰিছে।[1]

লিপিখনৰ পাঠ[সম্পাদনা কৰক]

লিপিখন এনে ধৰণৰ- “শুতনুক নম দেৱদশিক্যি। তং কময়িথ বলনশেয়ে দেৱদিনে নম লুপদখে। অনুবাদঃ- ‘শুতনুক নামৰ দেৱদাসীক কামনা কৰিছিল (ভাল পাইছিল) বাৰানসীৰ দেৱদিন নামৰ ৰূপদক্ষই।[1]

লিপিখনৰ বিষয়বস্তু[সম্পাদনা কৰক]

এই লিপিখনক ভাৰতীয় প্ৰেম-কবিতাৰ সৰ্বপ্ৰাচীন নিদৰ্শন বুলি ক'ব পাৰি। কাৰণ ইয়াৰ মাজত প্ৰেম-হেৰুৱা এগৰাকী ৰূপদক্ষ বা শিল্পীৰ বেদনা প্ৰকাশ পাইছে। লিপিখনৰ বিষয়বস্তু অনুধাৱন কৰি বুজিব পাৰি যে এক সভ্ৰান্ত বংশীয় দেৱদিন নামৰ ভাস্কৰ-শিল্পীয়ে শুতনুক নামৰ এগৰাকী দেৱদাসীক ভাল পাইছিল; সেই ভালপোৱা নিশ্চয় অতি গভীৰ আছিল। কিন্তু সামান্য দেৱদাসীক ভালপোৱাৰ অপৰাধত হয়তো সেই কুলীন বংশীয় শিল্পীয়ে তৎকালীন সমাজ বা ৰাজকীয় বিচাৰত দোষী সাব্যস্ত হৈ ৰামগড় পৰ্বতৰ দুৰ্গম অৰণ্যত নিৰ্বাসন দণ্ড ভুগিব লগা হৈছিল। নিৰ্বাসিত প্ৰেমিক শিল্পীয়ে প্ৰিয়তমাৰ পৰা আঁতৰি থাকিব লগা হোৱাত হৃদয়ৰ দুখ উপশমৰ বাবে থাকিবলৈ লোৱা গুহাৰ মুখতে এই শাৰী তিনিটা খোদিত কৰিলে। য'ত প্ৰস্ফুটিত হৈছে প্ৰেম আৰু হৃদয়ৰ ব্যাকুলতা ।[2] এই লিপিখন খ্ৰীষ্ট পূৰ্ব শতিকাৰ যদিও দেৱদিন-শুতনুকৰ প্ৰণয় -কাহিনী ৰূপকথা হিচাপে জনসমাজৰ মাজত বহুদিন প্ৰচলিত হৈ থাকিল। এই প্ৰেমৰ অৱলম্বনতে পাছৰ কালত কালিদাসে তেওঁৰ অমৰ প্ৰেমকাব্য ‘মেঘদূত’ ৰচনা কৰিবলৈ প্ৰেৰণা পাইছিল বুলি ভাবিবৰ অৱকাশ আছে। কাৰণ ‘মেঘদূত'ৰ নায়ক যক্ষ প্ৰিয়া-বিৰহিত হৈ ৰামগিৰিত নিৰ্বাসিত হৈ আছিল। ৰামগড় আৰু ৰামগিৰি নামৰ মিল তাৎপৰ্যপূৰ্ণ। মেঘদূত যি দৰে প্ৰিয়া-বিবহিত প্ৰেমিক হৃদয়ৰ কাতৰ হুমুনিয়াহ, তেনেদৰে শুতনুকা-লিপিও প্ৰিয়া-বিবহিত শিল্পী-হৃদয়ৰ গভীৰ আৰ্তি।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 নগেন ঠাকুৰ (২০০২). পালি প্ৰাকৃত অপভ্ৰংশ ভাষা আৰু সাহিত্য. প্ৰকাশক গুৱাহাটী: কে এম পাব্লিছিং. পৃষ্ঠা. ৬১--৬৩. ISBN 81-85916-36-5. 
  2. "Book Review". indiatoday.in. https://www.indiatoday.in/magazine/leisure/story/20190218-book-review-past-continuous-1450955-2019-02-08.