শৈলধৰ ৰাজখোৱা
অৱয়ব
শৈলধৰ ৰাজখোৱা | |
---|---|
জন্ম | ১৮৯২ চন অসম |
মৃত্যু | ১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ ১৭তাৰিখ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শৈলধৰ ৰাজখোৱা (ইংৰাজী: Sailadhar Rajkhowa) অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ আছিল। স্কুলীয়া ছাত্ৰ অৱস্থাৰ পৰাই তেখেতে কবিতা লিখাৰ অভ্যাস কৰিছিল। তেখেতে আলোচনী উষা, বাঁহী আদিত অনেক কবিতা ৰচনা কৰিছিল।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]শৈলধৰ ৰাজখোৱাৰ জন্ম হৈছিল ১৮৯২ চনত ডিব্ৰুগড়ৰ চিৰিং চাপৰিত। তেখেতৰ পিতৃৰ নাম চন্দ্ৰধৰ ৰাজখোৱা।[1]
শিক্ষা
[সম্পাদনা কৰক]- তেওঁ ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা লাভ কৰিছিল।
- ১৯১৪ চনত কটন কলেজৰ পৰা বি.এ উপাধি লাভ কৰিছিল।[2]
চাকৰি জীৱন
[সম্পাদনা কৰক]- ১৯১৭ চনত ডিব্ৰুগড় হাইস্কুলৰ শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।
- ১৯১৯ চনত মাটিৰ হাকিমৰ চাকৰি কৰি শিৱসাগৰ,বৰপেটা,তেজপুৰ,ধুবুৰী আদিত কাম কৰি ১৯৪৭ চনত ই.এছ.চি হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয়।[3]
সাহিত্যৰাজি
[সম্পাদনা কৰক]কবিতাপুথি
[সম্পাদনা কৰক]- নিজৰা(১৯৩৫)[4]
- উদগনি (১৯৯০)
নাটক
[সম্পাদনা কৰক]- বিদ্যাৱতী(১৯১৮)
- অসম গৌৰৱ(১৯৫৩)[5]
মৃত্যু
[সম্পাদনা কৰক]- ১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ ১৭তাৰিখে মৃত্যু হৈছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
- ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
- ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন,তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
- ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা,সম্পা:মহেশ্বৰ নেওগ,পঞ্চদশ তাঙৰণ:২০১৮ পৃষ্ঠা নং ২৭০
- ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন,তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
- ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪