শ্বাহেদা মুস্তাফিজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বাহেদা মুস্তাফিজ
ৰাষ্ট্ৰীয়তা বাংলাদেশী
জনা যায় বাংলাদেশেৰ প্ৰথম মহিলা কম্পিউটাৰ প্ৰ'গ্ৰামাৰ

শ্বাহেদা মুস্তাফিজ (বাংলা: শাহেদা মুস্তাফিজ) (জন্ম: ১৯৪৯) বাংলাদেশৰ প্ৰথম মহিলা কম্পিউটাৰ প্ৰ'গ্ৰামাৰ। [1] [2] [3]

জীৱনী[সম্পাদনা কৰক]

অৰ্থনীতিত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত শ্বাহেদা মুস্তাফিজে আমেৰিকাৰ এনচিআৰ কৰ্প'ৰেচন চফ্টৱেৰ আৰ্কিটেকচাৰৰ এবছৰীয়া প্ৰশিক্ষণ লয়। ১৯৭৬ চনত তাই সেই সংস্থাৰ বাংলাদেশ শাখাত চিষ্টেমছ মেনেজাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। [1] [2] এন চি আৰ কৰ্পৰেশ্যনত কাম কৰাৰ পিছত তাই লিডছ কৰ্পৰেশ্যনত কাম কৰে। ১৯৯৮ চনত তাই প্ৰবিতি চিষ্টেমছ লিমিটেডৰ পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লয়। [1] [2] ইয়াৰ উপৰিও তাই কানাডাৰ ২০-২০ টেকন'লজিছ ইনকৰ্পৰেচনৰ বাংলাদেশ শাখাৰ পৰিচালন সঞ্চালক আৰু আমেৰিকাত ই-টেকলজিক্স ইনকৰ্পৰেচনৰ বাংলাদেশ শাখাৰ কাৰ্যবাহী উপ-সভাপতি হিচাপে কাম কৰি আহিছে। [1] ইয়াৰ উপৰিও মহিলা আৰু শিশুৰ বাবে কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ চলোৱাৰ লগতে পুত্ৰৰ চফটৱেৰ ডেভেলপমেণ্ট কোম্পানীত কনচালটেণ্ট হিচাপে কাম কৰে। [1] [2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "তিনি দেশেৰ প্ৰথম নাৰী প্ৰোগ্ৰামাৰ". 10 March 2018. https://www.prothomalo.com/technology/article/1447236/%e0%a6%a4%e0%a6%bf%e0%a6%a8%e0%a6%bf-%e0%a6%a6%e0%a7%87%e0%a6%b6%e0%a7%87%e0%a6%b0-%e0%a6%aa%e0%a7%8d%e0%a6%b0%e0%a6%a5%e0%a6%ae-%e0%a6%a8%e0%a6%be%e0%a6%b0%e0%a7%80-%e0%a6%aa%e0%a7%8d%e0%a6%b0%e0%a7%8b%e0%a6%97%e0%a7%8d%e0%a6%b0%e0%a6%be%e0%a6%ae%e0%a6%be%e0%a6%b0। আহৰণ কৰা হৈছে: 21 July 2019. 
  2. 2.0 2.1 2.2 2.3 "প্ৰোগ্ৰামিং-এ 'প্ৰথমা' শাহেদা মুস্তাফিজ". অনন্যা. 17 July 2018. Archived from the original on ২৮ অক্টোবৰ ২০১৯. https://web.archive.org/web/20191028155506/http://www.anannya.com.bd/fullnews.php?id=1463। আহৰণ কৰা হৈছে: 21 July 2019. 
  3. Kabir, Humaun. "দেশেৰ প্ৰথম নাৰী প্ৰোগ্ৰামাৰ শাহেদা মুস্তাফিজ" (en-gb ভাষাত). Bangladesh Open Source Network. Archived from the original on ২০২১-০২-০৫. https://web.archive.org/web/20210205132538/https://www.bdosn.org/blog/news-events/first-female-programmer-bd। আহৰণ কৰা হৈছে: 2021-01-26.