শ্বেৰ-এ-হিন্দ
শ্বেৰ-এ-হিন্দ (ইংৰাজী: Sher-e-Hind; টাইগাৰ অফ ইণ্ডিয়া) আছিল ১৯৪৩ চনত ছিংগাপুৰত স্থাপিত ইম্পেৰিয়েল জাপানী সমৰ্থিত আজাদ হিন্দ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সামৰিক সন্মান। প্ৰথমে নাজী জাৰ্মানীত সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা স্থাপিত এই বঁটা পিছলৈ দক্ষিণ পূব এছিয়াত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ সৈন্যসকলকো প্ৰদান কৰা হয়। যুঁজত অস্ত্ৰ লৈ প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে বা যুদ্ধ বিহীন পৰিস্থিতিত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। বৰ্তমান এই বঁটা অপ্ৰচলিত অৱস্থাত আছে।
বঁটা লাভ কৰোঁতা[সম্পাদনা কৰক]
এই বঁটা লাভ কৰা ব্যক্তি সকলোৰে নাম জ্ঞাত নহয়। ইয়াৰে তিনিগৰাকী হৈছে:
- কেপ্টেইন বাৰু সিং,
- কেপ্টেইন কুঁৱল সিং আৰু
- কেপ্টেইন গণেশী লাল[1]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Hindustan Times Archived 2005-05-05 at the Wayback Machine