শ্ৰীশ্ৰীবুঢ়ী গোঁসানী (দুৰ্গাদেৱী) মন্দিৰ
শ্ৰীশ্ৰীবুঢ়ী গোঁসানী (দুৰ্গাদেৱী) মন্দিৰ গুৱাহাটী মহানগৰৰ পশ্চিম দিশৰ পাৰ্শ্বৱৰ্তী পাটগাঁওত অৱস্থিত৷ ১৯২০ চনত স্থাপন কৰা এই মন্দিৰত ৰাণী অঞ্চলৰ সজ্জনপাৰাৰ ৰজাদিনীয়া পৰম্পৰাৰে পূজা অৰ্চনা কৰা হয়৷ ৰাণীৰাজ্যৰ শেষ ৰজা পৰমানন্দ সিংহই “লাৰা পাহাৰ’’ত শ্ৰীশ্ৰীবুঢ়ী গোঁসানীৰ পূজা আৰম্ভ কৰিছিল আৰু কালক্ৰমত এই ৰাইজৰ হাতলৈ আহে৷
ইতিহাস
[সম্পাদনা কৰক]এসময়ত ৰাণী এখন ৰাজ্য আছিল৷ হেমচন্দ্ৰ গোস্বামীয়ে Descriptive Cataloque of Assamese Manuscript ত ৰাণীৰ ৰাজবংশাৱলীৰ টোকাত উল্লেখ কৰামতে, ১৭১৪ খৃঃৰ পৰা “পাটগাঁও’’ আছিল ৰাণীৰ ৰাজধানী৷[1] ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাণীঘাটলৈ যোৱা পথেৰে দুই-আঢ়ৈ কিলোমিটাৰমান গ’লে এতিয়াও উপলব্ধ কিছু প্ৰাচীন ভগ্নাৱশেষে পাটগাঁৱে ৰাণীৰ ৰাজধানী থকাৰ কথা প্ৰতীয়মান কৰে৷ ১৯২৪ চনত মানৰ হাতৰ পৰা ইংৰাজে গুৱাহাটী দখল কৰে৷ লগে লগে ৰাণীৰাজ্যও ইংৰাজৰ অধীন হয়৷ কিম্বদন্তীমতে, ৰাণীৰ ৰাজপৰিয়ালে দুৰ্গাদেৱীৰ পূজা কৰিছিল৷ ৰাণীৰ ৰজাসকল বলোৰাম সিংহ, ললিতৰাম সিংহ আৰু কেশৱ সিংহ৷ কেশৱসিংহৰ পুত্ৰ পৰমানন্দ সিংহ৷ ইংৰাজে ৰাণী দখল কৰাৰ পিছত, পূৰ্বৰ প্ৰতিপত্তি নোহোৱা হোৱাত পৰমানন্দই বাৎসৰিক দুৰ্গাপূজা ৰাজকীয় আড়ম্বৰেৰে পাতিবলৈ অপাৰগতা প্ৰদৰ্শন কৰি ৰাজপৰিয়ালৰ জোঁৱাই মৌজাদাৰ বংশীধৰ তালুকদাৰক সঁপি দিয়ে৷ পাটগাঁৱৰ দুৰ্গাপূজাৰ স্থলীলৈ যোৱা বাটছোৱা দুৰ্গম হোৱা বাবে পূৰ্বৰ পূজাথলী স্থানান্তৰ কৰি লাৰাপাহাৰৰ সমীপত মৈৰাংবাৰী গুদাম পথৰ দাঁতিত সজ্জনপাৰা গাঁৱত মন্দিৰ প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয় আৰু মন্দিৰৰ বাবে গেঠো কছাৰী নামৰ এজন ব্যক্তিয়ে নিজা ভূমি মন্দিৰৰ বাবে দান কৰে৷ বৰ্তমানেও তাত স্থানীয় তালুকে ৰজাদিনীয়া পৰম্পৰা আৰু মৰ্যাদা ৰক্ষা কৰি পূজা পালন কৰি আহিছে৷ অৰ্থনৈতিক উন্নতিৰ বাবে তালুকৰ কৰ্মকৰ্তাসকলে “উপৰদানী কৃষি সমবায়’’ নামে এখন সমবায় গঠন কৰি চৰকাৰী আৱণ্টিত মাটিত গঞাই পালপাতি ধানখেতি কৰিবলৈ লয় আৰু ধান বিক্ৰীৰ ধন মন্দিৰৰ উন্নতিৰ বাবে ব্যয় কৰে৷ পিছলৈ হাতীৰ উপদ্ৰৱৰ বাবে দ ঠাইত পুখুৰী খান্দি মৎস্য পালনৰ দিহা কৰি মন্দিৰৰ অৰ্থে ধন উপাৰ্জন কৰি আছে৷ লাহে লাহে ঠাইখনত জনসমাগম বাঢ়িল৷ ঠাই কম হোৱাৰ বাবে পূজাৰ সময়ত বাট-পথ বন্ধ কৰি দিবলগীয়া হোৱাত ৰাইজে আন এখন সুচল ঠাইৰ সন্ধান কৰিলে৷ আলোচনাৰ অন্ত লাৰা পাহাৰত তালুকৰ নামত থকা দুবিঘা মাটি আৰু পাতিৰাম কছাৰীয়ে দান দিয়া আধাবিঘা মাটিত ২০০৩ চনত নতুন মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে৷ বৰ্তমান পুৰণি স্মৃতিচিহ্ন স্থাপন কৰি এই মন্দিৰতে পূজা অৰ্চনা কৰি থকা হৈছে৷[1]
প্ৰচলিত জনবিশ্বাস
[সম্পাদনা কৰক]মন্দিৰৰ বাবে সুচল ঠাই বিচৰাত জনসমাজত কিবাকৈ এক বিশ্বাস জন্মিছিল যে, যি ঠাইত বেলগছত দা এখন ঘাপ মাৰি থৈ আহিব আৰু সুলকি নপৰিব সেই ঠায়েই মন্দিৰৰ বাবে উপযুক্ত হ’ব৷ সেইমতেই এজোপা গছত দা এখন ঘপিয়াই থৈ অহাৰ তিনিদিন পিছতো সুলকি নপৰাত সেই ঠাইতে মন্দিৰ সজাৰ সিদ্ধান্ত লোৱা হয়৷[1]
নৰবলি
[সম্পাদনা কৰক]শ্ৰীশ্ৰী বুঢ়ী গোঁসানী থানত নৰবলিও দিয়া হৈছিল৷ পৰমানন্দ সিংহৰ দিনত তিনিটা নৰবলি হোৱাৰ তথ্য পোৱা যায়৷ শেষৰটো নৰবলি উনৈশ শতিকা পাবলৈ মাথোঁ তিনিবছৰ বাকী আছিল৷ অৰ্থাৎ আনুমানিক ১৮৯৭ চনত হৈছিল৷ [2]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 তালুক সমিতি (অক্টোবৰ ২০১৯-২০). "শ্ৰীশ্ৰীবুঢ়ী গোঁসানী (দুৰ্গাদেৱী) সজ্জনপাৰাৰ আৰু উপৰদানী তালুকৰ ইতিবৃত্ত". শ্ৰীশ্ৰীবুঢ়ী গোঁসানী (দুৰ্গাদেৱী) মন্দিৰৰ শতবৰ্ষৰ স্মৃতিগ্ৰন্থ: ১৩.
- ↑ বড়ো, ধৰ্মেশ্বৰ (অক্টোবৰ ১৯২০-১৯). "শ্ৰীশ্ৰী বুঢ়ীগোঁসানী দেৱী দুৰ্গা, উপৰদানী তালুক আৰু তাহানিৰ কিছু কথা৷". শ্ৰীশ্ৰীবুঢ়ীগোঁসানী(দুৰ্গাদেৱী) শতবৰ্ষৰ স্মৃতিগ্ৰন্থ: ৬৪.