ষত্ববিধি (ব্যাকৰণ)
অৱয়ব
বৰ্ণগত পৰিৱেশ ভেদে, অৰ্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে দন্ত্য স মূৰ্ধন্য ষ -লৈ ৰূপান্তৰ হোৱাৰ নিয়মকে ষত্ববিধি (Change of স into ষ) বোলে।[1]
ষত্ববিধিৰ নিয়ম
[সম্পাদনা কৰক]- ক, খ, ত, থ, প, ফ আৰু ম ইহঁতৰ কোনো সৈতে কেৱল “স”ৰ যোগ হয়। যেনে- বয়স্ক, স্খলিত, অস্ত, স্থান, স্ফটিক, ভস্ম ইত্যাদি। কিন্তু ই, ঈ, উ বা ঊ স্বৰৰ পাচত থকা ক, খ, প, ফ বা ম আখৰে সৈতে ষ মাথোন যোগ কৰা হয়।[2] যেনে- নিষ্কৰ, দুষ্কৰ, নিষ্পাপ, ভীষ্ম, পুষ্প ইত্যাদি।
- "ট" আৰু “ঠ”ৰে সৈতে কেৱল মূৰ্ধন্য “ষ” ৰ যোগ হয়; যেনে।[2] কষ্ট, ষষ্ঠ ইত্যাদি।
- অসবৰ্ণৰ বাহিৰে আন স্বৰবৰ্ণ, বা 'ক' বা 'ৰ' আগত থাকিলে, প্ৰত্যয়ৰ = জি + সন্ + আ = জিগীষা, মৃ + সন্ + উ = মুমূৰ্ষুু, শ্ৰীচৰণ + সু = শ্ৰীচৰণেষু, (৭মী বহুবচন) ইয়াত সন্ প্ৰত্যয়েৰ দন্ত্য স মূৰ্ধন্য ষ হৈছে। সাৎ প্ৰত্যয় স মূৰ্ধন্য ষ নহয়।[3] যেনে- ভূমিসাৎ, অগ্নিসাৎ, জনসাৎ।
- ই বা উ অন্তত থকা উপসৰ্গৰ পাচত সদ্, সিচ্, সিধ্, নম্ আৰু স্থা আদি ধাতুৰ স মূৰ্ধন্য ষ হয়। যেনে, বি—সদ্ + ঘঞ = বিষাদ, অভি—সিচ্ + ঘঞ = অভিষেক, নি—সিধ্ + অল্ = নিষেধ, অভি—লস্ + ঘঞ = অভিলাষ, প্ৰতি—স্থা + ঙ = প্ৰতিষ্ঠা, অনু—স্থা + ক্ত = অনুষ্ঠিত। ইয়াত ধাতুবিলাকৰ স মূৰ্ধন্য ষ হৈছে।[3][1]
- ভূমি, গো, অঙ্গু শব্দৰ পাচত থকা স্থ শব্দৰ স, আৰু যুধি শব্দৰ পাচত থকা স্থিৰ শব্দৰ স মূৰ্ধন্য ষ হয়। যেনে ভূমি + স্থ = ভূমিষ্ঠ, গো + স্থ = গোষ্ঠ, অঙ্গু + স্থ = অঙ্গুষ্ঠ, যুধি + স্থিৰ = যুধিষ্ঠিৰ।[3][1]
- প্ৰত্যয় যোগ হ’লেও হবিস্ আৰু চক্ষুস্, শব্দৰ স মূৰ্ধন্য ষ হয়।[3] যেনে- হবিস্ + ষ = হবিষ্য, চক্ষুস্ + ষ্ণ = চাক্ষুষ।