ণত্ববিধি (ব্যাকৰণ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সংস্কৃত ভাষাত দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূৰ্ধন্য ণ হয় তাক জানিবৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মবোৰকে ণত্ববিধি (Change of ন into ণ) বোলে।[1]

বিধি শব্দৰ অৰ্থ বিধান বা নিয়ম। ণত্ববিধি সংস্কৃত ভাষাৰহে বিধান। আমি সংস্কৃত ভাষাৰ অসংখ্য শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ। সেয়েহে সেইবোৰ শব্দত সংস্কৃত ভাষাৰ বিধান মানিব লাগে।[1]

ণত্ববিধিৰ নিয়ম[সম্পাদনা কৰক]

  1. এটা পদৰ ভিতৰত ঋ, ৰ আৰু ষ -ৰ পাচত দন্ত্য ন থাকিলে সি মূৰ্ধন্য হয়।[2] যেনে- ঋণ, তৃণ, কাৰণ, অৰুণ, কৃষাণ, বৰষুণ।
  2. ঋ, ৰ, ষ আৰু ণ -ৰ মাজত কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ, বা য, ৱ, হ, বা ং অনুস্বাৰ থাকিলেও ন মূৰ্ধন্য হয়।[2] যেনে- কৃপণ, গ্ৰহণ, ব্ৰাহ্মণ, ৰাৱণ, নাৰায়ণ।
  3. এই নিয়মটো কেৱল সংস্কৃত শব্দত আৰু সংস্কৃতৰ অপভ্ৰংশ শব্দত মাথোন খাটে। অসমীয়া শব্দত ঋ, ৰ, ষ -ৰ মাজত কোনো ব্যঞ্জনবৰ্ণ বা অ -ৰ বাহিৰে আন স্বৰবৰ্ণ থাকিলে দন্ত্য ন মূৰ্ধন্য নহয়।[2] যেনে- ৰইনা, বৰিয়নি, ফেৰেঙ্গনি, গেৰেকনি, বৰীয়ানী।
  4. অসমীয়া স্ত্ৰী প্ৰত্যয় নী -ৰ ন মূৰ্ধন্য নহয়।[2] যেনে- বৰানী, বৰুৱানী, কমাৰনী, কুমাৰনী, গৰাকিয়নী।
  5. দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে, আগৰ শব্দটোত ঋ, ৰ, ষ থাকিলেও পাচৰ শব্দৰ ন মূৰ্ধন্য নহয়।[2] যেনে- দুৰ্নাম, হৰিনাম, ত্ৰিনয়ন, সৰ্বনাম, হৰিনাৰায়ণ, হৰিনাথ।
মূৰ্ধন্য বৰ্গৰ লগত সদায় মূৰ্ধন্য ণ-হে যোগ হয়। দন্ত্য বৰ্গৰ লগত মূৰ্ধন্য ণ কেতিয়াও যোগ নহয়।[1] যেনে-
  1. ট বৰ্গৰ আখৰৰ লগত যোগ হ’লে ন সদায় মূৰ্ধন্য হয়।[2] যেনে- কণ্টক, পিণ্ড, মুণ্ড।
  2. ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হ’লে ঋ, ৰ, ষ -ৰ পাচত থাকিলেও ন মূৰ্ধন্য নহয়।[2] যেনে- ৰান্ধন, বৃন্দাবন।

লগতে চাওক[সম্পাদনা কৰক]

  1. অসমীয়া ব্যাকৰণ
  2. ধ্বনি
  3. সন্ধি
  4. ষত্ববিধি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ (2012). অসমীয়া ব্যাকৰণ প্ৰৱেশ. বীণা লাইব্ৰেৰী. পৃষ্ঠা. 71-75. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 বৰা, সত্যনাথ (2012). বহল ব্যাকৰণ. পৃষ্ঠা. 49-51. 
  3. সংস্কৃত প্ৰৱেশ ব্যাকৰণ, লেখক : পণ্ডিত তাৰানাথ বৰপূজাৰী, প্ৰকাশক : অশোক বুক ষ্ট’ল