সন্ধি
সন্ধি হ'ল ওচৰাচৰিকৈ থকা দুই বৰ্ণৰ মিলন।[1] অসমীয়া ভাষাত সন্ধি ৩ প্ৰকাৰৰ― স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। সন্ধিৰ ব্যৱহাৰ সংস্কৃত ভাষাতহে অধিক, পিচে অসমীয়া ভাষাত সংস্কৃত শব্দৰ অত্যধিক ব্যৱহাৰৰ বাবে অসমীয়া ব্যাকৰণতো সন্ধিৰ আলোচনা কৰা হয়।
অসমীয়া ভাষাত খাচ তদ্ভৱ শব্দ বা পদৰ লগত শব্দ বা পদৰ সন্ধি অতি বিৰল। ব্যৱহাৰ হ'লেও, নিয়ম সংস্কৃত সন্ধিৰ লগত নিমিলে। বিভক্তি বা প্ৰত্যয়ৰ যোগত অসমীয়া সন্ধি অপৰিহাৰ্য, কিন্তু এই সন্ধিৰ নিয়মো সংস্কৃত সন্ধিৰ নিয়মৰ সৈতে নিমিলে। শব্দৰ বা পদৰ লগত সন্ধি অসমীয়া ভাষাত অপৰিহাৰ্য নহয়।[2][3]
স্বৰসন্ধি
[সম্পাদনা কৰক]অসমীয়া ভাষাত সাধাৰণতে প্ৰত্যয় যোগ হ'লে সন্ধি হোৱা দেখা যায়। শব্দ বা ধাতুৰ পাছত যোগ হোৱা প্ৰত্যয় যেনে আলি, অ আদিৰ ক্ষেত্ৰত ধাতু বা শব্দৰ অন্তত থকা স্বৰ প্ৰত্যয়ৰ প্ৰথম স্বৰ একে হ'লে, ধাতু বা শব্দৰ শেষৰ অ, আ, উ, ওৰ লগত প্ৰত্যয়ৰ আৰম্ভণিৰ অৰ আদিৰ ক্ষেত্ৰত সন্ধি হয়।[4]
যেনে,
- ক + অ = কৱ
- খা + অন = খাৱন
- খা + অ = খাৱ
- জী + আ = জীয়া
- দি + আ = দিয়া
- কলী + এ = কলীয়ে
- ভাতৃ + এ = ভাতৃয়ে
- গৰু + এ = গৰুৱে
- গুৰু + এ = গুৰুৱে
- ন-মৰ + এ = নমৰে
- ন-মাৰ + এ = নামাৰে
- ন-এৰ + এ = নেৰে আদি
ব্যঞ্জন সন্ধি
[সম্পাদনা কৰক]অসমীয়া ব্যঞ্জন সন্ধি তদ্ভৱ শব্দৰ সৈতে বা বিভক্তিৰ ক্ষেত্ৰত, প্ৰথম শব্দ সংখ্যা বাচক হ'লে আৰু অন্তিম শব্দ নিৰ্দিষ্ট বাচক হোৱাৰ ক্ষেত্ৰত, প্ৰত্যয় যোগ কৰাৰ ক্ষেত্ৰ আদিত দেখা যায়।
যেনে:
- ডাক্ + গাড়ী = ডাকগাড়ী
- পাক + ঘৰ = পাকঘৰ
- বুধ + বাৰ = বুধবাৰ
- এক +টা = এটা
- দুই +টা = দুটা
- এক +খন = এখন
- পাঁচ +টা = পাঁচোটা
- কৰ + ইলোঁ = কৰিলোঁ
- থল + উৱা = থলুৱা
- ডাল + উৱা = দলুৱা
- মানুহ + এ = মানুহে
- ধাৰ + উৱা = ধৰুৱা
- তল্ + উৱা = তলুৱা
- জাপৰ + ই = জাপৰি
বিসৰ্গ সন্ধি কাক বোলে
[সম্পাদনা কৰক]অনুস্বাৰ আৰু বিসৰ্গৰ লগত অইন বৰ্ণ মিলি হোৱা সন্ধিক বিসৰ্গ সন্ধি বোলা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] যেনে:
- কিং+কৰ=কিঙ্কৰ
- সং+গতি=সঙ্গতি
- নিঃ+চয়=নিশ্চয়
- পুৰঃ+কাৰ=পুৰস্কাৰ
সংস্কৃত স্বৰসন্ধি
[সম্পাদনা কৰক]- অন্য + অন্য = অন্যান্য
- ৰত্ন + আকৰ = ৰত্নাকৰ