সমললৈ যাওক

ষ্টিভেন জনছন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ষ্টিভেন জনছন

২০০৮ চনত জনছন
জন্ম ষ্টিভেন বাৰ্লিন জনছন
৬ জুন, ১৯৬৮ (৫৮ বছৰ)
ৱাছিংটন, ডি.চি.
শিক্ষানুষ্ঠান ব্ৰাউন বিশ্ববিদ্যালয় (বি.এ.,সংকেতবিদ্যা,১৯৯০)[1]
কলম্বিয়া বিশ্ববিদ্যালয় (এম.এ.,ইংৰাজী সাহিত্য)
পেচা লেখক, টেলিভিছন পৰিৱেশক
দাম্পত্যসঙ্গী এলেক্সা ৰবিনছন
সন্তান
ৱেবছাইট
www.stevenberlinjohnson.com

ষ্টিভেন বাৰ্লিন জনছন (জন্ম ৬ জুন, ১৯৬৮) এজন আমেৰিকান জনপ্ৰিয় বিজ্ঞান লেখক আৰু মিডিয়া তত্ত্ববিদ।

ষ্টিভেন ৱাছিংটন ডি চিত ডাঙৰ দীঘল হৈছিল।[2] তাত তেওঁ ছেইণ্ট আলবান স্কুলত পঢ়িছিল। তেওঁ স্নাতক ডিগ্ৰী ব্ৰাউন বিশ্ববিদ্যালয়ত সাং কৰিছিল য'ত তেওঁ বিদ্যালয়ৰ আধুনিক সংস্কৃতি আৰু মিডিয়া বিভাগৰ এক ভাগ[3],সংকেতবিদ্যা অধ্যয়ন কৰিছিল।[4][5] কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যতো তেওঁ স্নাতক ডিগ্ৰী লৈছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

প্ৰধানকৈ বিজ্ঞান,প্ৰযুক্তিবিদ্যা আৰু ব্যক্তিগত অভিজ্ঞতা সম্বলিত নখন গ্ৰন্থৰ লেখক জনছন। তেওঁ তিনিটা অনুপ্ৰেৰণামূলক ৱেব ছাইটৰো সহ-সংগঠক:ই-আলোচনীৰ পথ প্ৰদৰ্শক। সেইসমূহ হৈছে, ফিড (Feed Magazine), ৱেবী বঁটা বিজয়ী কমিউনিটী চাইট, প্লাষ্টিক ডট কম (Plastic.com), আৰু শেহতীয়াকৈ হাইপাৰলোকেল (hyperlocal) আৰু [6]

ৱায়াৰ্ড আলোচনীলৈ অৰিহণা যোগোৱা সম্পাদক জনছনে দি নিউয়ৰ্ক টাইমছ, দি ৱালষ্ট্ৰিট জাৰ্নেল, দি ফাইনেন্সিয়েল টাইমছ্ আৰু বহুতো পষেকীয়া বা মাহেকীয়া আলোচনীত নিয়মীয়াকৈ লিখে। জনজনে মেডিয়াম, আটাভিষ্ট, মিট-আপ ডট কম, বিটা ৱৰ্কছ আৰু পেটছ্ ডট কম প্ৰভৃতি বহুতো ইণ্টাৰনেট-সম্বন্ধীয় কোম্পেনীৰ উপদেষ্টা পৰিষদতো সেৱা আগবঢ়ায়।

এভ্ৰিথিং বেড ইজ গুদ ফৰ ইউঃহাউ টুডেʼজ পপুলাৰ কালছাৰ ইজ একচুৱেলী মেকিং আছ স্মাৰ্টাৰ নামৰ ২০০৫ চনৰ বেষ্টচেলাৰ কিতাপখনৰ লেখক হৈছে জনছন। সেইখন গ্ৰন্থত যোৱা তিনিটা দশকত জনপ্ৰিয় সংস্কৃতি যেনে টেলিভিছনৰ নাটক আৰু ভিডিঅ'গেইম আদিত ক্ৰমাগতভাৱে জটিল আৰু উচ্চ স্তৰীয় চিন্তা শক্তিৰ উৎকৰ্ষ সাধনত সহায় কৰাতো যুক্তি আগবঢ়াইছে।

তেওঁৰ হোৱেৰ গুদ আইডিআছ কাম ফ্ৰম গ্ৰন্থখনে অকলশৰীয়া প্ৰতিভাশালী ব্যক্তি এজন অনুপ্ৰাণিত হোৱাৰ তাৎক্ষণিক মুহূৰ্তৰ এক জনপ্ৰিয় কাহিনীক প্ৰত্যাহ্বান জনাই এক ধাৰণা আগবঢ়াইছে। ইয়াৰ বিপৰীতে জনছনে যুক্তি দিছে যে সৃষ্টিশীল চিন্তা এক অদ্ৰুত, বিস্তৃত আৰু ক্ৰমানুসাৰে হোৱা প্ৰক্ৰিয়া। জ্ঞানৰ আন শাখা আৰু চিন্তাবিদৰ অসামঞ্জস্য ধাৰণা আৰু অনিশ্চিত অৱস্থাৰ প্ৰভাৱত ইয়াত এক "ধীৰ অনুমান"ৰ বিকাশ ঘটি সম্পূৰ্ণ ৰূপ পায়।

তেওঁৰ ফিউচাৰ পাৰফেক্টঃ দি কেছ ফৰ প্ৰগ্ৰেছ ইন এ নেটৱৰ্কড এইজ কিতাপখন ২০১২ চনৰ ছেপ্টেম্বৰত উন্মোচন কৰা হয়।[7]

২০১৩ চনৰ আগষ্টত পি বি এছয়ে জনছনক ঘোষক হিচাপে ঘোষণা কৰে। লগতে ২০১৪ চনলৈকে সম্প্ৰচাৰিত হোৱা বি বি চি টু আৰু পি বি‌ এছৰ আকাশবাণীযোগে সম্প্ৰচাৰিত হাউ উই গট টু নাউ নামৰ, উদ্ভাৱনৰ ইতিহাসৰ এক নতুন চিচ-পাৰ্ট ধাৰাবাহিকৰ সহ-নিৰ্মাতা হিচাপেও স্বীকৃতি লাভ কৰে।[8] ২০১৮ চনৰ মে' মাহৰ পৰা জনছনে Wondery সৃষ্ট পডকাষ্ট আমেৰিকান ইনভেচনচ(American Innovations)ৰ ঘোষকৰ কাম কৰিছে।[9][10]

সমালোচনাত্মক সঁহাৰি

[সম্পাদনা কৰক]

১৯৯৭ চনত হাৰ্ভে ব্লুমে জনছনৰ প্ৰথমখন কিতাপ ইণ্টাৰফেচ কালচাৰৰ সমালোচনা আগবঢ়ায় আৰু ইয়াক "a rewarding read -- stimulating, iconoclastic, and strikingly original." হিচাপে অভিহিত কৰে।[11] এভ্ৰিথিং বেড ইজ গুড ফৰ ইউঃ হাউ টুডে'জ পপুলাৰ কালচাৰ ইজ একচুৱেলী মেকিং আছ স্মাৰ্টাৰৰ এটা সমালোচনাত দ্য এ ভি ক্লাবে কৈছে,"ই বিস্তৃতভাৱে হোৱা এক ভাল তৰ্ক, যি সিদ্ধান্ত-প্ৰভাৱিত পৰিস্থিতি আৰু গুৰুত্বপূৰ্ণ আখ্যানগাঁথনিৰ তালিকা আৰু চাৰ্টেৰে সজাই তোলা হৈছে। কিন্তু ইয়াৰ প্ৰয়োজনীয়তা কিমান, সেয়া এক বিতৰ্কিত বিষয়; বিশেষকৈ "Everything Bad"য়ে যেতিয়া পূৰ্বৰ বিশ্বাসযোগ্য তথ্যকে পুনৰ উল্লেখ কৰে।"[12]


বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

জনছনৰ ইমাৰজেন্স:দি কানেক্টেদ লাইভ্‌ছ অফ এণ্ট্‌ছ,ব্ৰেইন্‌ছ,চিটিছ, এণ্ড ছফ্‌টৱেৰ কিতাপখন হেলেন বাৰ্নষ্টেইন বুক এৱাৰ্ড ফৰ এক্সিলেন্স ইন জাৰ্নেলিজিম(Helen Bernstein Book Award for Excellence in Journalism) ২০০২ ৰ চূড়ান্ত বিজয়ী(finalist) আছিল।[13]

তেওঁৰ হোৱেৰ গুড আইডিয়াছ কাম ফ্ৰম গ্ৰন্থখন 800CEORead এৱাৰ্ডৰ ২০১০ চনৰ শ্ৰেষ্ঠ ব্যৱসায়িক গ্ৰন্থৰ চূড়ান্ত বিজয়ী আছিল আৰু দি ইকনমিষ্টৰ বছৰটোৰ এখন শ্ৰেষ্ঠ গ্ৰন্থ আছিল। [উদ্ধৃতিৰ প্ৰয়োজন] দি ঘৌষ্ট মেপ নামৰ গ্ৰন্থখন এণ্টাৰটেইনমেণ্ট ৱিকলিৰ ২০০৬ চনৰ দহখন শ্ৰেষ্ঠ অ-কল্পবিজ্ঞান গ্ৰন্থৰ এখন আছিল[14]আৰু ২০০৬ চনৰ National Academies Communication Awardৰ বিজেতা আছিল। [উদ্ধৃতিৰ প্ৰয়োজন] তেওঁৰ গ্ৰন্থসমূহ বাৰটাতকৈও অধিক ভাষালৈ অনূদিত হৈছে। [উদ্ধৃতিৰ প্ৰয়োজন]

তেওঁক কলম্বিয়া জাৰ্নেলিজম স্কুল ( Columbia Journalism School) ত ২০০৯ বৰ্ষৰ হাৰ্ষ্ট নিউ মেডিয়া প্ৰফেশ্যনেল-ইন-ৰেছিডেন্স হিচাপে নিযুক্তি দিয়া হৈছিল। নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধীনৰ জাৰ্নেলিজম স্কুলত তেওঁ কেইবাবছৰো বিশিষ্ট আবাসী লেখক হিচাপে কৰ্মৰত আছিল। ২০০৯চনত " টাইম" আলোচনীৰ প্ৰচ্ছদ নিবন্ধ "হাউ টুইটাৰ ৱিল চেইঞ্জ দ্য ৱে'ৱি লিভ"( How Twitter Will Change the Way We Live)ৰ কাৰণে তেওঁ নিউহাউছ স্কুল মিৰ'ৰ এৱাৰ্ড লাভ কৰিছিল। [15] "দ্য ক'লবাৰ্ট ৰিপ'ৰ্ট(The Colbert Report)","দ্য চাৰ্লি ৰ'জ শ্ব'(The Charlie Rose Show)", "দ্য ডেইলি শ্ব' ৱিথ জন ষ্টিৱাৰ্ট(The Daily Show with Jon Stewert)" আৰু " দ্য নিউজ আৱাৰ ৱিথ জিম লেৰাৰ (The News Hour with Jim Lehrer)" আদি দূৰদৰ্শনৰ বিবিধ অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰিছে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৱাছিংটন ডি. চি.ত ডাঙৰ-দীঘল হোৱা আৰু ছেইণ্ট আলবানছ স্কুলৰ পৰা১৯৮৬চনত ডিগ্ৰী লাভ কৰা জনছনে ১৯৯০ চনত নিউয়ৰ্ক মহানগৰলৈ যায়। তাত তেওঁ একৈশ বছৰ কাল Morningside Heights ত কটায়,সাতবছৰৰ কাৰণে Manhattan ত কটায়, আৰু তাৰ পিছত West Village ত থাকে য'ত তেওঁৰ প্ৰথম সন্তান জন্ম হয়।[2] জনছনে লিখিছিল যে,২০০১ চনৰ ১১ ছেপ্টেম্বৰত তেওঁ আৰু তেওঁৰ পত্নীয়ে "গ্ৰীণ‌উইচ ষ্ট্ৰীটৰ পৰা টুইন টাৱাৰছ্ ফল দেখিছিল চিকিৎসালয়ৰ পৰা ঘৰলৈ সন্তানৰ প্ৰথম আগমনত। "[2]২০১০ চনত সাক্ষাৎ গ্ৰহণকাৰী অলিভাৰ বাৰ্কমেনে লিখিছিল --"ব্ৰুকলীনত পত্নী এলেক্সা ৰবিনছন আৰু তিনি পুত্ৰৰ সৈতে বাস কৰা জনছনে...বছৰি প্ৰায় ৫০ ওচৰা ওচৰি বক্তৃতা প্ৰদান কৰে, আৰু উচ্চখাপৰ স্তম্ভলেখাও ভালেমান লিখে, এই সকলো তুলনামূলকভাৱে কম বয়সতে মাত্ৰ ৪২ বছৰতে তেওঁ সম্ভৱ কৰি তুলিছে। ( এই প্ৰসঙ্গতে উনুকিয়াব পাৰি যে টুইটাৰত তেওঁৰ ১.৪ মিলিয়ন অনুগামীও আছে..)"[16]২০১১চনত এক ব্লগত তেওঁ নিউয়ৰ্ক এৰি "কিছুবছৰৰ কাৰণে" সপৰিয়ালে "মাৰিন কাউণ্টি"লৈ যোৱাৰ পৰিকল্পনা প্ৰকাশ কৰিছিল। অৱশ্যে নিগাজিকৈ তাত থিতাপি লোৱাৰ সলনি দুবছৰৰ কাৰণে এটা এডভেঞ্চাৰ বুলিহে তেওঁ ইয়াক অভিহিত কৰিছিল।[2]মধ্য মানহাট্টনৰ পশ্চিমাংশত পুৰণা গুদামঘৰ মেৰামতি কৰি সাজি উলিওৱা এটি ঘৰত সপত্নীক বাস কৰাৰ সময়ত হোৱা এক অভিজ্ঞতাৰ কথা তেওঁ ২০০৪ চনত প্ৰকাশিত Mind Wide Open কিতাপত বৰ্ণনা কৰিছে। সেই বাসগৃহত হাডছন নদীৰ ফালে মুখ কৰি থকা এখন ৮ ফুট ওখ খিৰিকিৰে জনছন দম্পতীয়ে প্ৰায়ে বাহিৰৰ দৃশ্য উপভোগ কৰিছিল। জুন মাহত এদিন আবেলি তেনেকৈ চাই থাকোঁতে তেওঁলোকে এটা " ডাঙৰ ধুমুহা"ৰ আগজাননী পায়। কেইমিনিটমানৰ ভিতৰতে ধুমুহাৰ কোবত খিৰিকিখন ভাগি চূচূৰ্মৈ হয়। সেই মূহূৰ্তত খিৰিকিৰ সন্মুখত বহি নথকাৰ বাবে দুয়ো মৃত্যুৰ হাত সাৰিব পাৰিছিল।[17]:47


গ্ৰন্থৰাজি

[সম্পাদনা কৰক]
TitleYearISBNSubject matter
Interface Culture: How New Technology Transforms the Way We Create and Communicate১৯৯৭আই.এচ.বি.এন. 978-0-06-251482-0
Emergence: The Connected Lives of Ants, Brains, Cities, and Software২০০১আই.এচ.বি.এন. 978-0-684-86875-2Emergence
Mind Wide Open: Your Brain and the Neuroscience of Everyday Life২০০৪আই.এচ.বি.এন. 978-0-7432-4165-6Cognitive neuroscience
Everything Bad Is Good for You: How Today's Popular Culture Is Actually Making Us Smarter২০০৫আই.এচ.বি.এন. 978-1-57322-307-2জনপ্ৰিয় সংস্কৃতি; ভিডিঅ' গেইম
The Ghost Map: The Story of London's Most Terrifying Epidemic—and How it Changed Science, Cities and the Modern World২০০৬আই.এচ.বি.এন. 978-1-59448-925-91854 Broad Street cholera outbreak; John Snow
The Invention of Air: A Story of Science, Faith, Revolution, and the Birth of America২০০৮আই.এচ.বি.এন. 978-1-59448-852-8জোছেফ প্ৰিষ্টলি
Where Good Ideas Come From: The Natural History of Innovation২০১০আই.এচ.বি.এন. 978-1-59448-771-2উদ্ভাৱন
Future Perfect: The Case for Progress in a Networked Age২০১২আই.এচ.বি.এন. 978-1-59448-820-7"Peer progressives"
How We Got to Now: Six Innovations That Made the Modern World২০১৪আই.এচ.বি.এন. 978-1-59463-296-9
Wonderland: How Play Made the Modern World২০১৬আই.এচ.বি.এন. 978-1-5098-3729-8"Johnson’s play is a combination of novelty, leisure, and pleasure"[18]
Farsighted: How We Make the Decisions That Matter the Most২০১৮আই.এচ.বি.এন. 978-0-73521-160-5সিদ্ধান্ত নিৰ্মাণ
Enemy of All Mankind: A true story of piracy, power, and history's first global manhunt[19][20]২০২০আই.এচ.বি.এন. 978-1-59448-821-4ৰাজনীতি


তথ্যউৎস

[সম্পাদনা কৰক]
  1. "In the News", Newsletter, Brown Alumni Association
  2. 1 2 3 4 Johnson, Steven (May 20, 2011). "Go West, Middle-Aged Man". www.stevenberlinjohnson.com. Archived from the original on August 24, 2016. https://web.archive.org/web/20160824161550/http://www.stevenberlinjohnson.com/2011/05/go-west-middle-aged-man.html আহৰণ কৰা হৈছে: June 6, 2014.
  3. Modern Culture & Media Archived 2012-01-25 at the Wayback Machine, Brown University web page.
  4. Bio Archived 2018-04-16 at the Wayback Machine at edge.org
  5. Pogrebin, Robin. "In a Multimedia Realm Where Book Meets Blog". The New York Times. (December 4, 2006)
  6. Pescovitz, David (October 24, 2006). "Steven Johnson launches outside.in". Boing Boingboingboing.net. https://boingboing.net/2006/10/24/steven-johnson-launc.html আহৰণ কৰা হৈছে: 2017-10-22.
  7. Johnson, Steven (September 18, 2012). Future Perfect: The Case For Progress In A Networked Age. Penguin (Riverhead). ISBN 9781594488207. https://archive.org/details/futureperfectcas0000john.
  8. "How We Got To Now" Archived 2015-10-01 at the Wayback Machine on the PBS website
  9. Locker, Melissa (July 28, 2018). "A Podcast Playlist For Your Trip To Mars". Fast Company. https://www.fastcompany.com/40565952/a-podcast-playlist-for-your-trip-to-mars.
  10. "American Innovations". https://wondery.com/shows/american-innovations/ আহৰণ কৰা হৈছে: Jan 2, 2019.
  11. Blume, Harvey (1997). "God, Man, and the Interface". The Atlantic. https://www.theatlantic.com/past/docs/unbound/digicult/dc9710.htm আহৰণ কৰা হৈছে: June 6, 2014.
  12. Battaglia, Andy (May 10, 2005). "Steven Johnson: Everything Bad Is Good For You: How Today's Popular Culture Is Actually Making Us Smarter". The A.V. Club. Archived from the original on July 14, 2014. https://web.archive.org/web/20140714165803/http://www.avclub.com/review/steven-johnson-ieverything-bad-is-good-for-you-how-4554 আহৰণ কৰা হৈছে: June 6, 2014.
  13. "Business Book Authors". Actionable Books. c. 2005. http://www.actionablebooks.com/authors/steven-johnson/ আহৰণ কৰা হৈছে: June 6, 2014.
  14. Reese, Jennifer (Dec 22, 2006). "Literature of the Year: From a bleak Corman McCarthy novel to an Openhearted Memoir, Here are the 20 Books that Most Impressed EW's Critic". Entertainment Weekly (913-914). Archived from the original on January 18, 2014. https://web.archive.org/web/20140118032802/http://www.ew.com/ew/article/0,,20006513_4,00.html আহৰণ কৰা হৈছে: May 19, 2020.
  15. Loughlin, Wendy S. (June 10, 2010). "Newhouse School announces winners in fourth annual Mirror Awards". Newhouse School of Public Communicationsnewhouse.syr.edu. Archived from the original on 2017-10-23. https://web.archive.org/web/20171023012138/http://newhouse.syr.edu/news-events/news/newhouse-school-announces-winners-fourth-annual-mirror-awards আহৰণ কৰা হৈছে: 2017-10-22.
  16. Burkeman, Oliver (19 October 2012). "Future Perfect by Steven Johnson – review: Can the Principles behind the Internet Solve our Problems?". The Guardian (London: Guardian News and Media). https://www.theguardian.com/books/2012/oct/19/future-perfect-steven-johnson-review আহৰণ কৰা হৈছে: June 6, 2014.
  17. Johnson, Steven (2004). Mind Wide Open: Your Brain and the Neuroscience of Everyday Life. প্ৰকাশক New York: Scribner. ISBN 0-7432-4165-7. https://archive.org/details/mindwideopen00stev.
  18. Reisert, Sarah (2018). "Serious fun". Distillations (Science History Institute) খণ্ড 4 (1): 46–47. Archived from the original on July 11, 2018. https://web.archive.org/web/20180711230916/https://www.sciencehistory.org/distillations/magazine/serious-fun-book-review আহৰণ কৰা হৈছে: July 11, 2018.
  19. "Enemy of All Mankind". Penguin Random House. https://www.penguinrandomhouse.com/books/545158/enemy-of-all-mankind-by-steven-johnson/9780735211605/ আহৰণ কৰা হৈছে: May 5, 2020.
  20. Higginbotham, Adam, "The Pirates’ Booty That Changed the Course of History" (book review), The New York Times, May 12, 2020. Retrieved 2020-05-14.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]