ষ্টেট বেংক অফ ছিক্কিম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ষ্টেট বেংক অফ ছিক্কিম
ধৰণ ৰাজহুৱা খণ্ডৰ চৰকাৰী বেংক
উদ্যোগ বেংকিং
স্থাপিত ১৯৬৮ (৫৬ বছৰ  আগতে) (1968)
মুখ্য কাৰ্যালয় গেংটক, ছিক্কিম, ভাৰত
দেশ/অঞ্চল ছিক্কিম
নেতৃস্থানীয় ব্যক্তিত্ব কে. বি. চামলিং (অধ্যক্ষ)
হেম কুমাৰ ছেত্ৰী(পৰিচালন সঞ্চালক)
ফুৰ্বা ৱাংডি ভূটিয়া(মুখ্য সাধাৰণ পৰিচালক)
পণ্য ব্যক্তিগত ঋণ
গৃহ ঋণ
পেঞ্চনাৰৰ ঋণ
ছিক্কিম চৰকাৰৰ কোষাগাৰ
স্বত্বাধিকাৰী ছিক্কিম চৰকাৰৰ স্বতন্ত্ৰ প্ৰতিষ্ঠান[1]
ৱেবছাইট www.statebankofsikkim.com

ষ্টেট বেংক অফ ছিক্কিম ছিক্কিম চৰকাৰৰ অধীনৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় ছিক্কিমৰ ৰাজধানী গেংটকত অৱস্থিত। ই ছিক্কিমত বিত্তীয় সেৱা আগবঢ়ায় আৰু ছিক্কিম চৰকাৰৰ ৰাজ্যিক কোষাগাৰৰ কাম-কাজ চোৱা-চিতা কৰে।[2]

ভাৰতৰ আন বিত্তীয় প্ৰতিষ্ঠানৰ দৰে ষ্টেট বেংক অফ ছিক্কিমক ভাৰতীয় ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ নকৰে।[3] ই সম্পূৰ্ণ স্বতন্ত্ৰ আৰু ৰাজ্যিক চৰকাৰৰ অধীনত।

ইতিহাস[সম্পাদনা কৰক]

ছিক্কিম ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ আগতে ১৯৬৮ চনত ষ্টেট বেংক অফ ছিক্কিম প্ৰতিষ্ঠা হৈছিল। ছিক্কিম সম্ৰাজ্যৰ ষ্টেট বেংক অফ ছিক্কিম প্ৰক্লেমেছন এক্ট ১৯৬৮ মতে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমে ইয়াৰ মুখ্য কাৰ্যালয় গেংটকৰ এম. জে. মাৰ্গত আছিল।[4] বৰ্তমান ইয়াৰ মুখ্য কাৰ্যালয়খনে মুখ্য শাখা হিচাপে কাম কৰে। আৰম্ভণিতে ইয়াৰ কেৱল এটা শাখা আছিল। ২০১৮ চনৰ মতে ইয়াৰ মুঠ শাখাৰ সংখ্যা হৈছে ৪৬খন আৰু ইয়াৰ তিনিটা ৰাজহ কেন্দ্ৰ আছে।

অনলাইন বেংকিং[সম্পাদনা কৰক]

পূৰ্বতে ছিক্কিম ষ্টেট বেংকৰ অনলাইন বেংকিংৰ সুবিধা নাছিল। ২০১৭ চনৰ এপ্ৰিলত পোনপ্ৰথম বাৰৰ বাবে ইয়াৰ দুটা শাখাত কেন্দ্ৰীয় অনলাইন বাস্তৱ সময়ত আদান-প্ৰদান বেংকিং বা চমুকৈ ক'ৰ বেংকিং আৰম্ভ কৰা হয়। এবছৰৰ ভিতৰতে এই সুবিধা প্ৰায় সকলো শাখালৈ সম্প্ৰসাৰণ কৰা হয়। ২০১৮ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে ছিক্কিমৰ মুখ্যমন্ত্ৰীয়ে বছৰজোৰা সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত ক'ৰ বেংকিং আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।[5].

ষ্টেট বেংক অফ ছিক্কিমৰ সোণালী জয়ন্তী অনুষ্ঠান
ষ্টেট বেংক অফ ছিক্কিমৰ সোণালী জয়ন্তী অনুষ্ঠান

তথ্য উৎস[সম্পাদনা কৰক]

  1. http://www.statebankofsikkim.com/customercare/aboutus
  2. "About Us :: State Bank of Sikkim". www.statebankofsikkim.com. http://www.statebankofsikkim.com/customercare/aboutus। আহৰণ কৰা হৈছে: 2016-11-11. 
  3. "RBI raises concerns over State Bank of Sikkim's functioning - The Economic Times". Articles.economictimes.indiatimes.com. 2015-01-26. 
  4. "Google Maps". Google Maps. https://www.google.com/maps/place/State+Bank+of+Sikkim,+Head+Office/@27.33167,88.613838,19z/data=!4m5!3m4!1s0x0:0x755df3e3453caeaa!8m2!3d27.3316698!4d88.6138381?hl=en-US। আহৰণ কৰা হৈছে: 2016-11-11. 
  5. "আৰ্কাইভ কপি". Archived from the original on 2019-04-04. https://web.archive.org/web/20190404044002/http://epaper.sikkimexpress.com/index.php/epaper/m/46937/5b94bf34d378e। আহৰণ কৰা হৈছে: 2019-01-23. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]