সদস্য:মেঘনীল/নেফাফু
নেফাফু (Clerodendrum colebrookianum; East Indian Glory Bower)এবিধ লেমীয়াছী (Lamiaceae) পৰিয়ালৰ বহু বৰ্ষজীৱি ঔষধী উদ্ভিদ | নেফাফু গছৰ পাত উচ্চ ৰক্তচাপ (hypertension), মধুমেহ (diabetes), কাহ, আৰু বিভিন্ন বাতবিষ জাতীয় ৰোগৰ (rheumatism)বাবে উপকাৰী |
এইবিধ উদ্ভিদ এচিয়া মহাদেশৰ ভাৰত, ম্যানমাৰ, বাংলাদেশ, মালয়ছীয়া, ইন্দোনেছীয়া, থাইলেণ্ড, ভূটান, নেপাল, চীনদেশ প্ৰভৃত্তি বিভিন্ন দেশত পোৱা যায়। ভাৰতৰ ভিতৰত ইয়াক পশ্বিমবংগ আৰু উত্তৰপূৰ্বাঞ্চলৰ বাহিৰেও ছিকিমত পোৱা যায়। নেফাফুক এবিধ বিপন্নপ্ৰায় উদ্ভিদৰূপে স্বীকৃত দিয়া হৈছে। [1][2]
বৰ্ণনা
[সম্পাদনা কৰক]দেৰ মিটাৰৰ পৰা তিনি মিটাৰমান ওখ গুল্মজাতীয় গছজোপাৰ সৈতে, নেফাফু হল এবিধ চিৰসেউজীয়া আৰু সপুষ্পক উদ্ভিদ। ওপৰৰ ফালে জোঙাহৈ বাঢ়ি যোৱা গাগছৰ তলৰ ডালবিলাক দীঘল যদিও ওপৰলৈ ক্ৰমান্বয়ে চুটি| গাঠিৰ পৰা ডাল পাত আদি ওলায় | ডাঙৰ ডাঙৰ পাতবোৰৰ তলৰ পিঠি খহতা |এই পাতবোৰৰ ঠাৰিৰ তলফালে চেনিৰ নিচিনা পদাৰ্থ দানা বান্ধি থাকে বাবে পাতত কলা-পৰুৱা ভৰি থকা দেখা যায় |তিতা-জ্বলা স্বাদৰ পাতবোৰ মোহাৰিলে এক বিশেষ গন্ধ পোৱা যায়| ইয়াক বাৰিষাকালৰ পাচত সাধাৰণতে আগষ্টৰ পৰা ডিছেম্বৰ মাহৰ ভিতৰত ফুল ধৰা দেখা যায়। বগা ৰঙৰ ফুলবোৰ থোপা বান্ধি ফুলে|
ঔষধী গুণ আৰু ব্যৱহাৰ
[সম্পাদনা কৰক]খাছী আৰু জয়ন্তীয়া জনজাতীয় লোকে ইয়াক বাতবিষৰ বনৌষধ হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ কাঠৰ গোন্ধ শুঙিলে শিশুৰ ৰোগ নিৰাময় হয় বুলি বিশ্বাস কৰা হয়। মনিপুৰী জনগোষ্ঠিয় লোকে গছজোপাৰ পাত আৰু শিপা, চৰ্মৰোগ (skin disease), কাহ আৰু পেতৰ শাওপৰা ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰে। অৰুণাচলৰ জনজাতীয় লোকে উচ্চ ৰক্তচাপৰ পৰা নিৰাময় পাবলৈ নেফাফুৰ পাতৰ ৰস নহৰুৰ সৈতে মিহলাই সেবন কৰে।[3][4][4][5]
References
[সম্পাদনা কৰক]- ↑ Wu Zheng-yi & P. H. Raven et al., eds. (1994–).
- ↑ ENVIS Centre on Medicinal Plants
- ↑ Adeneye AA, Adekele TI, Adeneye AK (2008). "Hypoglycemic and hypolipidemic effects of the aqueous fresh leaves extract of Clerodendrum capitatum in Wistar rats". J Ethnopharmacol খণ্ড 116 (1): 7–10. doi:10.1016/j.jep.2007.10.029. PMID 18055145.
- ↑ 4.0 4.1 Yonggam D. Ethno Medico-Botany of the Mishing Tribe of East Siang District of Arunachal Pradesh
- ↑ Adeneye AA, Adekele TI, Adeneye AK (2008). "Hypoglycemic and hypolipidemic effects of the aqueous fresh leaves extract of Clerodendrum capitatum in Wistar rats". J Ethnopharmacol খণ্ড 116 (1): 7–10. doi:10.1016/j.jep.2007.10.029. PMID 18055145.