সদস্য:Anshuman.jrt /হবি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইংৰাজীৰ 'হবি' (hobby) শব্দেটাক অসমীয়াত চখ বা ৰাপ বোলা হয় যদিও সাধাৰণতে সকলোৱে এই শব্দটো হবি বুলিয়েই ব্যৱহাৰ কৰে।

হবি বা চখ শব্দটোৰ আচলতে কোনো বিশেষ সংজ্ঞা আৰু ইয়াৰ কোনো বিশেষ নীতি- নিয়মো নাই। কাৰোবাৰ ডাক- টিকট সংগ্ৰহ কৰা, কাৰোবাৰ ফুলনি পতা , কৰোবাৰ আকৌ গান শুনা । সেইদৰে আজৰি পৰত ৰং আৰু ব্ৰাছেৰে ছবি আঁকিও বহুতে আমোদ- আনন্দ পায়, কোনোবাই আকৌ ডায়েৰী লিখিও পৰম তৃপ্তি লাভ কৰে। আজৰি সময় কটোৱাৰ বাবে কাৰোবাৰ পছন্দ গল্প বা কবিতা লিখা, কাৰোবাৰ আকৌ পছন্দ নতুন নতুন ঠাই ফুৰা।