সমললৈ যাওক

সদস্য:BhuyanBhaskar/মিন্টু দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিন্টু দাস
জন্ম ধেমাজি জামুগুৰি পাঁচআলি, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গণ সংযোগ আৰু সাংবাদিকতাত স্নাতক ডিগ্ৰী, অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ।
বিষয় কবি, গল্পকাৰ
ৱেবছাইট www.mintudaspoem.blogspot.com

মিণ্টু দাস (জন্ম ১৯৯০- )(ইংৰাজীঃ Mintu Das) মিণ্টু দাস একাধাৰে কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ আৰু শিক্ষক। তেওঁ ধেমাজিৰ পৰা প্ৰকাশিত নক্সা আৰু মাহেকীয়া কাব্য পত্ৰিকাৰ প্ৰতিষ্ঠাপক উপ-সম্পাদক আছিল। ২০১৫-১৭ বৰ্ষত অসম সাহিত্য সভা জামুগুৰি পাঁচআলি শাখা সাহিত্য সভাৰ সম্পাদক আছিল।

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

মিণ্টু দাসৰ জন্ম হয় ১৯৯০ চনত ধেমাজিৰ জামুগুৰি পাঁচআলিৰ বোকাবিল গাঁৱত। পিতৃৰ নাম পৱন দাস আৰু মাতৃৰ নাম ৰেণু দাস।[1]

শিক্ষা জীৱন

[সম্পাদনা কৰক]
টঙনাপৰা আহোম গাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে।জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ধেমাজি বাণিজ্য মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্বিবদ্যালয়ৰ পৰা সাংবাদিকতাৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক  মুক্ত বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।[2]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

গণ সংবাদ আৰু দৈনিক জনসাধাৰণ কাকতত ধেমাজিৰ পৰা সাংবাদিকতা। কম্পিউটাৰৰ শিক্ষক হিচাপে এটা শিক্ষানুষ্ঠানত কৰ্মৰত হোৱাৰ উপৰিও ব্যক্তিগত বেংক প্ৰতিষ্ঠানত ২ বছৰ কৰ্মৰত আছিল। বৰ্তমানে ধেমাজিত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে নিয়োজিত হৈ আছে ৷[3]

সাহিত্যৰাজি[4]

[সম্পাদনা কৰক]
  1. কোনে জানে জীৱনৰ সঠিক খবৰ (কাব্যগ্ৰন্থ), প্ৰকাশ: ২০১৪ চন।
  2. তেজ আৰু ঘামৰ শ্লগান (কাব্যগ্ৰন্থ), প্ৰকাশ: ২০১৬ চন।
  3. তেজ পৰা মাটিত (কাব্যগ্ৰন্থ), প্ৰকাশ : ২০১৬ চন।
  4. এই যুদ্ধৰ শেষত (কাব্যগ্ৰন্থ), প্ৰকাশ : ২০১৮ চন।
  5. ৰঙা শিমলুৰ ৰ'দত (কাব্যগ্ৰন্থ), প্ৰকাশ ২০২৪ চন।

সম্পাদনা গ্ৰন্থ

[সম্পাদনা কৰক]
  1. উন্মীলন (যুটীয়াভাৱে সম্পাদিত), প্ৰকাশ : ২০১৪ চন।

ইণ্টাৰনেট গ্ৰন্থ

[সম্পাদনা কৰক]
  1. গাখীৰতী শইচৰ গোন্ধ (গল্প সংকলন)
  2. অন্য এক প্ৰসংগ (প্ৰৱন্ধ সংকলন)

বঁটা আৰু সন্মান লাভ[5]

[সম্পাদনা কৰক]
  1. দ্বিতীয় কাব্যগ্ৰন্থ তেজ আৰু ঘামৰ শ্লগানৰ বাবে অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিৱেশন ২০১৭ত চিত্ৰধৰ ঠাকুৰ সাহিত্য বঁটা লাভ।
  2. ধেমাজি লেখিকা সমাৰোহ সমিতি আৰু টিকেন্দ্ৰজিৎ গগৈ স্মৃতি ন্যাসৰ তৰফৰ পৰা টিকেন্দ্ৰজিৎ গগৈ স্মৃতি বঁটা লাভ।
  3. অসম সাহিত্য সভা কলিয়াবৰ অধিৱেশন ২০১৫ ত সদৌ অসম ভিত্তিত আয়োজিত কবিতা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ।
  4. বঙাইগাঁও সাহিত্য সভাৰ দ্বাৰা আয়োজিত যোগেন্দ্ৰনাথ সৰকাৰ সোঁৱৰণী কবিতা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ।
  5. শিৱসাগৰ বকতা খালৈ ঘুগুৰা সংস্কৃতি আৰু জনকল্যাণ সমিতিৰ দ্বাৰা ২০১৫ ত বৰ্ষত আয়োজিত কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত তৃতীয় স্থান লাভ।
  6. ২০১৬ ত অসমীয়া খবৰ শাৰদীয় আলোচনীৰ দ্বাৰা অসম ভিত্তিত আয়োজিত সৃজনীমূলক সাহিত্য প্ৰতিযোগিতাৰ কবিতা শাখাত দ্বিতীয় স্থান লাভ।
  7. গুৱাহাটীৰ ৰাজধানী সাহিত্য তীৰ্থই ২০১৬ বৰ্ষত অসম ভিত্তিত আয়োজিত কবিতা প্ৰতিযোগিতাত উদগনিমূলক বঁটা লাভ।
  8. শিৱসাগৰ ৰংপুৰ সাহিত্য সভাৰ দ্বাৰা আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ।
  9. শিৱসাগৰ বকতা খালৈ ঘুগুৰা সংস্কৃতি আৰু জনকল্যাণ সমিতিৰ দ্বাৰা ২০১৭ ত বৰ্ষত আয়োজিত কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ।
  10. নলবাৰীৰ বাসনা সাহিত্য গোষ্ঠীৰ পৰা ৰোহিণী মেধি কাব্য পুৰস্কাৰ ২০১৭ লাভ।
  11. ২০১৭ত গুৱাহাটীৰ পৰা প্ৰকাশিত কাব্যালোচনী কাব্যাঞ্জলিৰ দ্বাৰা আয়োজিত কবিতা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ।
  12. ২০১৮ ত চৰাইদেউ জিলাৰপৰা প্ৰকাশিত মাহেকীয়া আলোচনী প্ৰচেষ্টাৰ দ্বাৰা আয়োজিত অসম ভিত্তিত সাহিত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ
  13. ২০১৮ ত নাজিৰা গ্ৰন্থ উৎসৱত আয়োজিত কবিতা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ।
  14. ২০২০ ত বন্ধুচাকি বঁটা লাভ।
  15. ২০২৪ ত ৰঙা শিমলুৰ ৰ'দত কাব্যগ্ৰন্থৰ বাবে সদৌ অসম কবি সন্মিলনৰ কাব্যপ্ৰাণ চুজাউদ্দিন আহমদ বঁটা লাভ।
  16. ২০২৪ত সদৌ অসম কবি সন্মিলনৰ শিৱসাগৰ অধিৱেশনত "তামৰঙী শিলৰ সেওতাত পাণ্ডুলিপিত তৃতীয় স্থান লাভ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.mintudaspoem.blogspot.com
  2. www.mintudaspoem.blogspot.com
  3. www.mintudaspoem.blogspot.com
  4. www.mintudaspoem.blogspot.com
  5. www.mintudaspoem.blogspot.com