সমললৈ যাওক

সদস্য:Dr Barindra Das

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পৰিচয়ঃ

[সম্পাদনা কৰক]

ড০ বাৰীন্দ্ৰ দাস (জন্ম ১৯৭৮ চন, ১৬ মাৰ্চ), (ইংৰাজীঃ Dr Barindra Das), নৱ প্ৰজন্মৰ এজন অসমীয়া লেখক, শিক্ষক, গৱেষক, সমাজ সংগঠক, তথ্যচিত্ৰ নিৰ্মাতা। অসমীয়া সাহিত্যৰ প্ৰতি প্ৰৱল ধাউতি থকা দাসে সৰুৰে পৰাই সাহিত্যচৰ্চা কৰাৰ উপৰিও একাডেমিক বিদ্যা শিক্ষাৰ লগতে গৱেষণাৰ কামত বেছি মনোযোগ দি আহিছে। সম্প্ৰতি অসমৰ নৃগোষ্ঠী সমুহ আৰু পিছপৰা জাতি জনগোষ্ঠী সমূহৰ শৈক্ষিক উত্তৰণৰ দিশত গণ সজাগতা সৃষ্টিত আত্মনিয়োগ কৰি আছে। তেঁও সম্প্ৰতি অসমৰ ভূমিপুত্ৰ সকলৰ ইতিমধ্যেই হেৰাই যাব খোজা বুৰঞ্জী আৰু ভাৰতৰ প্ৰাচীন সভ্যতা সংস্কৃতিৰ ঐতিহ্য পৰম্পৰাৰ অধ্যয়নৰ লগতে সেই সমুহৰ লেখা মেলাত মনোনিবেশ কৰি আছে। ছাত্ৰ-ছাত্ৰীৰ প্ৰেৰণা দায়ক বক্তৃতা দিয়াত তেঁও বিশেষভাৱে সিদ্ধহস্ত। অসমৰ বিভিন্ন প্ৰান্তৰ সভা-সমিতি, বিদ্যালয়, মহাবিদ্যালয় আদিত তেখেতৰ বক্তব্যই মানুহক মন্ত্ৰমুগধ কৰি ৰাখে। নিজৰ একান্ত ব্যস্ততাকো নেওচি সামাজিক কাম কাজত নিৰন্তৰ দেহে কেহে খাটিব পাৰে। ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰ দ্বাৰা তেঁও বিশেষভাৱে উদ্বোদ্ধ। অসম অসমীয়া হিচাপে গৌৰৱ কৰাৰ ওপৰিও নিজ ৰাষ্ট্ৰৰ প্ৰতি যঠেষ্ট দায়বদ্ধ।

[সম্পাদনা কৰক]

শিক্ষাঃ

[সম্পাদনা কৰক]

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দাসে কেন্দ্ৰীয় বিশ্ববিদ্যালয় শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ পৰা এম. ফিল. ডিগ্ৰী গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমৰ সামাজিক খণ্ডৰ উন্নয়নৰ ওপৰত গৱেষণা কৰি প. এইচ ডি. ডিগ্ৰী লাভ কৰে।

[সম্পাদনা কৰক]

কৰ্মক্ষেত্ৰঃ

[সম্পাদনা কৰক]

(১)ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত সৰ্বপ্ৰথম অসমীয়া দৈনিক বাতৰি কাকত “দৈনিক ভুমিপুত্ৰ“ত উপ সম্পাদক হিচাপে কৰ্মৰত(২০০০-২০০১)

[সম্পাদনা কৰক]

(২)ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত এংকৰ, মডাৰেটৰ, আলোচক হিচাপে ১৯৯৮ চনৰ পৰা অস্থায়ী হিচাপে কৰ্মৰত (ডি ডি অসম)

[সম্পাদনা কৰক]

(৩)অল ইণ্ডিয়া ৰেডিঅ’(অনাতাঁৰ কেন্দ্ৰ, )ডিব্ৰুগড়, অস্থায়ী সাধাৰণ  ঘোষক হিচাপে ২০০৫ চনৰ পৰা কৰ্মৰত

[সম্পাদনা কৰক]

জ্যোতি বিদ্যাপীঠ, ডিব্ৰুগড়ত সহকাৰী প্ৰধান শিক্ষক হিচাপে কৰ্মৰত(২০০৯-১০)

[সম্পাদনা কৰক]

(৪)ডিব্ৰুগড় অইল ভেলি গাৰ্লচ এণ্ড বয়জ বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত(২০০৭)

[সম্পাদনা কৰক]

(৫)বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, লাইপুলি, তিনিচুকীয়াত বিষয় শিক্ষক হিচাপে কৰ্মৰত(২০১০-১১)

[সম্পাদনা কৰক]

(৬)বৰ্তমান বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত।

[সম্পাদনা কৰক]

ডিব্ৰুগড় জ্যোতি বিদ্যাপীঠ হাইস্কুলত সহকাৰী প্ৰধান শিক্ষক হিচাপে যোগদান, তিনিচুকীয়াৰ লাইপুলিস্থিত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত প্ৰায় দুবছৰ শিক্ষকতা, আৰু সম্প্ৰতি চৰাইদেউ জিলাৰ বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ জেষ্ঠ সহকাৰী অধ্যাপক হিছাপে কৰ্মৰত। প্ৰায় কুৰি খনতকৈয়ো অধিক ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা পত্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তত পাঠ, প্ৰায় দহখনতকৈয়ো অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীত প্ৰকাশ কৰি অসমৰ গৱেষণা জগতখনলৈ বৰঙনি আগবঢ়াই আহিছে। তেখেত বৰ্তমান ভাৰতীয় অৰ্থনৈতিক সংস্থা, সদৌ অসম কবি সন্মিলন আদিৰ আজীৱন সদস্য, অসম সাহিত্য সভাৰ সুভানুধ্যায়ী সদস্য, অসম কলেজ শিক্ষক সংস্থা, সদৌ অসম কবি সন্মিলন, অসম সাহিত্য সভাৰ বিষয় ববীয়া ও সক্ৰিয় সদস্য । ডিব্ৰুগড় নগৰ কবি সন্মিলনৰ ২০১৩ চনৰ পৰা সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে। ২০১৪ চনৰ পৰা ভাৰত চৰকাৰৰ এগৰাকী দায়িত্বশীল নিৰ্বাচনী বিষয়া হিচাপে বিভিন্ন দায়িত্ব পালন কৰা দাসে অসম বিধান সভা নিৰ্বাচন ২০২৬ত এগৰাকী ষ্টেট লেভেল মাষ্টাৰ ট্ৰেইনাৰ (SLMT)হিচাপেও কাৰ্যনিৰ্বাহ কৰে।

[সম্পাদনা কৰক]

স্বীকৃতিঃ

[সম্পাদনা কৰক]
  1. "ৰজনী কান্ত গগৈ বঁটা-২০১৩-১৪", অসম সাহিত্য সভাই তেখেতৰ গ্ৰন্থ “ডায়েৰী পাতৰ পৰা”ক ২০১৩-১৪ বৰ্ষৰ বাবে ৰজনীকান্ত গগৈ বঁটা প্ৰদান কৰে।
  2. "কাব্য প্ৰাণ চুজাউদ্দিন আহমদ বঁটা ২০১৪" সদৌ অসম কবি সন্মিলনে অসমীয়া কাব্য জগতত আধ্যাত্মিক বা ধৰ্মীয় চিন্তা চেতনাক কবিতাৰ বিষয় বস্তু হিছাপে লৈ লিখা কাব্য গ্ৰন্থ “বুদ্ধ বৃক্ষক“ কাব্যপ্ৰাণ চুজাউদ্দিন বঁটা প্ৰদান কৰে।
  3. "শিক্ষাৰত্ন-২০২৩" ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ তৰফৰ পৰা শিক্ষা ৰত্ন ২০২৩
  4. "বাবা চাহেব ড০ ভীমৰাও আম্বেদকাৰ বঁটা-২০২৩" অসম অনুসূচিত জাতি জনজাতি সংগঠন সমুহৰ সংগঠনৰ তৰফৰ পৰা বাবাচাহেব ড০ ভীমৰাও ৰামজী আম্বেদকাৰ বঁটা-২০২৩
  5. "সুভানুধ্যায়ী সভ্য"ৰ স্বীকৃতি-২০২৩, অসম সাহিত্য সভাই ২০২০-২০২২ বৰ্ষৰ ২৪-১২-২০২২ তাৰিখৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশনৰ সিদ্ধান্ত মৰ্মে অসম সাহিত্য সভাৰ সুভানুধ্যায়ী সদস্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
  6. "শিক্ষকতাত উৎকৃষ্টতাৰ পুৰস্কাৰ, ২০২৪" (Excellence in Teaching Award, 2024), অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই ২০২৪ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰে।
  7. "আম্বেদকাৰ শৈক্ষিক বঁটা, ২০২৪", আম্বেদকাৰ ফাউণ্ডেচন অসমে ২০২৪ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰে।
  8. "অৰ্থদীপক সন্মান ২০২৬", অসমৰ এটা আগশাৰীৰ নিউজ চেনেল "ৰিজন নিউজে" ২০২৬ বৰ্ষৰ এই সন্মান প্ৰদান কৰে

প্ৰকাশিত গ্ৰন্থঃ

[সম্পাদনা কৰক]
  1. ডায়েৰী পাতৰ পৰা(ব্যক্তিগত ৰচনা)
  2. বুদ্ধবৃক্ষ (কবিতা)
  3. অনুকাশ (সম্পাদনা)
  4. Ageing Population in Assam (Research based)
  5. ভাস্কৰ দ্য কলোচাছ (সম্পাদনা)
  6. ক'ভিডকালীন ভাৰতীয় অৰ্থনীতি (সম্পাদনা)
  7. পাঞ্চজন্য, গৱেষণামুলক আলোচনী(সম্পাদনা)
  8. সৰুফুল (সম্পাদনা, ত্ৰৈমাসিক আলোচনী)
  9. গুস্তি(সম্পাদনা)
  10. নিশিগন্ধা (সম্পাদনা)
  11. Integrating Indian Knowledge System with modern Economy (Edited)
  12. যাত্ৰা (সম্পাদনা)

সামাজিক দায়িত্ব:

[সম্পাদনা কৰক]

১/ ২০১৪-১৬ বৰ্ষৰ বাবে মৰিচা গাঁও হাইস্কুলৰ এছ ডি এম চিৰ সভাপতি

২/ সদৌ অসম কবি সন্মিলনৰ ন্যাস বিষয়া ২০১৫-১৭

৩/ সদৌ অসম কবি সন্মিলনৰ আজীৱন সদস্য

৪/ সদৌ অসম কবি সন্মিলনৰ, ডিব্ৰুগড় জিলাৰ সহকাৰী সাধাৰণ সম্পাদক।

৫/ ডিব্ৰুগড় জিলা কবি সন্মিলনৰ কাৰ্যবাহী সদস্য ২০১৪-১৬

৬) ডিব্ৰুগড় নগৰ কবি সন্মিলনৰ সম্পাদক ২০১৫-২০২৬

৭) সদৌ অসম সাংস্কৃতিক মহাসভাৰ শিক্ষা সম্পাদক

৮) অল ইণ্ডিয়া ইকনমিক এছ'চিয়েচনৰ আজীৱন সদস্য

৯) ২০২০-২২ বৰ্ষৰ বাবে ডিব্ৰুগড় জিলা সমিতিৰ অসম সাহিত্য সভাৰ কাৰ্যবাহী সদস্য

১০) কইবৰ্ত্ত জাগৰণ মঞ্চ ২০২২ৰ মুখ্য উপদেষ্টা

১১) ডৰিয়লি কলাঘৰৰ সভাপতি

১২) বাখৰ আলোচনীৰ উপদেষ্টা

১৩) মৰিচা গাঁও হাইস্কুলৰ সভাপতি ৰূপালী জয়ন্তী উদযাপন কমিটি 2022

১৪) বৰহাটৰ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ উদ্ যাপন সমিতিৰি সাংস্কৃতিক সম্পাদক

১৫) PANCHAJANYA, A Multidisciplinary Peer Reviewed Journal of ACTA শিৱসাগৰ জ'নৰ সম্পাদক(এবছৰ দুটা সংখ্যা ২০২২)

১৬) এচিটিএ বৰহাট মহাবিদ্যালয় শিক্ষক ইউনিটৰ সম্পাদক ২০২২-২৪

১৭) ২০২২-২৩ বৰ্ষৰ বাবে অসম মহাবিদ্যালয় শিক্ষক সন্থা, শিৱসাগৰ মণ্ডলৰ কাৰ্যবাহী সদস্য

১৮) কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ সম্পাদক ২০২১-২২

১৯) ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ স্বৰাজ উদ্ যাপপন সমিতিৰ সমন্বয়ক।

২০) কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা, অসমৰ দ্বি-বাৰ্ষিক অধিবেশনৰ উদযাপন সমিতিৰ সভাপতি

২১) সুভানুধ্যায়ী আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য

২২) এচিটিএৰ সহকাৰী সম্পাদক, শিৱসাগৰ মণ্ডল, ২০২৪-২০২৬

২৩) সৰ্বভাৰতীয় সাংবাদিক সংঘ, ডিব্ৰুগড় জিলাৰ উপদেষ্টা ২০২৫-