সদস্য:Dwijenmahanta/পদ্ম কৈৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বিশ্বনাথ চাৰিআলিৰ কাষৰ সাধাৰু চাহ বাগিছাৰ পদ্ম কৈৰী এজন কথাছৱি নিৰ্মাতা আৰু চিত্ৰ-পৰিচালক। পদ্ম কৈৰীয়ে "অনুতাপ" নামৰ কথাছবিৰ যোগেদি এই জগতত প্ৰৱেশ কৰে। কৈৰীয়ে ইয়াৰ পাছত 'ৰতনলাল'ছৱিত অভিনয় কৰে। তেখেতে নিজে 'বুধু-অৰ্জুন' আৰু 'মা' কথাছবি নিৰ্মাণ কৰে। তেখেতৰ গুৱাহাটি দূৰদৰ্শন কেন্দ্ৰৰ বাবে নিৰ্মাণ কৰা ধাৰাবাহিক 'চিৰিজ' বেছ জনপ্ৰিয় হৈছিল। বৰ্তমানও তেখেত বোলছৱি আৰু ধাৰাবাহিক নিৰ্মাণৰ কামত লাগি আছে। তেখেতৰ পত্নী লিলি কৈৰী আৰু পুত্ৰও একোজন অভিনেতা। চাহ বাগিছাৰ মাজতে জন্ম আৰু জীৱন অতিবাহিত কৰি নিজকে এজন চলচিত্ৰ পৰিচালক হিছাবে নিজকে গঢ়ি তুলিবলৈ তেখেতে কঠোৰ শ্ৰম কৰিব লগা হৈছিল। এসময়ত তেখেত বিশ্বনাথ চাৰিআলি বিধান সভা সমষ্টিৰ পৰা ৰাইজৰ প্ৰতিনধি হিছাবে বিধানসভাৰ মজিয়া শুৱণী কৰিছিলগৈ।