সদস্য:IKHazarika/অসমীয়ালৈ লিপ্যন্তৰৰ নিয়মাৱলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইংৰাজী (অইন ভাষাৰ) অসমীয়া লিপ্যন্তৰৰ প্ৰস্তাৱিত নিয়মাৱলী

By Uddip Talukdar on Thursday, 8 November 2012 at 01:26 ৱিকিপিডিয়াত ব্যৱহাৰৰ বাবে ইংৰাজী বা অইন ভাষাৰ শব্দ অসমীয়াত লিপ্যন্তৰ কৰাত এটা সুষমতা বজাই ৰাখিবলৈ তলৰ নিয়মসমূহ প্ৰস্তাৱ কৰা হৈছে। এই নিয়মসমূহ প্ৰস্তুত কৰোঁতে ইংৰাজী বানানলৈ লক্ষ্য কৰা হোৱা নাই, বৰং উচ্চাৰণৰ ফালৰপৰা লিপ্যন্তৰ কৰাৰ প্ৰয়াস কৰা হৈছে। উদাহৰণ সমূহত সেয়ে IPA চিহ্নৰে উচ্চাৰণটো বুজোৱা হৈছে। নীতি: ব্যঞ্জন বৰ্ণৰ বাবে উচ্চাৰণ অনুসৰি লিখা হ'ব।

১. ট-ণ, আৰু ত-ন বৰ্ণৰ উচ্চাৰণৰ বাবে ট,থ,ড,ঢ,ন ব্যৱহাৰ কৰা হ'ব। কিন্তু দন্তীয়া দ-ৰ উচ্চাৰণৰ বাবে দ ব্যৱহাৰ হ'ব। ইংৰাজী th (the, them) ধ্বনিৰ বাবে দ ব্যৱহাৰ হ'ব, অন্যথা ড লিখিব লাগিব।২. nt আৰু nd-ৰ বাবে ণ্ট আৰু ণ্ড ব্যৱহাৰ কৰা হ'ব।

৩. উচ্চাৰণ অনুযায়ী চ,ছ আৰু শ্ব, শ্য-ৰ ব্যৱহাৰ হ'ব। টান চ উচ্চাৰণ (chest, mitchell, fleece, pace) আদিৰ বাবে চ, কোমল ছ উচ্চাৰণৰ বাবে (sin, sea, mess, brass) C, আৰু ইংৰাজী অতি কোমল শ্ব/শ্য উচ্চাৰণৰ বাবে ছ-ই ব্যৱহৃত হ'ব (show, mesh)। অৱশ্যে য'ত কোমল শ্ব/শ্য ধ্বনি অত্যন্ত আৱশ্যক, তাত শ্ব বা শ্য-ৰে লিখা হ'ব (shaw, shinya, show->শ্ব, শ্বিন্যা, শ্ব')

৪. tion-ৰ উচ্চাৰণৰ বাবে ছ ব্যৱহাৰ কৰা হ'ব, প্ৰয়োজনবোধে শ্য ব্যৱহাৰ হ'ব পাৰে। (foundation->ফাউণ্ডেছন)

৫. শব্দৰ শেষত ছ-ধ্বনি যুক্তাক্ষৰ যুক্ত হ'লে স ব্যৱহাৰ কৰা হ'ব (lens->লেন্স), অৱশ্যে ট-ধ্বনিৰ লগত যুক্ত হ'লে ষ হ'ব (যেনে, আইনষ্টাইন, ষ্টেইনলেছ, ষ্টীল); চ-ধ্বনিৰ যুক্তাক্ষৰৰ ক্ষেত্ৰত, nch->ঞ+চ (bunch->বাঞ্চ, punch->পাঞ্চ) (ণ্চ, ন্চ এইদুয়োটা যুক্তাক্ষৰৰ ব্যৱহাৰ নাই বাবে ঞ+চ কৰা হৈছে।)

৬. Y দি আৰম্ভ হোৱা নামৰ ক্ষেত্ৰত "য়" লিখা হ'ব, কিন্তু শব্দৰ প্ৰথম উচ্চাৰণ যি 'ইউ'-ৰদৰে হয়, তেন্তে 'ইউ'ৰে লিখা হ'ব।

৭. পূব এছিয়াৰ নামসমূহত ব্যৱহৃত jhin আদিৰ বাবে ঝ ব্যৱহাৰ কৰা হ'ব, একেদৰে xian আদিৰদৰে স-হ-ৰ মাজৰ উচ্চাৰণৰ বাবে হ ব্যৱহাৰ কৰা হ'ব।

৮. চুটি ই ধ্বনিৰ বাবে ই-কাৰ আৰু দীৰ্ঘ ঈ-ৰ বাবে ঈ-কাৰ। (fill->ফিল, mill->মিল, feel->ফীল, keel->কীল, meet->মীট)

৯. চুটি, দীৰ্ঘ দুয়োটা উ-ধ্বনিৰ বাবে উ-কাৰ আৰু ও-ধ্বনিৰ বাবে ' (উৰ্ধকমা) ব্যৱহাৰ কৰা হ'ব)

১০. অন্যান্য স্বৰধ্বনিৰ লিপ্যন্তৰৰ বাবে তলৰ উদাহৰণ দ্ৰষ্টব্য।

১১. ইতপূৰ্বে বহুলভাৱে অসমীয়াত প্ৰচলিত বানানসমূহৰ প্ৰচলিত ধৰণেই লিখা হ'ব, তাত এই নিয়ম প্ৰযোজ্য নহ'ব।১১. নিয়মসমূহ প্ৰয়োগ কৰাটো প্ৰতিটো শব্দৰ বাবে বেলেগে (individually) বিবেচনা কৰা হ'ব। শব্দ এটাৰ প্ৰকৃত উচ্চাৰণৰ বাবে সংগতি দেখুৱাব পৰা উৎসৰ উল্লেখ থকাটো বাঞ্চনীয়। কিন্তু এনে সমল নহ'লে অইন উৎস, যেনে, বোলছবি, ভিডিঅ' বা সেই ভাষী মানুহে যেনেকৈ উচ্চাৰণ কৰে তাকে মান্য বুলি লোৱা হ'ব। একো উৎসই নাপালে, যিটো উচ্চাৰণ শুদ্ধ বুলি লিখোঁতাই ভাবিছে, সেইটোকে নিয়ম অনুসৰি লিখিব। প্ৰয়োজনবোধে বানান সলনি কৰা হ'ব পাৰে।

১২. এই নিয়ম সমূহ অকল ৱিকিপিডিয়াৰ বাবেহে প্ৰযোজ্য বুলি ধৰা হ'ব। অইন স্থানত ব্যৱহাৰ কৰাৰ বাবে কোনো ধৰণৰ campaigning কৰা নহ'ব।উদাহৰণ সমূহ:(ইংৰাজী ৱিকিপিডিয়াৰ http://en.wikipedia.org/wiki/Wikipedia:IPA_for_English এইটো লিংকৰপৰা মূল উচ্চাৰণ আৰু উদাহৰণসমূহ লোৱা হৈছে) ব্যঞ্জন বৰ্ণ

IPA ইংৰাজী উদাহৰণ অসমীয়া লিপ্যন্তৰ

b buy, cab ব

d dye, cad, do ড

ð thy, breathe, father দ

dʒ giant, badge, jam জ (গু.বি.য়ে শব্দৰ মাজত জ-টো য লিখাৰ প্ৰস্তাৱ দিছে, কিন্তু মোৰ মতে এইটো মানিলে গণ্ডগোল হোৱাৰ সম্ভাৱনা বেছি, কাৰণ আমি উচ্চাৰণৰ ওপৰতহে বেছি গুৰুত্ব দিছোঁ)

f phi, caff, fan ফ

ɡ (ɡ)[1] guy, bag গ

h high, ahead হ

j[2] yes, yacht য়

k sky, crack ক

l lie, sly, gal ল

m my, smile, cam ম

n nigh, snide, can ন

ŋ sang, sink, singer ং

ŋɡ finger, anger ংগ

θ thigh, math থ (থ-ৰ উচ্চাৰণ ট-ৰদৰে হ'লে ট, যেনে Thomas)

p pie, spy, cap প

r rye, try, very[3] ৰ

s sigh, mass ছ

ʃ shy, cash, emotion ছ (বিশেষ ক্ষেত্ৰত য'ত ছ লিখিলে ভুল উচ্চাৰণ হয় তাত শ্ব. tion-ৰ বাবে ছ/শ্য)

t tie, sty, cat, atom ট

tʃ China, catch চ

v vie, have ভ

w wye, swine ৱ

hw why[4] হ

z zoo, has য

ʒ equation, pleasure, vision, beige[5] জ (অ-ইংৰাজী শব্দ, যেনে কিছুমান জাপানী আৰু চীনা নামৰ বাবে ঝ)

Marginal consonants

x ugh, loch, Chanukah[6] স (কিছুমান জাৰ্মান শব্দৰ বাবেও প্ৰযোজ্য)

ʔ uh-oh /ˈʌʔoʊ/ --


অন্যান্য:

st Einstein ষ্ট

nt bent ণ্ট

nd band ণ্ড

tch mitchell চ

nch punch ঞ্চ (ঞ+চ) (bunch->বাঞ্চ, punch->পাঞ্চ)

ch dietrich (মূলত: জাৰ্মান) স (অসমীয়া স-ৰ উচ্চাৰণ শব্দৰ পাছত হ'লে খ-ৰ দৰে হয়)


স্বৰবৰ্ণ:

ɑː palm, father, bra া (পাম, ফাদাৰ, ব্ৰা)

ɒ lot, pod, John[9] অ (লট, পড, জন)

æ trap, pad, shall, ban ে (ট্ৰেপ, পেড, ছেল, বেন)

aɪ price, ride, file, fine, pie াই (প্ৰাইচ, ৰাইড, ফাইল, ফাইন, পাই)

aʊ mouth, loud, foul, down, how াউ (মাউথ, লাউড, ফাউল, ডাউন, হাউ)

ɛ dress, bed, fell, men[12] ে (ড্ৰেছ, বেড, ফেল, মেন) (সত্যনাথ বৰাৰ বহল ব্যাকৰণ-ত এ-ৰ এইটো ধ্বনিৰ বাবে এ' দি লিখাৰ কথা কোৱা হৈছে, যেনে, বে'লি; কিন্তু এইটো মানি চলা নহয় বাবে ৰখা হোৱা নাই।)

eɪ face, made, fail, vein, pay ে (ফেচ, মেড, ফেল, ভেন) (ওপৰৰ শাৰীৰ আলোচনা ইয়াটো খাটে)

ɪ kit, lid, fill, bin ি (কিড, লিড, ফিল, বিন) (চুটি ই- উচ্চাৰণ)

iː fleece, seed, feel, mean, sea ী (ফ্লীচ, ছীড, ফীল, মীন, ছী) (দীৰ্ঘ ই-উচ্চাৰণ)

ɔː thought, Maud, dawn, fall, straw অ (থট, মড, ডন, ফল, ষ্ট্ৰ)

ɔɪ choice, void, foil, coin, boy অয়্‌ (চয়্‌চ, ভয়্‌ড, ফয়্‌ল, কয়্‌ন, বয়্‌) (হসন্ত মন কৰিব)

oʊ goat, code, foal, bone, go[15] ' (গ'ট, ক'ড, ফ'ল, ব'ন, গ')

ʊ foot, good, full, woman ু (ফুট, ফুড, ফুল, ছুন, ৱুমেন)

uː goose, food, fool, soon, chew, do ু (গুজ, ফুড, ফুল, ছুন, চু, ডু) (দিঘলীয়া উ উচ্চাৰণ যদিও ঊ-কাৰ দিয়া হোৱা নাই)

juː cute, mule, tune, queue, you[18] িউ (কিউট, মিউল, টিউন, কিউ, ইউ)

ʌ strut, mud, dull, gun[19] া (ষ্ট্ৰাট, মাড, ডাল, গান)

aɪər Ireland, sapphire (/aɪr./)[8] ায়া (আয়াৰলেণ্ড, ছেফায়াৰ)

aʊər hour (/aʊr./)[8] আৱ (আৱাৰ)