সদস্য:IKHazarika/এবছৰ সম্পূৰ্ণ !!

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়াত মোৰ এবছৰ সম্পূৰ্ণ হ'ল!!!! মই প্ৰথম সম্পাদনা কৰিছিলো ৩১ জুলাই ২০১৪ত (পাইথেগাৰাছ), ৩১ জুলাই ২০১৫ত এবছৰ সম্পূৰ্ণ হ'ল !!!!

হাইলাইটছ
প্ৰতিমাহে প্ৰবন্ধৰ সৃষ্টি
হাইলাইটছ

  • অসমীয়া ৱিকিপিডিয়াৰ ৪.১৫% প্ৰবন্ধ (১৪৬টা) মই লিখা !
  • দিনে ২.২ টা সম্পাদনা (মুঠ ৮০০+) !
  • মোৰ সত্য সাই বাবা প্ৰবন্ধটো আছিল এপ্ৰিল ২০১৫ৰ নিৰ্বাচিত প্ৰবন্ধ !
  • মোক এই বছৰ মে' মাহৰ ৱিকিপিডিয়ান চয়ন কৰা হৈছিল !
  • ৱিকিপিডিয়াসমূহৰ তালিকা মোৰ আটাইতকৈ দীঘলীয়া লেখ (অসমীয়া ৱিকিপিডিয়াত ষষ্ঠদশ) !
  • মোৰ ৪টা প্ৰবন্ধ (ৱিকিপিডিয়াসমূহৰ তালিকা, সত্য সাই বাবা, ছি জিনপিং, বাহাই ধৰ্ম) অসমীয়া ৱিকিপিডিয়াৰ আটাইতকৈ দীঘলীয়া ৫০টা প্ৰবন্ধৰ অন্যতম !
  • চীন মোৰ প্ৰথম প্ৰবন্ধ !
  • এপ্ৰিল ২০১৫ত বেটুপাতৰ "আপুনি জানেনে" অংশ মোৰ প্ৰবন্ধৰ তথ্যৰে সৃষ্টি কৰা হৈছিল !

ভাল প্ৰবন্ধ
প্ৰতি মাহে প্ৰবন্ধৰ বৃদ্ধি

সত্য সাই বাবা (জন্মতে সত্য নাৰায়ণ ৰাজু; ২৩ নৱেম্বৰ ১৯২৬ৰ পৰা ২৪ এপ্ৰিল ২০১১) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। তেওঁ দাবী কৰা আৰু অনেক লোকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ (মৃত্যু: ১৯১৮) পুনৰ্জন্ম। ভাৰতীয় আধ্যাত্মিক গুৰু মেহেৰ বাবাৰ মতে তেওঁ এজন তান্ত্ৰিক আৰু তেওঁ চমৎকাৰৰ বাবে তন্ত্ৰ ব্যৱহাৰ কৰিছিল।


তেওঁ বিভূতি (পবিত্ৰ ভস্ম) আৰু অন্য সৰু বস্তু যেনে আঙঠি, হাৰ, ঘড়ী আদি প্ৰকট কৰিছিল যিয়ে চমৎকাৰী ৰূপত চিকিৎসা কৰা, পুনৰ জীৱন প্ৰদান কৰা আদিৰ কথা অনেকে কয়। ই যশ আৰু সমালোচনা দুয়োকে আমন্ত্ৰিত কৰিলে। তেওঁৰ ওপৰত যৌন নিৰ্যাতন আৰু নকলৰো অভিযোগ উত্থাপিত হৈছিল, কিন্তু তেওঁ তেনে অভিযোগক ষড়যন্ত্ৰ বুলি কৈ, অভিযোগ অস্বীকাৰ কৰিলে।

তেওঁ সদস্যসকলে মানৱ সেৱাৰ দ্বাৰা আধ্যাত্মিক প্ৰগতি লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা সত্য সাই সংস্থাৰ ১২৬খন দেশত ১২০০তকৈ অধিক শাখা আছে। এই সংস্থাৰ মাধ্যমেৰে সত্য সাই বাবাই বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়, ক্লিনিক, খোৱা পানীৰ প্ৰকল্প আদি পৰিচালনা কৰিছিল। বিতংকৈ পঢ়ক....

মই প্ৰথম বছৰত লাভ কৰা পদক
জাননী !!
বঁটা বঁটা পোৱাৰ তাৰিখ
উদগণি পদক ৩০/১০/২০১৪
বিশেষ বঁটা ৩/১/২০১৫
প্ৰতিভাৱান ন-সম্পাদকৰ বঁটা ১৬/২/২০১৫
শততম প্ৰবন্ধ পদক ৩০/৩/২০১৫
এই মাহৰ ৱিকিপিডিয়ান ১০/৫/২০১৫
The Teamwork Barnstar ২৮/৭/২০১৫
এইবাৰ যেনেতেনে দশম শ্ৰেণী পালোগৈ, চেপ্টেম্বৰত এছ-এ ১ আছে, আৰু দুটা পৰীক্ষা দি মাৰ্চত এছ-এ ২ আছে, সেয়েহে এতিয়াৰ পৰা কিছু কাললৈ মই অসমীয়া ৱিকিপিডিয়াত কাম কমাই দিয়াৰ কথা ভাবিছো.... বেয়া নাপাব !