সদস্য:JBDVIJASDVI/নজনাৰ গলগ্ৰহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

'নজনাৰ গলগ্ৰহ' (Argument from Personal Incredulity) এক যুক্তি-বিভ্ৰাট যেতিয়া ব্যক্তিগত ভাৱে কোনো বিষয়ত কাৰিকৰী জ্ঞান নথকাৰ বাবে অথবা নজনাৰ বাবে প্ৰতিপক্ষৰ বা কাৰোবাৰ উক্ত বিষয় সন্দৰ্ভত আগবঢ়োৱা কোনো বিচাৰোপস্থান, যুক্তি বা যুক্তিবাণক অশুদ্ধ, মান্যতাহীন বা মিছা বুলি দাঠি কোৱা হয় ।উদাহৰণ স্বৰোপে কোনোবাই কব পাৰে " মই বুজি নাপাওঁ অভিযন্তা জনৰ কথা যে কেনেকৈ আকাশীযান এখন উৰিব পাৰে। গতিকে মই ভাৱো আকাশীযান উৰিব নোৱাৰে। " এই ক্ষেত্ৰত বক্তাৰ নিজৰ মানসিক পৰিসৰৰ পৰিসীমতাৰ বাবে বাস্তৱ পৃথিৱীত সম্ভাৱনা সীমিত হব নোৱাৰে । গতিকে আকাশীযান এখন হয়তো সঁচাকৈয়ে উৰিব পাৰে বা পাৰিব যদিও কোনোৱে আকাশীযানে কিদৰে কাম কৰে বা কৰিব সেইটো বুজি নাপায় বা নাজানে।

কোনো তথ্যোক্তিৰ সত্যতাৰ সৈতে কাৰোবাৰ বোধগম্যতাৰ সম্পৰ্ক থাকিব নোৱাৰে।