সদস্য:Manas Pratim Dutta
নমস্কাৰ, মই মানস প্রতিম দত্ত। মোৰ ঘৰ ধেমাজি জিলাৰ মাছখোৱা মৌজাৰ বৰপাক জীয়ামৰীয়া গাঁৱত। মই ভেষজ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাত স্নাতোকত্তৰ ডিগ্রী গ্রহণ কৰি বর্তমান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান কৰি আছো। মই আজৰি পালে সাহিত্য চৰ্চা কৰোঁ। প্ৰকাশিত গ্ৰন্থসমঠহ হ'ল : পৰিৱেশ বিষয়ক গ্ৰন্থ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সেউজীয়া দিনৰ নৈসৰ্গিক খোজ, চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু, প্ৰ্ৰ্ৰ্কৃতিৰ বিচিত্ৰ সাধু, পোনাকণৰ পৃথিৱী, প্ৰকৃতিৰ জমাদাৰ, নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত অনুবাদ গ্ৰন্থ কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ'ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে আৰু কবিতা সংকলন মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা, বিলখন নোহোৱা হ'ল আয়াং , কুৱঁলীৰ আখৰ এথুপি, তেজত গজা দুপৰীয়াটো, তুমি ৰ'দ হোৱা মই বৰষুণ হ'ম, এই সময় আমাৰ আৰু তোমাক ভালপাওঁ বাবেই