সদস্য:Mridul Singha Phukan

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মৃদুল সিংহ ফুকনৰ সদস্য পৃষ্ঠালৈ স্বাগতম[সম্পাদনা কৰক]

সদস্য ফটো: মৃদুল সিংহ ফুকন।
মৃদুল সিংহ ফুকন
জন্ম ৯ আগষ্ট, ১৯৮৩
ঘিলাধাৰী চছিয়েলিষ্ট সত্য়াগ্ৰহী পথাৰ, গোলাঘাট, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত টাই আহোম
নাগৰিকত্ব ভাৰতীয়
শিক্ষা ভূগোল বিজ্ঞানৰ স্নাতকোত্তৰ
পেচা শিক্ষক
উচ্চতা ৫ ফুট ৭ ইঞ্চি
দাম্পত্যসঙ্গী ভৱানী কছাৰী
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি অক্লান্ত কৰ্মী পদক, জুলাই, ২০২১


পৰিচয়[সম্পাদনা কৰক]

মৃদুল সিংহ ফুকন (ইং: Mridul Singha Phukan) নামৰ সদস্য জনৰ জন্ম গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চছিয়েলিষ্ট সত্যাগ্ৰহী পথাৰ গাঁৱত ১৯৮৩ চনৰ ৯ আগষ্টত হৈছিল। পিতৃ: ঁপোলেন চন্দ্ৰ ফুকন এজন শিক্ষক আৰু বাগ্মীবৰ নীলমণি ফুকনৰ ব্যক্তিগত সহায়ক আছিল। মাতৃ: শ্ৰীমতী দিপালী ফুকন। তেখেত গোলাঘাটৰ ঘিলাধাৰী মাহীমেলীয়াৰ ১৯৪২ৰ সৰুপথাৰ ৰেল দুৰ্ঘটনাত জড়িত থকা মুক্তিযোদ্ধা ডিম্বধৰ ফুকন, মুক্তিযোদ্ধা ভদ্ৰ ফুকন, মুক্তিযোদ্ধা সুৰেন ফুকন আৰু মুক্তিযোদ্ধা ইন্দ্ৰেশ্বৰ ফুকনৰ নাতি। তেখেত এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক।

শিক্ষা[সম্পাদনা কৰক]

তেখেতে হাবিচুকীয় প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা, জৱাহৰলাল মধ্য ইংৰাজী বিদ্যালয়ত উচ্চ প্ৰাথমিক শিক্ষা, বৰহোলা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত হাইস্কুলীয়া আৰু হায়াৰ চেকেণ্ডেৰী (বিজ্ঞান শাখা) শিক্ষা গ্ৰহণ কৰিছিল। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত ভূগোল মুখ্য বিষয় আৰু ইংৰাজী, প্ৰাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান সাধাৰণ বিষয় হিচাপে লৈ ২০০৫ চনত স্নাতক হয়। তেখেতে জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ভূগোলত আঞ্চলিক পৰিকল্পনা বিশেষ বিষয় হিচাপে লৈ ২০০৭ চনত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে ২০১২ চনত ডক্টৰেট ডিগ্ৰীৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৱেষণা আৰম্ভ কৰিছিল যদিও আৰ্থিক দূৰৱস্থাৰ বাবে গৱেষণা আধাতে সামৰিব লগীয়া হয়। ২০১২ আৰু ২০১৩ চনৰ ভিতৰত তেখেতে তিনিবাৰকৈ ইউ জি চি নেট (UGC NET) পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰে। ইয়াৰ ওপৰিও তেখেত নিম্ন প্ৰাথমিক টেট(TET), উচ্চ প্ৰাথমিক টেট, হাইস্কুল টেট, হায়াৰ চেকেণ্ডেৰী টেট আৰু নিম্ন প্ৰাথমিকৰ চিটেট(CTET) উত্তীৰ্ণ হৈছিল। ২০১৪ চনত তেখেতে ঠিকাভিত্তিক প্ৰাথমিক শিক্ষক হিচাপে যোগদান কৰে। ২০১৬ চনত ৭৫% নম্বৰ সহ ডি এল এড ডিগ্ৰী লাভ কৰে।

কৰ্ম জীৱন[সম্পাদনা কৰক]

বৰ্তমান তেখেত বিলগাঁও প্ৰাথমিক বিদ্যালয়ৰ (২০১৫- চনৰ পৰা) সহকাৰী শিক্ষক আৰু সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি‌ (২০১৯- চনৰ পৰা)। পাভজান বাৰমুখীয়া প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক (২০১৪-২০১৫ চনত) আৰু মুক্তি যোদ্ধা ইন্দ্ৰেশ্বৰ ফুকন মেমৰীয়েল বিদ্যালয়ৰ (২০০৯ চনত) আৰু (২০১১-১২ চনত) প্ৰাক্তন বিজ্ঞান শিক্ষক আছিল।

ৰাপ[সম্পাদনা কৰক]

তেখেতে আজৰি সময়ত ৱিকিপিডিয়াত লিখি, কিতাপ পঢ়ি, ভূগোল, বিজ্ঞান আৰু পৰিৱেশ বিষয়ত লেখা মেলা কৰি, ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি, ফুটবল খেলি, শৰীৰ চৰ্চা কৰি, ছবি আঁকি, কম্পিউটাৰ মেৰামতি কৰি, অনলাইন ভিডিঅ' গেম খেলি আৰু ইউটিউব ছেনেলৰ বাবে শৈক্ষিক আৰু পি চি গেম প্লেয়ীঙৰ ভিডিঅ' বনাই ভাল পায়।

ফেইচবুক লিংক[সম্পাদনা কৰক]

MRIDUL SINGHA PHUKAN নামত তেখেতৰ খাতা আছে।

ইংৰাজীত তথ্য[সম্পাদনা কৰক]

Mridul Singha Phukan (9th Aug, 1983 -) is a Geography writer and teacher, graduated from Dergaon Kamal Duarah College, Dergaon, Golaghat, Assam and post graduated from Dibrugarh university, Dibrugarh, Assam, India.

প্ৰাপ্ত পদক[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক, জুলাই, ২০২১

অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অক্লান্ত অৱদানৰ বাবে কৃতজ্ঞতা জনাই এই সামান্য পদকটি আগবঢ়ালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব। -অসমীয়া ৱিকিপিডিয়া সমাজ

অনান্য[সম্পাদনা কৰক]

ৱিকিপিডিয়ানৰ মনৰ কথা[সম্পাদনা কৰক]

ৱিকিপিডিয়ানৰ মনৰ কথাপঢ়িবলৈ অনুগ্ৰহ কৰি তলৰ সূত্ৰত যাওক - {{|https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE/%E0%A6%9B%E0%A7%87%E0%A6%AA%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A7?fbclid=IwAR3JktXKQZFts4k0OSFwdczrUZr_CzZ5dB6QoB2mH3UkdrQj-d-CwOoOaRA}}