সদস্য:Nuruja N Sonowal
প্ৰগতিশীল চেতনাৰ বাৰ্তাবাহক ভবানন্দ দত্তৰ "ৰাজপথ"
জয়ন্তীৰ পাতত "নচিকেতা" ছদ্মনামত প্ৰকাশিত ভৱানন্দ দত্তৰ "ৰাজপথ" এটা বাস্তৱ বাদী কবিতা। কবিতাটিত এফালে সমাজৰ আঢ্যৱন্ত শ্ৰেণীৰ ফোঁপোলা আভিজাত্য আৰু আনফালে শ্ৰমজীৱি দৰিদ্ৰ শ্ৰেণীৰ জীয়াই থকাৰ তাড়নাত সৃষ্ট জীৱন-সংগ্ৰামৰ অন্তঃদ্বন্দ্ব প্ৰকাশ পাইছে|কবিয়ে আধুনিক যান্ত্ৰিক সভ্যতাই আধুনিক সমাজ জীৱ্নত কিদৰে প্ৰভাৱ পেলাইছে সেয়া য্থাৰ্থ ৰূপত প্ৰকাশৰ চেষ্টা কৰিছে|কলিকতা মহানগৰীৰ চাক্ষুস অভিজ্ঞতাৰ ভিত্তিত কবিয়ে নগৰীয়া জীৱনৰ জীয়া ছবি এখন তুলি ধৰাৰ যত্ন কৰিছে|দ্বিতীয় মহাসমৰে কঢ়িয়াই অনা বিভীষিকা আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত সংঘটিত বিভিন্ন সাম্প্ৰদায়িক সংঘৰ্ষ, বিদ্ৰোহ, হত্যা, হিংসাৰ সাক্ষী বহন কৰে কলিকতা মহানগৰীয়ে|ইয়াৰ লগে লগে দুৰ্ভিক্ষ, মহামাৰী, দৰিদ্ৰতাই সৰ্বসাধাৰণ শ্ৰেণীৰ জীৱনক কৰি তুলিলে অধিক ভয়াৱহ| মহানগৰীৰ ৰাজপথৰ একাষে জিলিকিছে সম্ভ্ৰান্ত শ্ৰেণীৰ ওখ ওখ অট্টালিকাৰ শাৰী য’ত অহৰহ ৰিণিকি ৰিণিকি শুনা যায় সুমধুৰ সুৰৰ মূৰ্চ্চনা, আনফালে সেই দালানৰ দাঁতিতে ভিক্ষাৰ শূণ্য-পাত্ৰ লৈ ফুটপাথত আশ্ৰয়্হীন সৰ্বহাৰা সৰ্বস্বান্ত শ্ৰেণী|এফালে আছে হতাশাগ্ৰস্ত আৰু ক্ষয়িষ্ণু নগৰীয়া জীৱন-যাত্ৰাৰ মাজত একাংশ শ্ৰমজীৱিৰ জীয়াই থকাৰ তাড়না আৰু আন একাংশৰ “গোপন অভিসাৰৰ লিপ্সা”-
“ব্লেক আউটৰ অন্ধকাৰময় হে ৰাজপথ! কত ট্ৰাম,বাছ,টেক্সি,ৰিক্সা চলে তোমাৰ উদাৰ বুকুৰ ওপৰেদি কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে তোমাৰ প্ৰ্শান্ততাৰ সুবিধা লৈ|”
এটি ৰাজপথক কেন্দ্ৰ কৰি কবিয়ে দিনৰ পোহৰত ট্ৰাম, বাছ, টেক্সি, ৰিক্সা আদি বাহনে গতিশীল কৰি তোলা ৰাজপথৰ ৰাতিৰ অন্ধকাৰৰ সুযোগ বুজি উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰত লিপ্ত তথাকথিত এচাম ভদ্ৰ-বণিতা আৰু অফিচ-হোটেলত কৰ্মৰত কেৰাণী আদিৰ জৰিয়তে মানৱীয় মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ সমাজৰ দৃষ্টিগোচৰ কৰিছে|নিশাৰ আন্ধাৰত পথচাৰীৰ অনুপস্থিতিৰ সুযোগ লৈ জীৱিকাৰ সন্ধানতেই হওক অথবা যৌন-বাসনা চৰিতাৰ্থ কৰাৰ জঘন্য উপায় অৱলম্বনৰ খাতিৰতেই হওক যিসকল তথাকথিত ভদ্ৰ লোকে সমাজৰ চকুত ধূলি দি সেই গোপন অভিসাৰত লিপ্ত হয় সেই সকলৰো চৰণাঘাত ৰাজপথটিয়েই সহ্য কৰিবলগাত পৰে| কবিতাটিত কবিয়ে বাস্তৱবাদী দৃষ্টিভংগীৰে সমাজৰ শোষিত,অৱহেলিত,নিপীড়িত,লাঞ্চিতসকলৰ দুখ-দুদৰ্শাৰ প্ৰগতিবাদী চিন্তা-চেতনাৰ উন্মেষ ঘটাইছে|এফালে সুউচ্চ অট্টালিকাত বিলাসী জীৱ্ন-যাপন কৰা ধনতান্ত্ৰিক সমাজ ব্যৱস্থাৰ চিত্ৰ আনফালে আকৌ অট্টালিকাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূণ্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰা শ্ৰেণীটোৰ জীৱ্ন-ধাৰণৰ কাৰণে কঠোৰ সংগ্ৰাম আৰু জীৱনৰ নৈৰাশ্যবোধ প্ৰকাশ পাইছে| কবিতাটিত প্ৰতীকৰূপী “ৰাজপথ”ৰ অপাৰ লীলা প্ৰকাশিত হৈছে| কবিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱপুষ্ট তথাকথিত আধুনিক নগৰীয়া সভ্যতাৰ অন্ত:সাৰশূণ্য সামাজিক ছবিখনক “ব্লেক আউট” শব্দটিৰ জৰিয়তে সুন্দৰৰূপত দাঙি ধৰিছে| আধুনিক ধনতান্ত্ৰিক সভ্যতাই সৃষ্টি কৰা শ্ৰেণী দুটাৰ এচামে ভোগ-বিলাসৰ মাজেৰে মহা আড়ম্বৰে জীৱন-যাপন কৰিছে আৰু আনচামে যথা-সৰ্বস্ব হেৰুৱাই ভিকহুত পৰিণত হৈছে| ৰাজপথত কবিয়ে ভগ্নপ্ৰায় সমাজৰ নিৰ্মমতা আৰু প্ৰেম-আশাৰ সলনি যৌনবিকাৰ-নৈৰাশ্যৰ ইংগিত দিছে| আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপো কবিতাটিত প্ৰতিফলিত হৈছে| সমসাময়িক জীৱনৰ বিভীষিকাৰে পৰিপূৰ্ণ নগৰীয়া জীৱনত আন্ধাৰ নিশাৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দি ৰাজপথৰ দাঁতিতেই কিমান যে নাৰকীয় কাণ্ড সংঘটিত হয় তাৰ হিচাপ কৰোঁতা নাই বা হিচাপ ৰখাটোও অসম্ভৱ| ৰাজপথটি যেন হৈ পৰে অভিসাৰী প্ৰেমিক-প্ৰেমিকাৰ গোপন মিলন-ক্ষেত্ৰ| ৰাতিৰ আন্ধাৰৰ সুযোগতেই এচাম ভদ্ৰ-বণিতাই দেহ বিক্ৰীৰ অভিযান চলাই নিয়ে| আধুনিক সভ্যতাৰ সৃষ্টি দেহোপজীৱিনীৰ সঘন আহ-যাহ আন্ধাৰ ৰাতিৰ প্ৰশান্ত ৰাজপথত সততে পৰিদৃশ্যমান হোৱা দেখা যায়| ৰাজপথৰ একাষে শাৰী-শাৰী অট্টালিকাত ৰেডিঅ’ৰ গান, অৰ্গেনত ৰবীন্দ্ৰ সংগীতৰ সুৰ---এনে সুমধুৰ সংগীতৰ মূৰ্চ্চনাৰ মাজত এচামে ডবল তলিচাযুক্ত মেহগনি পালেঙত আলসুৱা দেহটি এৰি দি বিৰহত কাতৰ হৈ পৰে আৰু ধন-সম্পদৰ প্ৰাচুৰ্যতাৰ মাজতেই জীৱনৰ পৰিপূৰ্ণতাৰ সন্ধান কৰে| ইয়াতে আকৌ কলেজীয়া ছোৱালীবোৰে কৰ্তব্যবোধ পাহৰি বিৰহ-কাতৰা হৈ অসত্অভিসাৰত লিপ্ত হয়| আনকাষে আকৌ ৰাজপথৰ ওখ ওখ অট্টালিকাৰ তলৰ ফুটপাথকে জীৱনৰ শেষ আশ্ৰয়স্থল বুলি ভবা এচাম মৃতপ্ৰায় কংকালৰ শাৰী, যিসকল গৃহহীন, সম্বলহীন আৰু অধিকাৰহীন| যাৰফলত ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ ছাইনপোষ্ট স্বৰূপ হৈ তেওঁলোকে ৰাজপথকেই জীৱনৰ যথা-সৰ্বস্ব আশ্ৰয় বুলি মানি লয়| সমাজৰ দৃষ্টিত তেওঁলোক বঞ্চিত অথচ তেওঁলোকৰো জীৱন জীয়াৰ কিছু বাঞ্চা নথকা নহয়| সেয়েহে ৰাজপথত আঁৰি ৰখা ফলক-স্তম্ভ নাইবা ছাইন-পোষ্টৰ দৰে এটা ৰাজপথৰপৰা বঞ্চিত হ’লেও অন্য এটা ৰাজপথকে শেষ আশ্ৰয়স্থল হিচাপে স্বীকাৰ কৰি কেৱল জীয়াই থকাৰ স্বাৰ্থতেই তেওঁলোক জীয়াই আছে| ভৱানন্দ দত্তৰ “ৰাজপথ” কবিতাটিত ৰোমাণ্টিক কবিৰ বাস্তৱ-বিমুখ ভাবাবেগৰ বিপৰীতে সামাজিক চেতনাকহে বিশেষ অগ্ৰাধিকাৰ দিছে| কবিয়ে পুৰণি ভাববাদী ৰোমাণ্টিক ভাবধাৰাৰপৰা আঁতৰি নব্য চিন্তাধাৰাৰে বাস্তৱবাদী ভাবধাৰাৰ প্ৰতিফলন ঘটাইছে| কবিয়ে কবিতাটিৰ জৰিয়তে আধুনিক অসমীয়া কবিতালৈ এক বৈপ্লৱিক ভাবধাৰা প্ৰবাহিত কৰিছে|
নুৰুজা সোনোৱাল
ডিব্ৰুগড় বিশ্ববিদ্যালয়