সমললৈ যাওক

সদস্য বাৰ্তা:Nuruja N Sonowal

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

হেমবৰুৱাৰ "ইজৰাইল"

প্ৰস্তাৱনা:

আধুনিক অসমীয়া সাহিত্য জগতৰ এগৰাকী অন্যতম বিশিষ্ট সাহিত্যিক হেম বৰুৱাই অসমীয়া সাহিত্যৰ অন্যান্য দিশসমূহৰ দৰে অসমীয়া ভ্ৰমণ সাহিত্যৰ ক্ষেত্ৰখনতো উল্লেখনীয় বৰঙণি আগবঢ়াই থৈ গৈছে । তেখেতৰ "সাগৰ দেখিছা", "ৰঙা কৰবীৰ ফুল", "মেকং নৈ দেখিলোঁ" , "ইজৰাইল" আদি ভ্ৰমণ কাহিনী সমূহ অতি জনপ্ৰিয় আৰু সাহিত্যিক মৰ্যাদাৰ ফালৰ পৰাও অতুলনীয় ।লেখকে "ইজৰাইল " গ্ৰন্থখনত ইজৰাইল দেশ তথা ইহুদীসকলৰ কৰুণ ইতিহাসৰ বৰ্ণনাৰ লগতে এটা নিৰ্যাতিত জাতিয়ে নতুন সপোনেৰে কেনেকৈ উদ্ভাসিত হৈ আত্মপ্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে তাৰ অন্তস্পৰ্শী বৰ্ণনা দাঙি ধৰিছে।


ইজৰাইল গ্ৰন্থৰ এটি চমু আলোচনা:

হেমবৰুৱা তৃতীয়খন ভ্ৰমণ-পুথি 'ইজৰাইল'।৫ টা ভিন্ন খণ্ডত বিভক্ত গ্ৰন্থখনত নতুনকৈ জন্ম লাভ কৰা, ইহুদী প্ৰধান সৰু ৰাষ্ট্ৰ ইজৰাইলৰ সামাজিক , ৰাজনৈতিক, সাংস্কৃতিক আদি অৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বৰুৱাই ইজৰাইল চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে ১৯৬৪ চনত ইজৰাইল ভ্ৰমণ কৰিছিল। তেওঁ ইজৰাইলৰ জেৰুজালেম,তেল-এভিভ্ চহৰ,কিবুৎজ গাওঁ,বীৰশ্বেৱা চহৰ,নেগেভ্ মৰুভূমি অঞ্চল,গেলিলী অঞ্চল,নেজেৰেথ অঞ্চল আদি ভ্ৰমণ কৰিছিল আৰু তেওঁৰ ভ্ৰমণৰ সহচৰ আছিল ড্ৰাইভাৰ য়াকোভ আৰু ডিপ্লোমেট য়াটিভ।


পৃথিৱীৰ বিভিন্ন ঠাইত অনাই- বনাই ঘূৰি ফুৰা,উৎপীড়িত জাতি ইহুদীসকলে ১৯৪৮ চনত ইজৰাইল স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইজৰাইলক পৃথিৱীৰ ভিতৰতে এখন লেখত লবলগীয়া ৰাষ্ট্ৰ হিচাপে গঢ় দিবলৈ ইহুদীসকলে কেনেকৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে -তাৰ বিৱৰণ অতি সহানুভূতিৰে আৰু প্ৰাঞ্জল ভাষাত দাঙি ধৰিছে। থিয়ডোৰ হাৰ্ লজ নামৰ এজন ভিয়েনাবাসী ইহুদী নাট্যকাৰে পীড়িত ইহুদীসকলৰ কাৰণে নিজ জন্মভূমি ইজৰাইলক স্বাধীন কৰাৰ সপোন দেখিছিল। সেই সপোন ফলিয়াইছিল ১৯৪৮চনত।

বৰুৱাই ইজৰাইলৰ ৰাজধানী জেৰুজালেমৰ শ্বহীদ ভৱনত অজস্ৰ অত্যাচাৰিত ইহুদীৰ চিত্ৰৰ লগতে মাউন্ট হাৰ্ লজৰ স্মৃতিবেদী দেখিবলৈ পাইছিল। ইহুদীসকলৰ স্বাধীনতাৰ কাহিনী, অতীতৰ কৰুণ কাহিনী , পুথিখনৰ প্ৰথম অধ্যায়ত বৰ্ণনা কৰা হৈছে।

বৰুৱাই ইজৰাইলৰ গাঁওবোৰ ঘূৰি সেইবোৰৰ সুন্দৰ বিৱৰণ দিছে।গাঁও হ'লেও ৰন্ধা-বঢ়া, কাঁহি-বাটি ধোৱা আদি সকলো কাম যান্ত্ৰিক ব্যৱস্থাৰে কৰা হয়। তাৰ পৰা বুজিব পাৰি গাঁওবোৰ কিমান উন্নত।কিবুৎজ আৰু মোচেভ্ এই ধৰণৰ সমবায় পদ্ধতিত গাঁওবোৰ চলে। বৰুৱাই এই পদ্ধতিৰ বিশদ বিৱৰণ দিছে।

বৰুৱাই ইজৰাইলৰ মৰুভূমি অঞ্চল নেগেভলৈ ফুৰিবলৈ গৈছিল। মৰুভূমি হ'লেও পৰিশ্ৰমী ইজৰাইলবাসীয়ে জলসিঞ্চনৰ যোগেদি কেনেকৈ শস্য -শ্যামলা কৰি তুলিছে ---তাৰ বিৱৰণ দিয়া হৈছে।তাৰ ডেড্ -ছি নামৰ লোণযুক্ত হ্ৰদৰ বিৱৰণটি আকৰ্ষণীয়। বৰুৱাই মৰুভূমি অঞ্চলত থকা বেদুইনবিলাকৰ জীৱন-যাত্ৰা সম্বন্ধেও ভালেমান কথা পুথিখনত সন্নিৱিষ্ট কৰিছে। ইজৰাইলত যেনেকৈ শুকান পাহাৰ আৰু মৰুভূমি আছে, তেনেকৈ পিটনি অঞ্চলো আছে। পিটনি অঞ্চলত খেজুৰ আৰু ডালিমগছ উভৈনদী। ইজৰাইলবাসীয়ে যন্ত্ৰৰ সহায়ত পিটনি আৰু মৰুভূমি দুয়োটাৰে সমস্যা সমাধান কৰি মাটিবোৰ খেতিৰ উপযুক্ত কৰি লৈছে।

ইজৰাইলৰ প্ৰধান ভাষা হিব্ৰু। পৃথিৱীৰ এটি অতি পুৰণি ভাষা হিব্ৰু অনাই-বনাই ফুৰা ইহুদীসকলৰ মাজত কেনেকৈ ৰৈ আছিল এই বিষয়ে বৰুৱাই চমু ইতিহাস দাঙি ধৰিছে। অৱশ্যে ইজৰাইলত আৰৱী ভাষাকো আৰৱ সম্প্ৰদায়ৰ ভাষাৰূপে স্বীকৃতি দিছে। বৰুৱাই ইজৰাইলৰ হিব্ৰু সাহিত্য আৰু ৰংগমঞ্চৰ বিষয়েও আলোচনা কৰিছে।

ইজৰাইলত বৰ্ণ-লিংগ নিৰ্বিশেষে দেশবাসীৰ সামাজিক আৰু ৰাজনৈতিক স্বত্ব সম্পূৰ্ণৰূপে ৰক্ষিত আৰু শিক্ষা, সংস্কৃতি, ভাষা, ধৰ্ম সকলো ক্ষেত্ৰতে স্বতন্ত্ৰতা স্বীকৃত। বৰুৱাই ইজৰাইলবাসীৰ ৰাজনৈতিক জীৱনৰ এটি আভাস দাঙি ধৰিছে। ইউৰোপীয় নাৰী সমাজৰ দৰে ইজৰাইলী নাৰীসমাজো মুক্ত। গাওঁ -চহৰ সকলো ঠাইতে নাৰী স্বাধীনচিতীয়া,মুকলিমুৰীয়া।সেইদৰে পুৰুষসকলৰ দৰে তাৰ তিৰোতাসকলেও ৰাষ্ট্ৰৰ উন্নতিৰ কাৰণে কাম কৰি গৈছে।

পুথিখনৰ শেষৰফালে বৰুৱাই ইজৰাইলৰ শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰিছে।তাৰ মানুহৰ যে কিতাপ পঢ়াৰ ধাউতি অপৰিসীম, আনকি তাৰ টেক্সী ডাইভাৰেও মে কিতাপ পঢ়ে,এই কথাও তেওঁ ক'বলৈ পাহৰা নাই। বৰুৱাই ইজৰাইলৰ পৰা উভতি আহোঁতে ইৰাণৰ ৰাজধানী তেহৰাণত এদিনৰ কাৰণে ভুমুকি মাৰি তাত লাভ কৰা অভিজ্ঞতাৰ কথা পাশ্চাত্য সভ্যতাত দীক্ষিতা বোৰখাৰ লেখিয়া ওৰণি লোৱা আধুনিকা মুছলিম মহিলাৰ কথাও পাতনিত বৰ্ণনা কৰিছে।

ইজৰাইলত প্ৰতিফলিত সামাজিক চিত্ৰ:

ইজৰাইল ভ্ৰমণ গ্ৰন্থখনত লেখকে ইজৰাইল ৰাষ্ট্ৰখনৰ বিভিন্ন ঠাইৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক আদি দিশসমূহৰ সামগ্ৰিক চিত্ৰ অতি সৰসভাৱে উপস্থাপন কৰিছে।তলত এই দিশসমূহৰ আলোচনা দাঙি ধৰা হ'ল ---

ইজৰাইলৰ ভৌগোলিক অৱস্থিতি: ইজৰাইল এখন ইহুদী ৰাষ্ট্ৰ। ইয়াৰ মাটিকালি আঠ হাজাৰ বৰ্গ মাইল। উত্তৰ অঞ্চলত অৱস্থিত গেলিলীৰ পৰ্বতমালাৰ পৰা আৰম্ভ কৰি দক্ষিণ অঞ্চলৰ আয়লৎ চহৰ পৰ্যন্ত ইজৰাইল চহৰ সীমাবদ্ধ।ই দীঘলে মাত্ৰ ২৬৫ মাইল। ইয়াৰ উত্তৰ সীমান্তত লেবানন আৰু ছিৰিয়া ৰাষ্ট্ৰ অৱস্থিত,পূবত ছিৰিয়া আৰু জৰ্ডন ৰাষ্ট্ৰ, দক্ষিণ -পশ্চিমত ইজিপ্ত আৰু গাজাষ্ট্ৰিপ অৱস্থিত।

   ইজৰাইলৰ ভূমিখণ্ডক চাৰিটা খণ্ডত ভগাব পাৰি: (১) সমুদ্ৰতীৰস্থ সমতলভূমি। লেবানন সীমান্তৰ পৰা আৰম্ভ কৰি চীনাই সীমান্ত পৰ্যন্ত ভূমধ্যসাগৰৰ পাৰে পাৰে এই অঞ্চল অৱস্থিত।

(২) পৰ্বতীয়া অঞ্চল। পৰ্বতীয়া অঞ্চলৰ ভিতৰত বিশেষকৈ গেলিলী,চামাৰিয়া আৰু জুডিয়া ভূমিখণ্ড অন্তৰ্ভুক্ত কৰিব পাৰি।

(৩)জৰ্ডন ভূমিখণ্ড আৰু ইয়াৰ অন্তৰ্ভুক্ত উপত্যকাসমূহ।

(৪) নেগেভ্। ইয়াৰ সৰহভাগেই মৰুভূমি। ইজৰাইলৰ দক্ষিণ ভাগত নেগেভ্ অঞ্চল অৱস্থিত।

জনসংখ্যা: ১৯৪৮ চনৰ ১৪ মে তাৰিখে সন্মিলিত জাতিসংঘৰ প্ৰস্তাৱ অনুসৰি ইজৰাইল ৰাষ্ট্ৰ জন্ম হোৱাৰ সময়ত ইয়াৰ জনসংখ্যা আছিল মাত্ৰ ছয় লাখ পঞ্চাছ হাজাৰ। বৰ্তমান ইজৰাইলৰ জনসংখ্যা ২৫ লাখ।

ইজৰাইলৰ মানুহ: ইজৰাইলৰ মানুহবোৰ সহৃদয়শীল, সহানুভূতিশীল,অতিথিপৰায়ণ, সামাজিক। সকলোৱে ৰাইজৰ হকে কাম কৰে।তেওঁলোকৰ কাৰো ব্যক্তিগত সম্পত্তি নাই, সকলো সমাজৰ সম্পত্তি। উৎপাদন, বিতৰণ সকলো সমাজে কৰে। কোনেও ব্যক্তিগত ব্যৱসায়ত লিপ্ত থাকিব নোৱাৰে।

কৃষি: ইজৰাইলত যৱধান,বাৰ্লি,আলু, বিলাহী, বেঙেনাৰ লগতে নানাবিধ ফল,জলফাই,আঙুৰ ইত্যাদিৰ উপৰিও ধঁপাত আৰু বিবিধ ধৰণৰ শস্য উৎপাদন কৰা হয় আৰু উৎপাদিত এই সামগ্ৰীসমূহ জাহাজেৰে বিদেশৰ বজাৰলৈ ৰপ্তানি কৰা হয়।

ভাষা: ইজৰাইলৰ প্ৰধান ভাষা হিব্ৰু।এই ভাষা জনসাধাৰণৰ কথিত ভাষা ,শিক্ষাৰ মাধ্যম, অফিচ -আদালত আদিত ব্যৱহাৰ হোৱাৰ লগতে ৰাষ্ট্ৰীয় ভাষাৰ মৰ্যাদা লাভ কৰিছে। ইজৰাইলত আৰৱী ভাষাকো আৰৱ সম্প্ৰদায়ৰ ভাষাৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে।

সাহিত্য ,গ্ৰন্থ প্ৰণয়ন : ইজৰাইলত হিব্ৰু ভাষাত বাইবেলকে ধৰি বহুতো ধৰ্মগ্ৰন্থ ৰচনা কৰা হৈছিল।১৮৫৬ চনত হিব্ৰু সাপ্তাহিক বাতৰি -কাকত 'হা-মাগিভ'ৰ জন্ম হয়। বৰ্তমান হিব্ৰু ভাষাত ১১খন বাতৰি -কাকত আছে।বছৰি অন্ততঃ এহেজাৰকৈ হিব্ৰু ভাষাত নতুন কিতাপ ওলায়।

  বেন- ইহুদাই ৬৭ খণ্ডৰ আশী হেজাৰ শব্দৰ এখন হিব্ৰু অভিধান প্ৰকাশ কৰে । অভিধানৰ নাম থিছেউৰাছ। ইয়াৰ পাছত এখন সংগীত শব্দাৱলীৰ অভিধান, এখন মটৰ গাড়ীৰ অংশ বিশেষৰ অভিধানৰ লগতে আন দুখন বৃহৎ হিব্ৰু অভিধান প্ৰকাশ পায়। শেহতীয়াকৈ  ৮,৪৫৮ টা নতুন শব্দৰে সৈতে সৰ্বমুঠ ২৮,১৮৫ টা হিব্ৰু শব্দৰে 'ইভেন শ্বোশ্বান' নামৰ হিব্ৰু ভাষাৰ অভিধান এখন প্ৰণয়ন কৰা হৈছিল।
 

হিব্ৰু ভাষাত শ্বামীবৰ ডি কিং অব্ ফ্লেশ্ব এণ্ড ব্লাড নামৰ এখন বুৰঞ্জীমূলক উপন্যাস ৰচনা কৰাৰ লগতে ৰাকেল ব্লাভষ্টেইন,ইজহাৰ্,হানক বাৰটভ্,আহাৰণ্ মেগেভ্ আদি কবি-সাহিত্যিকসকলে হিব্ৰু ভাষাত গল্প, কবিতা, উপন্যাস আদি ৰচনা কৰি ইজৰাইলী সাহিত্যক সমৃদ্ধ কৰি তুলিছে।

শৈক্ষিক দিশ: ইজৰাইলত ঘাইকৈ সাংস্কৃতিক মূল্যবোধৰ শিক্ষা, বিজ্ঞান শিক্ষা,দেশ আৰু মানৱ প্ৰেমৰ শিক্ষা দিয়া হয়। ইয়াৰ উপৰিও কৰ্ম-মৰ্যাদা আৰু কৃষি বিদ্যা শিক্ষাৰ ওপৰতো যথেষ্ঠ গুৰুত্ব প্ৰদান কৰা হয়।

ইজৰাইলৰ শিক্ষাবিদসকলৰ মতে, প্ৰকৃততে শিক্ষাৰ মান উন্নত কৰিবলৈ হ'লে, সেই অনুপাতে শিক্ষকৰ অৰ্হতাৰ মান উন্নত কৰিব লাগিব। সেই কাৰণে শিক্ষকৰ প্ৰশিক্ষণ ব্যৱস্থাৰ ওপৰত ইজৰাইলত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। গ্ৰীষ্মকালীন বন্ধৰ সময়তো এই শিক্ষা প্ৰদান কৰা হয়। মাধ্যমিক স্কুলৰ শিক্ষকৰ প্ৰশিক্ষণৰ দায়িত্ব বিশ্ববিদ্যালয়ৰ ওপৰত ন্যস্ত থাকে।

উচ্চ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা নাই। এনেবোৰ স্কুল তিনি প্ৰকাৰৰ আছে---(১) সাধাৰণ শিক্ষাৰ

(২) কাৰিকৰী শিক্ষাৰ (৩)কৃষি-বিদ্যা শিক্ষাৰ

   ১৯৬৪ চনৰ পিয়লৰ মতে মাধ্যমিক স্কুলৰ এক লাখ ছাত্ৰ -ছাত্ৰীৰ ভিতৰত দুভাগ সাধাৰণ শিক্ষাৰ বিদ্যাৰ্থী। সৰ্বমুঠ কাৰিকৰী স্কুল এশ খন আছে--এইবোৰ ৰাইজৰ অনুষ্ঠানে পৰিচালনা কৰে। ইজৰাইলত উচ্চতম শিক্ষাৰ অনুষ্ঠান দুটা ---জেৰুজালেম চহৰত অৱস্থিত হিব্ৰু বিশ্ববিদ্যালয় আৰু হাইফা চহৰত অৱস্থিত টেকন'লজিৰ উচ্চ বিদ্যালয় টেকনিয়ন্।
       টেকনিয়ন্ অনুষ্ঠানত ইঞ্জিনিয়াৰিং, স্থাপত্য-বিদ্যা, মৌলিক আৰু ব্যৱহাৰিক বিজ্ঞান ইত্যাদি বিষয়বস্তুৰ শিক্ষা দিয়া হয়। ইয়াৰ উপৰিও অনুষ্ঠানটোৱে চৰকাৰৰ কৃষি আৰু উদ্যোগ বিভাগক আৱশ্যকীয় টেকনিকেল পৰামৰ্শ আদিৰেও সহায় কৰে। এই দুটা অনুষ্ঠানৰ লগতে ৱেজমেন ইনষ্টিটিউট অব্ চায়েন্স আৰু এফ্ৰ'-এছিয়ান ইনষ্টিটিউট নামৰ আন দুটা উচ্চ শিক্ষাৰ অনুষ্ঠান আছে।

সাংস্কৃতিক দিশ: ইজৰাইলৰ সাংস্কৃতিক দিশৰ পৰিচয়ো পোৱা যায়। লোকগীত, লোকনৃত্য ,লোক অভিনয় এইবোৰেই ইজৰাইলৰ কিবুৎজ গাঁৱৰ সাংস্কৃতিক জীৱনৰ ঘাই সম্পদ। তদুপৰি দূৰৰ শিল্পী, মঞ্চ-দল আদিক নিমন্ত্ৰণ কৰি আনি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।বাস্কেট্ বল,ভলী বল,সাঁতোৰা ইত্যাদি খেল -ধেমালিৰো আয়োজন কৰে। গীত -নৃত্য-অভিনয় , খেল -ধেমালি আদিয়ে ইজৰাইলৰ সাংস্কৃতিক দিশ সমৃদ্ধ।

ৰাজনৈতিক দিশ: ইজৰাইলৰ ৰাজনৈতিক জীৱন সংসদী গণতান্ত্ৰিক পদ্ধতিৰে পৰিচালিত। ছকুৰিজন সদস্যৰে সংগঠিত তেওঁলোকৰ এখন সংসদ আছে যাক হিব্ৰু ভাষাত 'নেচেট' বোলা হয়। দেশৰ ৰাজধানী জেৰুজালেমত সংসদ-ভৱন অৱস্থিত। ইজৰাইলী সংসদৰ জীৱনকাল চাৰি বছৰ অৰ্থাৎ চাৰিবছৰৰ মূৰে মূৰে ইয়াত সাধাৰণ নিৰ্বাচন হয়। অৱশ্যে চলিত সংসদে ইচ্ছা কৰিলে নিৰ্ধাৰিত সময় পূৰ্ণ হোৱাৰ পূৰ্বে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে। বৰ্ণ নিৰ্বিশেষে ১৮ বছৰ বয়সৰ যিকোনো নাগৰিকে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। ভোটদাতাসকলৰ নিৰ্ধাৰিত বয়স থকাৰ দৰে নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰো বয়স নিৰ্ধাৰণ কৰি দিয়া হয়। ন্যায়াধীশ -সমাজ ধৰ্মযাজক শ্ৰেণী , সামৰিক আৰু অসামৰিক ৰাজ - কৰ্মচাৰী --এইসকলৰ কোনো নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব নোৱাৰে।১৫জন সদস্যৰে ইজৰাইলী মন্ত্ৰীসভা গঠিত। ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভা নিযুক্ত কৰাৰ পাছত সদস্যসকলৰ নাম সদনৰ মজিয়াত উত্থাপন কৰা হয়।সদনে প্ৰত্যেকজনকে আনুষ্ঠানিকভাৱে সমৰ্থন জনোৱাৰ অন্ততহে সেইসকলৰ মন্ত্ৰী পদৰ শপত গ্ৰহণ কৰিবলৈ দিয়া হয়।

ইজৰাইল গ্ৰন্থখনৰ বিশেষত্ব: ভ্ৰমণ কাহিনী সমূহত একোটা নিদিৰ্ষ্ট সময়ৰ দেশ তথা সমাজ একোখনৰ সামাজিক,ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক,শৈক্ষিক আদি দিশসমূহৰ সামগ্ৰিক প্ৰতিফলন ঘটে। ইজৰাইলো তাৰ ব্যতিক্ৰম নহয়। এই দিশসমূহৰ লগতে গ্ৰন্থখনত প্ৰতিফলিত আন কেতবোৰ দিশ তলত উল্লেখ কৰা হ'ল ------

১)ইজৰাইল গ্ৰন্থখনৰ ৰচনা সৰস আৰু বৰ্ণনা কাব্যিক। বহুসময়ত তেওঁ বৰ্ণনীয় বিষয়বোৰ কথাছবিৰ দৰে হুবহু ৰূপ দিবলৈ যত্ন কৰিছে। ইজৰাইলৰ পাতনিত ভ্ৰমণ কাহিনীৰ এটি বিশেষ গুণ সম্পৰ্কে "ইন লজ্ এণ্ড আউট লজ্" নামৰ কিতাপখনৰ পৰা উদ্ধৃতি দিছে -----"In writing a travel book the thing to avoid is monotony, the only remedy for this is to give your story a climax ".

২) ইজৰাইল গ্ৰন্থখনৰ বৰ্ণনীয় বিষয়বোৰৰ মাজে মাজে ইংৰাজী,বঙলা আৰু ন-পুৰণি অসমীয়া কবিতাৰ ভালেমান উদ্ধৃতি দিছে।এই উদ্ধৃতিয়ে বৰ্ণনীয় বিষয়বোৰ অধিক উজ্জ্বল কৰি তুলিছে।

৩) নাৰীৰ কথাই মানুহক সহজে আকৰ্ষণ কৰে কাৰণেই অথবা ভ্ৰমণ -কালত বহুতো ছোৱালীক লগ পোৱাৰ কাৰণেই হয়তো তেওঁৰ ভ্ৰমণ কাহিনীবোৰত ছোৱালীৰ ৰূপ -গুণৰ একোটি আভাস পোৱা যায়। ইজৰাইল গ্ৰন্থখনো তাৰ ব্যতিক্ৰম নহয় আৰু এই কথা লেখকে পাতনিতে উল্লেখ কৰিছে।

৪) বৰ্ণনাৰ মাজত উপস্থাপিত ব্যক্তিসকলৰ কথোপকথনে বৰ্ণনীয় বিষয় অধিক উজ্জ্বল, বাস্তৱ আৰু মনোগ্ৰাহী কৰি তুলিছে। নাটকীয় গুণ ইজৰাইল গ্ৰন্থখনৰ অন্যতম বিশেষত্ব।

উপসংহাৰ: আলোচনাৰ অন্তত ক'ব পাৰি যে আলোচিত ভ্ৰমণ গ্ৰন্থখনে ইজৰাইল ৰাষ্ট্ৰখনৰ তদানীন্তন সমাজখনৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক আদি সকলো দিশৰ বৰ্ণনা পাঠকৰ উপভোগ্য ৰূপত উপস্থাপন কৰিছে। লেখকে ইজৰাইলৰ প্ৰত্যেকটো দিশৰ বিৱৰণ ঠাইবিশেষে কাব্যিক আৰু চিত্ৰধৰ্মিতাৰে ইমান সূক্ষ্মভাৱে বৰ্ণনা কৰিছে যে পাঠকে ৰাষ্ট্ৰখনৰ প্ৰকৃত ছবি সহজে উপলব্দ্ধি কৰিব পৰাৰ লগতে অসমীয়া ভ্ৰমণ সাহিত্যৰ ক্ষেত্ৰখনক এক নতুন দৃষ্টিভংগী প্ৰদান কৰিছে।

সহায়ক গ্ৰন্থপঞ্জী: চলিহা, সুমন্ত : হেমবৰুৱাৰ ৰচনাৱলী (১ম খণ্ড)(সম্পাদনা) দাস যোগেশ: হেম বৰুৱা (সম্পাদনা)


নুৰুজা সোনোৱাল অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়।

"গঙা চিলনীৰ পাখি" উপন্যাসত সমাজ চিত্ৰণ অসমীয়া উপন্যাস সাহিত্যৰ এজন বিশিষ্ট ঔপন্যাসিক ড: লক্ষ্মীনন্দন বৰা। লক্ষ্মীনন্দন বৰাৰ হাতত অসমীয়া উপন্যাস সাহিত্যই এক বিশিষ্ট ৰূপ লাভ কৰে। গ্ৰাম্য জীৱনৰ সৰলতা, সুন্দৰ প্ৰাকৃতিক বর্ণনা, গ্ৰাম্য জীৱনৰ ওপৰত আ"গঙা চিলনীৰ পাখি" উপন্যাসত সমাজ চিত্ৰণ অসমীয়া উপন্যাস সাহিত্যৰ এজন বিশিষ্ট ঔপন্যাসিক ড: লক্ষ্মীনন্দন বৰা। লক্ষ্মীনন্দন বৰাৰ হাতত অসমীয়া উপন্যাস সাহিত্যই এক বিশিষ্ট ৰূপ লাভ কৰে। গ্ৰাম্য জীৱনৰ সৰলতা, সুন্দৰ প্ৰাকৃতিক বর্ণনা, গ্ৰাম্য জীৱনৰ ওপৰত আধুনিকতাৰ প্ৰভাৱ, বিজ্ঞানে মানুহৰ ওপৰত পেলোৱা প্ৰভাৱ, কুটিল ৰাজনীতি আদি বিভিন্ন বিষয়বস্তুৰ লগতে চহৰীয়া জীৱনৰ কৃত্রিমতা আৰু বিলাসীতা আদি দিশে তেওঁৰ উপন্যাসত ঠাই পাইছে। 'গঙা চিলনীৰ পাখি', 'মেঘালী দুপৰ', 'পাতাল ভৈৰৱী', 'নায়ক অধিনায়ক', 'যাকেৰি নাহিকে উপাম', 'মেঘত মাদল বাজে', 'কায়কল্প' আদি তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য উপন্যাস। লক্ষ্মীনন্দন বৰাৰ ৰচিত 'গঙা চিলনীৰ পাখি' অসমীয়া উপন্যাস সাহিত্যৰ এখন বিশিষ্ট উপন্যাস। নগাঁও জিলাৰ সোণাই নৈৰ পাৰৰ এখন গাঁৱক কেন্দ্ৰ কৰি উপন্যাসখনৰ পটভূমি নিৰ্মিত হৈছে। উপন্যাসখনত গ্ৰাম্য জীৱনৰ মানুহৰ থলুৱা ৰীতি-নীতি, বৈষ্ণৱ ভাবাদর্শ, মানুহৰ সাংস্কৃতিক জীৱনবোধ, প্রাচীন প্ৰমূল্যৰ সমাজখন বিস্তৃতভাবে প্ৰকাশ পাইছে। জীৱনৰ জটিলতাই স্পৰ্শ নকৰা সোণাই পৰীয়া মানুহখিনিৰ সুখ-দুখ, আশা- নিৰাশা আৰু প্ৰেমৰ এক বাস্তৱিক ৰূপ উপন্যাসখনত সুন্দৰভাৱে বৰ্ণনা কৰিছে। অসমীয়া সমাজৰ দৈনন্দিন জীৱন প্ৰবাহক অংকন কৰিবলৈ যাওঁতে বিচিত্র ঘটনা প্রবাহে উপন্যাসখনক ৰসোতীৰ্ণ কৰি তুলিছে৷ বাস্তৱ পৃথিৱীখনত সামাজিক পৰিৱেশে লক্ষ্মীনন্দন বৰাক আৰ্কষিত কৰিছিল। তেওঁৰ সামাজিক দায়বদ্ধতাৰ চিহ্ন উপন্যাসখনৰ পৰাই পাব পাৰি। নতুন আৰ্থসামাজিক পৰিস্থিতিৰ আলম লৈ সমাজত উদ্ভৱ হোৱা নিত্য নতুন সমস্যা উপন্যাসখনৰ পাতত স্পষ্ট হৈ উঠিছে। প্ৰজন্মকেন্দ্ৰিক ব্যৱধান, কল-কাৰাখানাৰ প্ৰসাৰ, মূল্যবোধৰ পতন, ব্যৱসায় বাণিজ্যৰ প্ৰভাৱ, দুৰ্নীতিৰ অবাধ গতি, নৈতিকতাৰ অৱসান, সংৰক্ষণত আচ্ছন্ন গাম্য সমাজ আদি বিভিন্ন সামাজিক সমস্যাৰে জৰ্জৰিত দুখন ভিন্ন সমাজৰ কথা উপন্যাস কেইখনত বিবৃত হৈছে। সামাজিক জীৱন প্ৰবাহৰ এনে প্ৰতিফলনে লেখকৰ সমাজ সংস্কাৰ ধৰ্মী চৰিত্ৰ প্ৰতিভাত কৰি তোলাত সহায় কৰিছে। সমাজৰ সূক্ষ্মাতিসূক্ষ্ম বিবিধ সমস্যাত অন্তৰ্দৃষ্টিসম্পন্ন অৱগাহন আৰু সামাজিক দায়বদ্ধতাৰে উপন্যাসখনৰ বিষয়বস্তু পৰিপূৰ্ণ হৈ আছে। সমাজ সচেতনতাৰ পটভূমিত মানৱীয় অনুভূতিৰ পুনৰ মূল্যায়ন উপন্যাসখনৰ মূলমন্ত্ৰ বুলি ক'ব পাৰি। সহজ-সৰল চহা জীৱনৰ ওপৰত আধাৰিত সোণাই পৰীয়া এটি পৰিয়াল, ভোগৰামকে আদি কৰি পৰিবাৰ, ল'ৰা-ছোৱালীহাল, মাক আৰু ভনীয়েক বাসন্তীক কেন্দ্ৰ কৰি উপন্যাসখনৰ কাহিনীভাগ সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে। লেখকে বিষয়বস্তু হিচাপে সেইসময়ৰ সমাজ আৰু তাৰ ৰাজনৈতিক, অর্থনৈতিক আদি ব্যৱস্থাটোক সুন্দৰভাৱে প্রতিফলন ঘটাইছে। বাসন্তী, ধনঞ্জয়, ভোগৰাম, মথুৰা মণ্ডল, তৰুলতা, ভগীৰথ আদি উপন্যাস খনৰ উল্লেখযোগ্য চৰিত্ৰ। হোমিঅ'পেথিক চিকিৎসাৰ দৰে সেৱাত বৰ্তী থকা ধনঞ্জয়ৰ প্ৰেম হয় সোণাইপৰীয়া গাঁৱৰে জীয়ৰী বাসন্তীৰ সৈতে। এই ধনঞ্জয় আৰু বাসন্তীৰ প্রেম কাহিনীৰ লগে লগে ভোগৰামৰ জীৱনযাত্ৰাৰ সংগ্ৰামৰ কাহিনীও উপন্যাসখনত বর্ণনা কৰিছে। ধনঞ্জয় আৰু বাসন্তীৰ প্ৰেম কাহিনীয়ে এটা নতুন গতি লোৱাৰ পূৰ্বেই বাসন্তীৰ বিয়া ঠিক হয় মথুৰা মণ্ডলৰ লগত। বাসন্তীৰ বিবাহৰ পূৰ্বে ধনঞ্জয় আৰু বাসন্তী দুয়োৱে পলাই যোৱাৰ সিদ্ধান্ত লয় কিন্তু ঘৰখনৰ সন্মান, ককায়েকৰ কষ্ট বৌয়েকৰ মৰমে তাইক এই কাম কৰাত বাধা দিয়ে। আনফালে ধনঞ্জয়ে নৈৰ ঠানুৱা ঘাটত বাসন্তীৰ বাবে ৰৈ তাই নোযোৱাত অপমানিত হৈ উভতি যায়। বাসন্তী বিবাহ পাশত আবদ্ধ হয় যদিও তাইৰ প্ৰথম প্ৰেমৰ কথা গিৰীয়েকে গম পোৱাত বাসন্তী আৰু মথুৰা মণ্ডলৰ মাজত সন্দেহৰ সৃষ্টি হয়। সন্দেহৰ পাশে ইমানেই বেয়াকৈ মথুৰা মণ্ডলক বেৰি ধৰে যে তাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ আত্মহত্যাৰ পথ বাচি লয়। সন্তানসম্ভৱা বাসন্তীয়ে গিৰিয়েকৰ মৃত্যুৰ পাছতে এটি বিশেষভাৱে সক্ষম সন্তান জন্ম দিয়ে যদিও ক্ষণিক সময়ৰ ব্যৱধানতে সন্তানটিৰ মৃত্যু হয়। আনফালে বাসন্তীৰ ককায়েক ভোগৰাম টকাৰ লালসাতে সমাজ বিৰোধী কামত জড়িত হৈ পৰে। ৰাজনীতিকৰ লগত ভোগৰাম বা অন্য কলা বেপাৰী, ঠিকাদাৰৰ হলিগলিয়ে ৰাজনীতিক কলুষিত কৰা স্বৰূপটোও উপন্যাসখনৰ মাজত ফুটি উঠিছে। ধনঞ্জয় আছিল ভোগৰাম চৰিত্ৰৰ বিপৰীতে এজন সৎ আৰু বিচাৰ বিবেচনা থকা ব্যক্তি। আনফালে গিৰীয়েকৰ মৃত্যু আৰু সন্তানৰ মৃত্যুয়ে বাসন্তীক যেন কোঙা কৰি পেলায়, এনে ক্ষণত বাসন্তীক সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ ধনঞ্জয়ৰ বাহিৰে তাইৰ শাহু-শহুয়ে আন একো উপায় বিচাৰি নাপায়। খোৱা-বোৱা এৰি দিয়া বাসন্তী জনী যেন ধনঞ্জয়ক লগ পাই আকৌ জী উঠে। বাসন্তীৰ মনত ধনঞ্জয়ৰ লগত সংসাৰ কৰাৰ সপোনে আকৌ আমনি কৰিবলৈ লয় কিন্তু ধনঞ্জয় ঘূৰি নাহে। তাই এজনী মহিলাৰ জৰিয়তে ধনঞ্জয়লৈ বুলি চিঠি পঠায় যদিও ধনঞ্জয়ে আত্মসন্মানৰ খাতিৰত চিঠিৰ একো উত্তৰ নিদিয়ে। 'গঙা চিলনীৰ পাখি' শীৰ্ষক উপন্যাসখনৰ মাজত সোণাই নৈৰ পাৰৰ লোকৰ সুখ-দুখ, হাঁহি-কান্দোন, বিশ্বাস-সংশয়, সমাজৰ উত্থান-পতন, পৰিৱৰ্তন, চহৰমুখী যাত্ৰাত গ্ৰাম্য জীৱনৰ নিয়ম-কানুনবিলাক শিথিল হৈ পৰা ব্যৱস্থাৰ কথা সুন্দৰভাৱে বৰ্ণনা কৰিছে। নুৰুজা সোনোৱাল ৮১৩৬০৯৪৯৬১ধুনিকতাৰ প্ৰভাৱ, বিজ্ঞানে মানুহৰ ওপৰত পেলোৱা প্ৰভাৱ, কুটিল ৰাজনীতি আদি বিভিন্ন বিষয়বস্তুৰ লগতে চহৰীয়া জীৱনৰ কৃত্রিমতা আৰু বিলাসীতা আদি দিশে তেওঁৰ উপন্যাসত ঠাই পাইছে। 'গঙা চিলনীৰ পাখি', 'মেঘালী দুপৰ', 'পাতাল ভৈৰৱী', 'নায়ক অধিনায়ক', 'যাকেৰি নাহিকে উপাম', 'মেঘত মাদল বাজে', 'কায়কল্প' আদি তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য উপন্যাস। লক্ষ্মীনন্দন বৰাৰ ৰচিত 'গঙা চিলনীৰ পাখি' অসমীয়া উপন্যাস সাহিত্যৰ এখন বিশিষ্ট উপন্যাস। নগাঁও জিলাৰ সোণাই নৈৰ পাৰৰ এখন গাঁৱক কেন্দ্ৰ কৰি উপন্যাসখনৰ পটভূমি নিৰ্মিত হৈছে। উপন্যাসখনত গ্ৰাম্য জীৱনৰ মানুহৰ থলুৱা ৰীতি-নীতি, বৈষ্ণৱ ভাবাদর্শ, মানুহৰ সাংস্কৃতিক জীৱনবোধ, প্রাচীন প্ৰমূল্যৰ সমাজখন বিস্তৃতভাবে প্ৰকাশ পাইছে। জীৱনৰ জটিলতাই স্পৰ্শ নকৰা সোণাই পৰীয়া মানুহখিনিৰ সুখ-দুখ, আশা- নিৰাশা আৰু প্ৰেমৰ এক বাস্তৱিক ৰূপ উপন্যাসখনত সুন্দৰভাৱে বৰ্ণনা কৰিছে। অসমীয়া সমাজৰ দৈনন্দিন জীৱন প্ৰবাহক অংকন কৰিবলৈ যাওঁতে বিচিত্র ঘটনা প্রবাহে উপন্যাসখনক ৰসোতীৰ্ণ কৰি তুলিছে৷ বাস্তৱ পৃথিৱীখনত সামাজিক পৰিৱেশে লক্ষ্মীনন্দন বৰাক আৰ্কষিত কৰিছিল। তেওঁৰ সামাজিক দায়বদ্ধতাৰ চিহ্ন উপন্যাসখনৰ পৰাই পাব পাৰি। নতুন আৰ্থসামাজিক পৰিস্থিতিৰ আলম লৈ সমাজত উদ্ভৱ হোৱা নিত্য নতুন সমস্যা উপন্যাসখনৰ পাতত স্পষ্ট হৈ উঠিছে। প্ৰজন্মকেন্দ্ৰিক ব্যৱধান, কল-কাৰাখানাৰ প্ৰসাৰ, মূল্যবোধৰ পতন, ব্যৱসায় বাণিজ্যৰ প্ৰভাৱ, দুৰ্নীতিৰ অবাধ গতি, নৈতিকতাৰ অৱসান, সংৰক্ষণত আচ্ছন্ন গাম্য সমাজ আদি বিভিন্ন সামাজিক সমস্যাৰে জৰ্জৰিত দুখন ভিন্ন সমাজৰ কথা উপন্যাস কেইখনত বিবৃত হৈছে। সামাজিক জীৱন প্ৰবাহৰ এনে প্ৰতিফলনে লেখকৰ সমাজ সংস্কাৰ ধৰ্মী চৰিত্ৰ প্ৰতিভাত কৰি তোলাত সহায় কৰিছে। সমাজৰ সূক্ষ্মাতিসূক্ষ্ম বিবিধ সমস্যাত অন্তৰ্দৃষ্টিসম্পন্ন অৱগাহন আৰু সামাজিক দায়বদ্ধতাৰে উপন্যাসখনৰ বিষয়বস্তু পৰিপূৰ্ণ হৈ আছে। সমাজ সচেতনতাৰ পটভূমিত মানৱীয় অনুভূতিৰ পুনৰ মূল্যায়ন উপন্যাসখনৰ মূলমন্ত্ৰ বুলি ক'ব পাৰি। সহজ-সৰল চহা জীৱনৰ ওপৰত আধাৰিত সোণাই পৰীয়া এটি পৰিয়াল, ভোগৰামকে আদি কৰি পৰিবাৰ, ল'ৰা-ছোৱালীহাল, মাক আৰু ভনীয়েক বাসন্তীক কেন্দ্ৰ কৰি উপন্যাসখনৰ কাহিনীভাগ সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে। লেখকে বিষয়বস্তু হিচাপে সেইসময়ৰ সমাজ আৰু তাৰ ৰাজনৈতিক, অর্থনৈতিক আদি ব্যৱস্থাটোক সুন্দৰভাৱে প্রতিফলন ঘটাইছে। বাসন্তী, ধনঞ্জয়, ভোগৰাম, মথুৰা মণ্ডল, তৰুলতা, ভগীৰথ আদি উপন্যাস খনৰ উল্লেখযোগ্য চৰিত্ৰ। হোমিঅ'পেথিক চিকিৎসাৰ দৰে সেৱাত বৰ্তী থকা ধনঞ্জয়ৰ প্ৰেম হয় সোণাইপৰীয়া গাঁৱৰে জীয়ৰী বাসন্তীৰ সৈতে। এই ধনঞ্জয় আৰু বাসন্তীৰ প্রেম কাহিনীৰ লগে লগে ভোগৰামৰ জীৱনযাত্ৰাৰ সংগ্ৰামৰ কাহিনীও উপন্যাসখনত বর্ণনা কৰিছে। ধনঞ্জয় আৰু বাসন্তীৰ প্ৰেম কাহিনীয়ে এটা নতুন গতি লোৱাৰ পূৰ্বেই বাসন্তীৰ বিয়া ঠিক হয় মথুৰা মণ্ডলৰ লগত। বাসন্তীৰ বিবাহৰ পূৰ্বে ধনঞ্জয় আৰু বাসন্তী দুয়োৱে পলাই যোৱাৰ সিদ্ধান্ত লয় কিন্তু ঘৰখনৰ সন্মান, ককায়েকৰ কষ্ট বৌয়েকৰ মৰমে তাইক এই কাম কৰাত বাধা দিয়ে। আনফালে ধনঞ্জয়ে নৈৰ ঠানুৱা ঘাটত বাসন্তীৰ বাবে ৰৈ তাই নোযোৱাত অপমানিত হৈ উভতি যায়। বাসন্তী বিবাহ পাশত আবদ্ধ হয় যদিও তাইৰ প্ৰথম প্ৰেমৰ কথা গিৰীয়েকে গম পোৱাত বাসন্তী আৰু মথুৰা মণ্ডলৰ মাজত সন্দেহৰ সৃষ্টি হয়। সন্দেহৰ পাশে ইমানেই বেয়াকৈ মথুৰা মণ্ডলক বেৰি ধৰে যে তাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ আত্মহত্যাৰ পথ বাচি লয়। সন্তানসম্ভৱা বাসন্তীয়ে গিৰিয়েকৰ মৃত্যুৰ পাছতে এটি বিশেষভাৱে সক্ষম সন্তান জন্ম দিয়ে যদিও ক্ষণিক সময়ৰ ব্যৱধানতে সন্তানটিৰ মৃত্যু হয়। আনফালে বাসন্তীৰ ককায়েক ভোগৰাম টকাৰ লালসাতে সমাজ বিৰোধী কামত জড়িত হৈ পৰে। ৰাজনীতিকৰ লগত ভোগৰাম বা অন্য কলা বেপাৰী, ঠিকাদাৰৰ হলিগলিয়ে ৰাজনীতিক কলুষিত কৰা স্বৰূপটোও উপন্যাসখনৰ মাজত ফুটি উঠিছে। ধনঞ্জয় আছিল ভোগৰাম চৰিত্ৰৰ বিপৰীতে এজন সৎ আৰু বিচাৰ বিবেচনা থকা ব্যক্তি। আনফালে গিৰীয়েকৰ মৃত্যু আৰু সন্তানৰ মৃত্যুয়ে বাসন্তীক যেন কোঙা কৰি পেলায়, এনে ক্ষণত বাসন্তীক সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ ধনঞ্জয়ৰ বাহিৰে তাইৰ শাহু-শহুয়ে আন একো উপায় বিচাৰি নাপায়। খোৱা-বোৱা এৰি দিয়া বাসন্তী জনী যেন ধনঞ্জয়ক লগ পাই আকৌ জী উঠে। বাসন্তীৰ মনত ধনঞ্জয়ৰ লগত সংসাৰ কৰাৰ সপোনে আকৌ আমনি কৰিবলৈ লয় কিন্তু ধনঞ্জয় ঘূৰি নাহে। তাই এজনী মহিলাৰ জৰিয়তে ধনঞ্জয়লৈ বুলি চিঠি পঠায় যদিও ধনঞ্জয়ে আত্মসন্মানৰ খাতিৰত চিঠিৰ একো উত্তৰ নিদিয়ে। 'গঙা চিলনীৰ পাখি' শীৰ্ষক উপন্যাসখনৰ মাজত সোণাই নৈৰ পাৰৰ লোকৰ সুখ-দুখ, হাঁহি-কান্দোন, বিশ্বাস-সংশয়, সমাজৰ উত্থান-পতন, পৰিৱৰ্তন, চহৰমুখী যাত্ৰাত গ্ৰাম্য জীৱনৰ নিয়ম-কানুনবিলাক শিথিল হৈ পৰা ব্যৱস্থাৰ কথা সুন্দৰভাৱে বৰ্ণনা কৰিছে। নুৰুজা সোনোৱাল ৮১৩৬০৯৪৯৬১

[সম্পাদনা কৰক]

"গঙা চিলনীৰ পাখি" উপন্যাসত সমাজ চিত্ৰণ

অসমীয়া উপন্যাস সাহিত্যৰ এজন বিশিষ্ট ঔপন্যাসিক ড: লক্ষ্মীনন্দন বৰা। লক্ষ্মীনন্দন বৰাৰ হাতত অসমীয়া উপন্যাস সাহিত্যই এক বিশিষ্ট ৰূপ লাভ কৰে। গ্ৰাম্য জীৱনৰ

সৰলতা, সুন্দৰ প্ৰাকৃতিক বর্ণনা, গ্ৰাম্য জীৱনৰ ওপৰত আধুনিকতাৰ প্ৰভাৱ, বিজ্ঞানে মানুহৰ ওপৰত পেলোৱা প্ৰভাৱ, কুটিল ৰাজনীতি আদি বিভিন্ন বিষয়বস্তুৰ লগতে চহৰীয়া জীৱনৰ কৃত্রিমতা আৰু বিলাসীতা আদি দিশে তেওঁৰ উপন্যাসত ঠাই পাইছে।   'গঙা চিলনীৰ পাখি', 'মেঘালী দুপৰ', 'পাতাল ভৈৰৱী', 'নায়ক অধিনায়ক', 'যাকেৰি নাহিকে উপাম', 'মেঘত মাদল বাজে', 'কায়কল্প' আদি তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য উপন্যাস।

লক্ষ্মীনন্দন বৰাৰ ৰচিত 'গঙা চিলনীৰ পাখি' অসমীয়া উপন্যাস সাহিত্যৰ এখন বিশিষ্ট উপন্যাস। নগাঁও জিলাৰ সোণাই নৈৰ পাৰৰ এখন গাঁৱক কেন্দ্ৰ কৰি  উপন্যাসখনৰ পটভূমি নিৰ্মিত হৈছে। উপন্যাসখনত গ্ৰাম্য জীৱনৰ মানুহৰ থলুৱা ৰীতি-নীতি, বৈষ্ণৱ ভাবাদর্শ, মানুহৰ সাংস্কৃতিক জীৱনবোধ, প্রাচীন প্ৰমূল্যৰ সমাজখন বিস্তৃতভাবে প্ৰকাশ পাইছে। জীৱনৰ জটিলতাই স্পৰ্শ নকৰা সোণাই পৰীয়া মানুহখিনিৰ সুখ-দুখ, আশা- নিৰাশা আৰু প্ৰেমৰ এক বাস্তৱিক ৰূপ উপন্যাসখনত সুন্দৰভাৱে বৰ্ণনা কৰিছে। অসমীয়া সমাজৰ দৈনন্দিন জীৱন প্ৰবাহক অংকন কৰিবলৈ যাওঁতে বিচিত্র ঘটনা প্রবাহে উপন্যাসখনক ৰসোতীৰ্ণ কৰি তুলিছে৷

বাস্তৱ পৃথিৱীখনত সামাজিক পৰিৱেশে লক্ষ্মীনন্দন বৰাক আৰ্কষিত কৰিছিল। তেওঁৰ সামাজিক দায়বদ্ধতাৰ চিহ্ন  উপন্যাসখনৰ পৰাই পাব পাৰি। নতুন আৰ্থসামাজিক পৰিস্থিতিৰ আলম লৈ সমাজত উদ্ভৱ হোৱা নিত্য নতুন সমস্যা উপন্যাসখনৰ পাতত স্পষ্ট হৈ উঠিছে। প্ৰজন্মকেন্দ্ৰিক ব্যৱধান, কল-কাৰাখানাৰ প্ৰসাৰ, মূল্যবোধৰ পতন, ব্যৱসায় বাণিজ্যৰ প্ৰভাৱ, দুৰ্নীতিৰ অবাধ গতি, নৈতিকতাৰ অৱসান, সংৰক্ষণত আচ্ছন্ন গাম্য সমাজ আদি বিভিন্ন সামাজিক সমস্যাৰে জৰ্জৰিত দুখন ভিন্ন সমাজৰ কথা উপন্যাস কেইখনত বিবৃত হৈছে। সামাজিক জীৱন প্ৰবাহৰ এনে প্ৰতিফলনে লেখকৰ সমাজ সংস্কাৰ ধৰ্মী চৰিত্ৰ প্ৰতিভাত কৰি তোলাত সহায় কৰিছে। সমাজৰ সূক্ষ্মাতিসূক্ষ্ম বিবিধ সমস্যাত অন্তৰ্দৃষ্টিসম্পন্ন অৱগাহন আৰু সামাজিক দায়বদ্ধতাৰে  উপন্যাসখনৰ বিষয়বস্তু পৰিপূৰ্ণ হৈ আছে। সমাজ সচেতনতাৰ পটভূমিত মানৱীয় অনুভূতিৰ পুনৰ মূল্যায়ন উপন্যাসখনৰ মূলমন্ত্ৰ বুলি ক'ব পাৰি।

সহজ-সৰল চহা জীৱনৰ ওপৰত আধাৰিত সোণাই পৰীয়া এটি পৰিয়াল, ভোগৰামকে আদি কৰি পৰিবাৰ, ল'ৰা-ছোৱালীহাল, মাক আৰু ভনীয়েক বাসন্তীক কেন্দ্ৰ কৰি উপন্যাসখনৰ কাহিনীভাগ সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে। লেখকে বিষয়বস্তু হিচাপে সেইসময়ৰ সমাজ আৰু তাৰ ৰাজনৈতিক, অর্থনৈতিক আদি ব্যৱস্থাটোক সুন্দৰভাৱে প্রতিফলন ঘটাইছে। বাসন্তী, ধনঞ্জয়, ভোগৰাম, মথুৰা মণ্ডল, তৰুলতা, ভগীৰথ আদি উপন্যাস খনৰ উল্লেখযোগ্য চৰিত্ৰ। হোমিঅ'পেথিক চিকিৎসাৰ দৰে সেৱাত বৰ্তী থকা ধনঞ্জয়ৰ প্ৰেম হয় সোণাইপৰীয়া গাঁৱৰে জীয়ৰী বাসন্তীৰ সৈতে। এই ধনঞ্জয় আৰু বাসন্তীৰ প্রেম কাহিনীৰ লগে লগে ভোগৰামৰ জীৱনযাত্ৰাৰ সংগ্ৰামৰ কাহিনীও উপন্যাসখনত বর্ণনা

কৰিছে। ধনঞ্জয় আৰু বাসন্তীৰ প্ৰেম কাহিনীয়ে এটা নতুন গতি লোৱাৰ পূৰ্বেই বাসন্তীৰ বিয়া ঠিক হয় মথুৰা মণ্ডলৰ লগত। বাসন্তীৰ বিবাহৰ পূৰ্বে ধনঞ্জয় আৰু বাসন্তী দুয়োৱে পলাই যোৱাৰ সিদ্ধান্ত লয় কিন্তু ঘৰখনৰ সন্মান, ককায়েকৰ কষ্ট বৌয়েকৰ মৰমে তাইক

এই কাম কৰাত বাধা দিয়ে। আনফালে ধনঞ্জয়ে নৈৰ ঠানুৱা ঘাটত বাসন্তীৰ বাবে ৰৈ তাই নোযোৱাত অপমানিত হৈ উভতি যায়। বাসন্তী বিবাহ পাশত আবদ্ধ হয় যদিও তাইৰ প্ৰথম প্ৰেমৰ কথা গিৰীয়েকে গম পোৱাত বাসন্তী আৰু মথুৰা মণ্ডলৰ মাজত সন্দেহৰ সৃষ্টি হয়। সন্দেহৰ পাশে ইমানেই বেয়াকৈ মথুৰা মণ্ডলক বেৰি ধৰে যে তাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ আত্মহত্যাৰ পথ বাচি লয়। সন্তানসম্ভৱা বাসন্তীয়ে গিৰিয়েকৰ মৃত্যুৰ পাছতে এটি বিশেষভাৱে সক্ষম সন্তান জন্ম দিয়ে যদিও ক্ষণিক সময়ৰ ব্যৱধানতে সন্তানটিৰ মৃত্যু হয়। আনফালে বাসন্তীৰ ককায়েক ভোগৰাম টকাৰ লালসাতে সমাজ বিৰোধী কামত জড়িত হৈ পৰে। ৰাজনীতিকৰ লগত ভোগৰাম বা অন্য কলা বেপাৰী, ঠিকাদাৰৰ হলিগলিয়ে ৰাজনীতিক কলুষিত কৰা স্বৰূপটোও উপন্যাসখনৰ মাজত ফুটি উঠিছে। ধনঞ্জয় আছিল ভোগৰাম চৰিত্ৰৰ বিপৰীতে এজন সৎ আৰু বিচাৰ বিবেচনা থকা ব্যক্তি। আনফালে গিৰীয়েকৰ মৃত্যু আৰু সন্তানৰ মৃত্যুয়ে বাসন্তীক যেন কোঙা কৰি পেলায়, এনে ক্ষণত বাসন্তীক সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ ধনঞ্জয়ৰ বাহিৰে তাইৰ শাহু-শহুয়ে আন একো উপায় বিচাৰি নাপায়। খোৱা-বোৱা এৰি দিয়া বাসন্তী জনী যেন ধনঞ্জয়ক লগ পাই আকৌ জী উঠে। বাসন্তীৰ মনত ধনঞ্জয়ৰ লগত সংসাৰ কৰাৰ সপোনে আকৌ আমনি কৰিবলৈ লয়

কিন্তু ধনঞ্জয় ঘূৰি নাহে। তাই এজনী মহিলাৰ জৰিয়তে ধনঞ্জয়লৈ বুলি চিঠি পঠায় যদিও ধনঞ্জয়ে আত্মসন্মানৰ খাতিৰত চিঠিৰ একো উত্তৰ নিদিয়ে।

             'গঙা চিলনীৰ পাখি' শীৰ্ষক উপন্যাসখনৰ মাজত সোণাই নৈৰ পাৰৰ লোকৰ সুখ-দুখ, হাঁহি-কান্দোন, বিশ্বাস-সংশয়, সমাজৰ উত্থান-পতন, পৰিৱৰ্তন, চহৰমুখী যাত্ৰাত গ্ৰাম্য জীৱনৰ নিয়ম-কানুনবিলাক শিথিল হৈ পৰা ব্যৱস্থাৰ কথা  সুন্দৰভাৱে বৰ্ণনা কৰিছে।


নুৰুজা সোনোৱাল

Nuruja N Sonowal (বাৰ্তা) 03:59, 15 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]