সদস্য বাৰ্তা:Abhiraj Mohan 31

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

যান্ত্ৰিক অনুবাদ[সম্পাদনা কৰক]

নমস্কাৰ Abhiraj Mohan 31। অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ আৰু অৱদানৰ বাবে সমগ্ৰ অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা আপোনাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে শেহতীয়াকৈ আপুনি ৱিকিপিডিয়াত সৃষ্টি কৰা সাগৰিকা মুখাৰ্জী, শান আৰু সুচিত্ৰা পিল্লাই শীৰ্ষক প্ৰবন্ধকেইটাৰ বাবে অভিনন্দন যাচিলোঁ। উক্ত প্ৰবন্ধকেইটা সম্ভৱতঃ আপুনি কোনো ৱেবছাইটৰ সহায়ত অসমীয়া ভাষালৈ যান্ত্ৰিকভাৱে অনুবাদ কৰিছে। ইয়াৰ ফলত প্ৰবন্ধকেইটাৰ বাক্য গাঁ‌থনিৰ লগতে ব্যাকৰণৰ দিশতো আঁ‌সোৱাহ দেখা পোৱা গৈছে। ব্যাকৰণৰ দিশৰ পৰা ভুল আৰু শ্ৰুতিকটু একোটা বাক্য বা প্ৰবন্ধই অসমীয়া ৱিকিপিডিয়াৰ ব্যৱহাৰকাৰীসকলৰ ক্ষতি কৰাৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি তেওঁলোকৰ বিৰাগ জন্মাব পাৰে। সেয়ে কোনো নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ আগেয়ে এই প্ৰবন্ধ তিনিটাত হাত ফুৰাই এই আঁ‌সোৱাহসমূহ দূৰ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। শুভেচ্ছাৰে। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 02:36, 15 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]