সদস্য বাৰ্তা:Archana Borah

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 18:36, 28 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সংস্কৃতি

‘সংস্কৃতি'(culture)শব্দৰ অৰ্থ অতি ব্যাপক। সংস্কৃতিৰ অৰ্থ হ'ল মানৱ সমাজৰ জ্ঞান-বিশ্বাস,ৰীতি -নীতি,আচাৰ-ব্যৱহাৰ,নৈতিকতা,উৎসৱ-অনুষ্ঠান,আইন-কানুন,শিল্পকলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আদি দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই সংস্কৃতি। মানুহৰ যি সাধনা আৰু কৰ্মত সৃজনীশীলতা থাকে তাকেই সংস্কৃতি বুলিব পাৰি। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰ পাছত বিভিন্ন পৰিস্থিতিত কিছুমান ৰীতি -নীতি,আইন,আচৰণ,বিশ্বাস-অবিশ্বাস,পৰম্পৰাগত আলি মানি চলিবলৈ শিকে আৰু ইয়ে পৰম্পৰাৰ পৰিণত হয়। গতিকে,সংস্কৃতি প্ৰাকৃতিক নহয়,ই মানৱসৃষ্ট। মানুহৰ জীৱন ধাৰণৰ কৌশল সলনি হোৱাৰ লগে লগে সংস্কৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰে। সেই কাৰণেই সসংস্কৃতি পৰিৱৰ্তনশীল। নদীৰ সোঁতৰ দৰে সংস্কৃতিৰ ৰূপ সময়ৰ লগে লগে সলনি হৈ থাকে।


সংস্কৃতি প্ৰকাৰ

সংস্কৃতিৰ পৰিসৰ অতিকৈ ব্যাপক। সংস্কৃতিৰ গুণ,লক্ষণ,স্বৰূপ আদিলৈ লক্ষ্য কৰি সাধাৰণতে তিনিটা ভাগত ভগাব পাৰি - (ক)অভিজাত সংস্কৃতি (খ)লোক-সংস্কৃতি (গ)জনজাতীয় সংস্কৃতি

আনহাতে,নৃতত্ত্ববিদ তথা সমাজ তাত্ত্বিক সকলে দুটা ভাগত ভাগ কৰিছে সংস্কৃতিক - (ক)বস্তুবাদী সংস্কৃতি (Material culture) (খ)অবস্তুবাদী সংস্কৃতি (Non-material culture)

সংস্কৃতিৰ গুণ -লক্ষণ -বৈশিষ্ট্য আদি

(ক)অভিজাত সংস্কৃতি অভিজাত সংস্কৃতিক বৈদিক বা শাস্ত্ৰীয় বা মাৰ্গী বা মাৰ্গীয় সংস্কৃতিও বুলিব পাৰি। অভিজাত সংস্কৃতিৰ পূৰ্বে হৈছিল নে পৰৱৰ্তী কালত হৈছিল সঠিকভাৱে কোৱা টান। ভাৰত বৰ্ষৰ প্ৰসংগত ক'ব পাৰি যে,২৫০০বছৰৰ পূৰ্বেই অভিজাত সংস্কৃতিৰ উদ্ভৱ হৈছে। লোক-সংস্কৃতি বিশেষ সু-সংগবদ্ধ নোহোৱাৰ বাবে পৰিৱৰ্তন হ'লেও লেহেম গতিত হয়। অভিজাত সংস্কৃতিক গ্ৰেট ট্ৰেডিছন আখ্যা দিয়া হয়।

(খ) লোক-সংস্কৃতি লোক-সংস্কৃতি লোক সমাজৰ,লোক-জীৱনৰ দলিল স্বৰূপ,কোনো এটা নৃগোষ্ঠী বা সম্প্ৰদায়ৰ সামগ্ৰিক জীৱন পদ্ধতিয়ে লোক-সংস্কৃতি। লোক-সংস্কৃতি ইংৰাজী প্ৰতিশব্দ হৈছে ‘folk -culture'আৰু ‘folk-lore'ৰ ব্যৱহাৰ কৰা হয়। লোক-সংস্কৃতিৰ উদ্ভৱ আৰু বিকাশৰ পটভূমি সাধাৰণতে লোক -সমাজ আখ্যা দিব পাৰি অৰ্থাৎ ‘folk-society'। নগৰ পত্তনৰ পূৰ্বে বৰ্তমান থকা সমাজক লোক -সমাজ আখ্যা দিব পাৰি। কৃষিভিত্তিক সমাজ খনক লোক সমাজ আখ্যা দিব পাৰি। কৃষক -সমাজক (peasant community)লোক সমাজ আখ্যা দিয়াৰ সপক্ষে মত পোষণ কৰিছে ৰৰ্বাট ৰেডফিল্ড -এ। এই কৃষক সমাজৰ সংস্কৃতিয়েই হ'ল লোক-সংস্কৃতি। ৰিচাৰ্ড এম.ডৰচনৰ মতে লোক-সংস্কৃতিৰ ভাগ চাৰিটা। ১/মৌখিক সাহিত্য (oral literature) ২/ভৌতিক সংস্কৃতি (material culture) ৩/সামাজিক লোক ৰীতি-নীতি(social folk custom) ৪/লোক-পৰিৱেশ্য কলা (performing folk arts)

জনজাতীয় সংস্কৃতি

জনজাতীয় সংস্কৃতি স্বয়ং সম্পূৰ্ণ। জনজাতীয় লোকসকলৰ লগত জড়িত সংস্কৃতিকে জনজাতীয় সংস্কৃতি বোলে। জনজাতীয় সংস্কৃতি স্বৰূপাৰ্থত সংস্কৃতিৰ উপসংযুতিহে। জনজাতীয় সংস্কৃতি কম বেছি পৰিমাণে অক্ষত হৈ থাকে। কোনো জনজাতীয় সংস্কৃতি যদি লোক-সংস্কৃতি বা অভিজাত সংস্কৃতিৰ দ্বাৰা গভীৰ ভাৱে প্ৰভাৱান্বিত হয় তেন্তে তাক প্ৰকৃতাৰ্থত জনজাতীয় সংস্কৃতি বুলিব নোৱাৰি। জনজাতীয় সংস্কৃতি দ্বাৰা অভিজাত সংস্কৃতি বা লোক-সংস্কৃতি প্ৰভাৱান্বিত হোৱা দেখা যায়।

সংস্কৃতিৰ সংজ্ঞা

সংস্কৃতি শব্দৰ অৰ্থ অতি ব্যাপক। সংস্কৃতিৰ সম্পৰ্কে পণ্ডিত সকলে আগবঢ়োৱাৰ কিছু সংজ্ঞা - এডৰ্ৱাড বাৰ্ণেট টাইলাৰ নামৰ পণ্ডিত গৰাকী মতে, ‘Culture or civilization is that complex whole which includes knowledge,belief,art,morals,law,customs,and any other capabilities and habits acquired by a man as a member of society ’। ড° সুনীতি কুমাৰ চৰ্ট্ৰোপাধ্যায়ে উপমা ছলেৰে কৈছে -‘একাধাৰে সভ্যতা -তৰুৰ পুষ্প আৰু তাৰ আভ্যন্তৰ প্ৰাণ বা মানসিক অনুপ্ৰেৰণা যা,তাই হচ্ছে culture’ .

সংস্কৃতি হ'ল পৰিশোধন প্ৰক্ৰিয়াৰ জৰিয়তে মানুহে লাভ কৰিব বিচৰা এক সৌন্দৰ্য্যবোধ যি পূৰ্বৰ প্ৰদূষিত বুলি ভবা জীৱন প্ৰক্ৰিয়াক কুসংস্কাৰ মুক্ত কৰি সুন্দৰৰ অভিমুখী কৰি তোলে।


নৃতত্ত্ববিদ তথা সমাজতাত্ত্বিক সকলৰ মতে

বস্তুবাদী সংস্কৃতি

মানৱসৃষ্ট সকলোবিলাক ইন্দ্ৰিয়গ্ৰাহ্য বস্তু বা সামগ্ৰীক বস্তু বাদী সংস্কৃতি বুলিব পাৰি। যেনে :সা-সামগ্ৰী,চিত্ৰকলা, স্থাপত্য-ভাস্কৰ্য,ঘৰ-দুৱাৰ ইত্যাদি।

অবস্তুবাদী সংস্কৃতি এই সংস্কৃতি কেৱল অনুভৱহে কৰিব পাৰি,স্পৰ্শ কৰিব নোৱাৰি। যেনে:ৰীতি-নীতি,মূল্যবোধ,আচাৰ -ব্যৱহাৰ আদি।

তথ্য সংগ্ৰহ : ১/শৰ্মা,ড° নবীন চন্দ্ৰ (২০১৮):অসমীয়া লোক-সংস্কৃতিৰ আভাস.বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড ২/নাড,দ্বীপেন :অসমীয়া সাহিত্য আৰু সংস্কৃতি (২০১২) ৩/শইকীয়া,ড° মাণিক :সংস্কৃতি সংজ্ঞা আৰু স্বৰূপ ৪বুজবৰুৱা ডেকা,ড° পল্লৱী,হাজৰিকা, ড° জ্যোতিৰেখা (সম্পাদনা):প্ৰসংগ :অসমীয়া সাহিত্য আৰু সংস্কৃতি। Archana Borah (বাৰ্তা) 20:36, 31 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

🙏 Archana Borah (বাৰ্তা) 20:57, 31 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নৱযুগ

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদনাত ষাঠিৰ দশকত প্ৰকাশ পোৱা সাপ্তাহিক বাৰ্তালোচনী নৱযুগ। নৱযুগ আলোচনীখন পৰৱৰ্তী কালৰ এখন বিশেষ‌ উল্লেখ্যযোগ্য আলোচনী।

নৱযুগে আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰৰ আলোচনাত বিশেষ গুৰুত্ব দিছিল। সৃজনশীল সাহিত্যিৰ প্ৰতিও আলোচনীখনে বিশেষ গুৰুত্ব দিছিল। প্ৰবীণ সকলৰ বাহিৰেও কেইবাগৰাকী নবীন লেখক -লেখিকাই নৱযুগৰ পাততে প্ৰথম আত্মপ্ৰকাশ কৰে।


তথ্য সংগ্ৰহ -বৰগোহাঞি,হোমেন (সম্পাদক)-অসমীয়া সাহিত্যৰ বুৰঞ্জী ষষ্ঠ খণ্ড (পৰিৱৰ্ধিত সংস্কৰণ) Archana Borah (বাৰ্তা) 15:01, 1 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰবন্ধ লিখাৰ স্থান আৰু ধৰণ[সম্পাদনা কৰক]

নমস্কাৰ! ৱিকিপিডিয়াত লিখিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে ধন্যবাদ! কিন্তু মন কৰিছো যে আপুনি প্ৰবন্ধ সমূহ ক'ত আৰু কেনেকৈ বা কি বিষয়ে লিখিব পাৰি, সম্ভৱ সেই সম্পৰ্কে জ্ঞাত নহয়। ইয়াৰ বাবে আপুনি আদৰণি বাৰ্তাটো ভালকৈ পঢ়ি চাব বুলি আশা কৰিলোঁ। নতুবা অসমীয়া ৱিকিপিডিয়াৰ ফেচবুক গ্ৰুপটো যোগাযোগ কৰিব পাৰে। শুভেচ্ছাৰে- Nayan j Nath (বাৰ্তা) 17:01, 1 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]