সদস্য বাৰ্তা:Borahp61

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

(Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 04:37, 18 জানুৱাৰী 2012 (UTC)

স্বত্বাধিকাৰ উলঙ্ঘন[সম্পাদনা কৰক]

মোৰ দ্বাৰা সৃষ্ট http://bigyanbichitra.blogspot.com শীৰ্ষক ব্লগটোৰ সকলোবোৰ পৃষ্ঠা কোনো সদস্যই হুবহু নকল কৰি ৱিকিপেডিয়াত সন্নিৱিষ্ট কৰিছে | উদাহৰণ স্বৰূপে: জৈৱ তথ্য প্ৰযুক্তি, প্ৰিয়’ন, পাস্কেল, পাস্কেলৰ ত্ৰিভূজ, পাইথাগোৰাছ আদি বিষয়লৈ আঙুলিয়াব পাৰি |

অনুগ্ৰহ কৰি এই বিষয়ত সঠিক পদক্ষেপ ল’বলৈ সংশ্লিষ্ট সম্পাদকক অনুৰোধ জনালোঁ | -প্ৰবোধ বৰা


মহাশয়, আপুনি উল্লেখ কৰা দৰে আপুনি সৃষ্টি কৰা পৃষ্ঠাসমূহ আপোনাৰ সন্মতি অবিহনে কোনো অনামী ব্যক্তিয়ে ইয়াত তুলি দিছে, ইয়াৰ বাবে আমি সচাঁকৈ দূখিত| কিন্তু পিছত উদ্দীপ তালুকদাৰে আপোনাৰ সৈতে যোগাযোগ কৰাত আপুনি ব্লগকেইটাৰ প্ৰবন্ধকেইটা নিজেই ৱিকিত দিয়াৰ কথা কোৱা শুনি আনন্দিতওঁ হ’লো| যদি আপুনি তেনেদৰে বিচাৰে তেন্তে অনুগ্ৰ্হ কৰি জনাব যাতে আগৰ পৃষ্ঠাকেইটা ডিলিট কৰি আপোনাক আকৌ উক্ত প্ৰবন্ধকেইটা লিখাৰ সুবিধা কৰি দিব পাৰো| নতুবা প্ৰতিটো তেনে প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত আপোনাৰ বক্তব্য দাঙি ৰাখিব পাৰে আৰু ব্লগটোৰ পৰা লোৱা হৈছে বুলি দেখুৱাব পাৰে| অন্যসকল সদস্য আৰু প্ৰশাসকসকলৰ মতলৈ অপেক্ষা কৰিলো| আৰু আপোনাৰ যদি ফেচবুকত একাউণ্ট আছে অনুগ্ৰহ কৰি অসমীয়া ৱিকিপিডিয়া গোটৰ সদস্য হ’লে ভাল পাম| আমি তাত আপোনাৰ এই কথাবোৰ বিতংভাৱে আলোচনা কৰিছিলো| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 04:56, 18 জানুৱাৰী 2012 (UTC)


শ্ৰদ্ধাৰ প্ৰবোধ বৰাদাক আমাৰ মাজত পাই আনন্দিত হৈছোঁ৷ প্ৰবোধ বৰাদা "শব্দ" অভিধানৰ এজন অতি সক্ৰিয় সদস্য৷ তেখেতে সেই অভিধানখনক আগবঢ়াই নিয়াৰ দৰে "অসমীয়া ৱিকিপিডিয়া"কো আগবঢ়াই নিব বুলি আশা কৰিলোঁ৷

Anjal Borah 05:11, 18 জানুৱাৰী 2012 (UTC)


প্ৰবোধ বৰাদা, এতিয়া দুটা কাম কৰিব পাৰি। জৈৱ তথ্য প্ৰযুক্তি, প্ৰিয়’ন, পাস্কেল, পাস্কেলৰ ত্ৰিভুজ প্ৰবন্ধ চাৰিটা ("পাইথাগ'ৰাছ" নহয়) একেবাৰে মচি আকৌ নতুনকৈ লিখা আৰম্ভ কৰিব পাৰি। তেতিয়া আপোনাৰ ব্ল'গৰ সহায় ল'লে সেইটো উল্লেখ কৰিব পাৰি। নাইবা আপুনি মন কৰিলে প্ৰবন্ধকেইটা মচি নেপেলাই আলোচনা পৃষ্ঠাত আপোনাৰ মত ৰাখিব পাৰে আৰু প্ৰবন্ধকেইটা নিজৰ মতে সজাই-পৰাই তুলিব পাৰে। আপোনাৰ মতেই কামটো হ'ব। Gitartha.bordoloi 06:46, 18 জানুৱাৰী 2012 (UTC)


ৱিকিপিডিয়াৰ পলিচিমতে অন্য ৱেবছাইটৰপৰা কপি-পেষ্ট কৰিব নালাগে। [1] এইটো পৃষ্ঠাত কথাখিনি আছে। (আজিৰ দিনটোত পিছে পঢ়িব নোৱাৰিব।) অৱশ্যে লেখকে নিজেই কপি-পেষ্ট কৰাটোৰ ওপৰত এইটো পৃষ্ঠাত একো মন্তব্য দিয়া হোৱা নাই। সম্পূৰ্ণ মুক্ত (public domain) ৱেবছাইটৰপৰা কপি-পেষ্ট কৰিলেও সেইটো লিখিত হ'ব লাগিব। ইংৰাজী ৱিকিপিডিয়াৰ plagiarism চাওঁক। সেয়ে মোৰ মতে উক্ত প্ৰৱন্ধকেইটা গুচাই দিয়ক। আৰু প্ৰবোধ বৰাছাৰে নিজৰ মতে লিখক। তেতিয়া আৰু নিয়ম-নীতি সম্বন্ধে আমি নিশ্চিন্ত হৈ থাকিব পাৰোঁ। আগলৈ এনে সমস্যা আহিলে তেনে প্ৰৱন্ধ দেখা পাৰে লগে লগেই গুচাই দিয়াৰ নিয়ম কৰা উচিত। উদ্দীপতালুকদাৰ 11:56, 18 জানুৱাৰী 2012 (UTC)