সদস্য বাৰ্তা:Dipa Mahanta

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

— গীতাৰ্থ বৰদলৈ (talk) 07:56, 10 অক্টোবৰ 2012 (UTC)

বোলছবিৰ প্ৰবন্ধ[সম্পাদনা কৰক]

আপুনি "ৰ'দ্‌" বোলছবিখনৰ বিষয়ে পৃষ্ঠা এখন সৃষ্টি কৰা চকুত পৰিল। শ্ৰেণী:অসমীয়া চলচ্চিত্ৰত থকা প্ৰবন্ধসমূহত এবাৰ চকু ফুৰাই চাবচোন। মনত ৰাখিব, নিৰপেক্ষতা বজাই ৰখা ("মোৰ বন্ধু অমুকে গীত লিখিছে", বা কাৰো উদ্ধৃতি নিদিয়াকৈ "দৰ্শকৰ ভাল সঁহাৰি লাভ কৰিছে" বুলি লিখাটো উচিত নহয়) আৰু ৰেফাৰেন্স দি প্ৰবন্ধটো বিশ্বাসযোগ্য কৰি তোলাটো ৱিকিপিডিয়াৰ দুটা মূল নীতি। কিবা সহায় লাগিলে মোৰ আলোচনা পৃষ্ঠাত বা আমাৰ ফে'চবুক গ্ৰুপত সুধিব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 07:56, 10 অক্টোবৰ 2012 (UTC)

মই আপোনাক সহায়হে কৰিব খুজিছিলোঁ। সেইবাবেই আদৰণি বাৰ্তা আৰু ভাল প্ৰবন্ধকেইটামানৰ লিংক দিছিলোঁ। আপুনি তাকে কটূ কথা শুনোৱা বুলি ধৰি লোৱাত মৰ্মাহত হৈছোঁ। আপুনি যি মন যায় লিখক। ৱিকিপিডিয়া সকলোৰে বাবে। — গীতাৰ্থ বৰদলৈ (talk) 16:23, 10 অক্টোবৰ 2012 (UTC)

ধন্যবাদ গীতাৰ্থ ডাঙৰীয়া। "ৰ'দ্‌" বোলছবিখন মোৰ অসমীয়া ৱিকিত প্ৰথম প্ৰবন্ধ। কিছু ভুল ভ্ৰান্তি হ’লে শুদ্ধৰাই দিব পাৰে আপুনি। ৱিকিপিডিয়া বোলে কাৰো নিজা বস্তু নহয়। বেয়া নাপাব, আপোনাৰ কথাখিনিয়ে মোক অসমীয়া ৱিকিপিডিয়া লিখাৰ আৰম্ভনিতেই খুব নিৰাশ কৰিলে। ৱিকিপিডিয়াত প্ৰথমে লিখিলে এনে কটূ কথা শূনোৱাৰ প্ৰথা আছে বুলি ম‍ই নাজানিছিলো বাবে এনে সাহস কৰিছিলো, এই ভুল শুদ্ধৰাই ল’ম বাৰু, ধন্যবাদ। দিপা মহন্ত,১০ অক্টোবৰ, ২০১২, ৩.০৬ মিনিট।

বোলছবিৰ প্ৰবন্ধ সম্পৰ্ক[সম্পাদনা কৰক]

আপুনি গীতাৰ্থ বৰদলৈয়ে দিয়া বাৰ্তা সম্পৰ্কে ভুল ধাৰণা লৈছে, ৱিকিপিডিয়া আচলতে আমি নতুন পুৰণা সকলো সদস্যই কিছুমান নিয়ম মানি চলিব লাগে, নতুন সদস্য সকলে যাতে এই নিয়মবোৰৰ কথা জানে সেইয়া পুৰণি সদস্য আৰু প্ৰশাসক সকলে লক্ষ ৰাখে, আপুনি নিৰাশ হোৱাটো অনুচিত বৰঞ্চ আৰু লিখি যাওকচোন, আপুনি এই দুখন পৃষ্ঠা পঢ়ি চাব পাৰে সহায় পাব ৱিকিপিডিয়া কি? আৰু পৰিচয়, সহায় প্ৰয়োজন হ’লে যিকোনো সদস্যক বাৰ্তা পঠিয়াব পাৰে | দীপাংকৰ চেতিয়া বাৰ্তা 13:46, 10 অক্টোবৰ 2012 (UTC)


ধন্যবাদ[সম্পাদনা কৰক]

ধন্যবাদ, চেষ্টা কৰিম দিপা মহন্ত,১৮ অক্টোবৰ, ২০১২, ১০.২৭ মিনিট।