সদস্য বাৰ্তা:Tutusarma

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা[সম্পাদনা কৰক]

  1. বৰষুণৰ #দিনবোৰত #তোমালৈ #মনত #পেলাম

--প্ৰণৱ কুমাৰ বৰ্মন

বৰষুণৰ দিনবোৰত তোমালৈ মনত পেলাম আৰু অকলে তিতিম আধৰুৱা ঋতুৰ সমবেদনাত শোক প্ৰকাশ কৰিম সম্প্ৰতি তোমাৰ চহৰৰ উপস্থিতি মোৰ চহৰত শূন্য সম্প্ৰতি তোমাৰ নিয়ম মাফিক পৰিভ্ৰমণ মোৰ চহৰত শূন্য সাম্প্ৰতি মোৰ চহৰ ঘেৰি থকা দুখৰ হোৰ্দিংবোৰত তোমাৰ বিজ্ঞাপন শূন্য শূন্য তোমাৰ সকলো শ্লোগান মোৰ চহৰৰ দেৱালত

তোমাক এইবাবেই ধন্যবাদ যে তুমি ফুলাম এটা ছাতিৰে বৰষুণক মোৰ চহৰত সোমাবলৈ নিদিছিলা তোমাৰ ছাতিৰ তলত, তোমাৰ ছাতিৰ তলত সকলোৰে দৃষ্টিৰ চিনাকি-অচিনাকি নিক্ষেপৰ পাৰে পাৰে মই অনিন্দ স্বপ্নৰ সেই ষ্টপলৈ গৈ আছিলোঁ তুমি যদি ছলনাৰ চলেৰে ৰং চাইছিলা তুমি যদি নাৰকীয় সুখৰ ভাৱনাত মোৰ বাটৰ ভুল নিৰ্দেশনা দিছিলা তুমি যদি, তুমি যদি মোৰ একো এটা উচ্চাৰিত শব্দকে তোমাৰ হৃদয়ৰ ভাৱনালৈ তৰ্জমা কৰিবলৈ অপাৰগ আছিলা বৰষুণৰ দিনবোৰ মোৰ চহৰলৈ দুনাই নাহক বিদায় বৰষুণ, বিদায় বৰষুণৰ দিনবোৰ

মই জানো সুখী হোৱাৰ সকলো বাট বন্ধ সম্প্ৰতি সুখী নহ'ম মই কাহানিও সুখী নহ'ম স্মৃতিৰ নিদাৰুণ অত্যাচাৰৰ বাবে সুখী নহ'ম শূন্যতাৰ প্ৰলেপ বুকুৰ কোঠালিয়ে কোঠালিয়ে পৰাৰ বাবে তোমাৰ চিৰদিনৰ অনুপস্থিতিয়ে মোক দুখী কৰি ৰাখিব সম্প্ৰতি মোৰ চহৰ বিষাদ চহৰ আৰু মই সেই চহৰৰ পুৰণি বাসিন্দা

বৰষুণৰ দিনবোৰক শীতল ভাবেই সম্ভাষণ জনাম শীতল ভাবেই ছাতি মেলি দি বৰষুণৰ দিনবোৰত তোমালৈ মনত পেলাম বৰষুণত তিতাৰ বাসনাক বিদায় জনাম

আচলতে মোৰ চহৰত উন্মাদ বৰষুণৰ দিনবোৰ নাই তোমাৰ স'তে গুচি গৈছে বৰষুণৰ দিনবোৰ এটা ফুলাম ছাতিৰ সন্মোহনত ! Tutusarma (talk) 19:23, 14 October 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]