সদা বেজবৰুৱা
অৱয়ব
সদা বেজবৰুৱা | |
---|---|
জন্ম | ২৮ ফ্ৰেব্ৰুৱাৰী, ১৯৩৪ শ্বিলঙৰ মৈদাম লাবানত |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
সদা বেজবৰুৱা (ইংৰাজী: Soda Bezboruah) হৈছে এগৰাকী অসমীয়া সাহিত্যৰ লেখক।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]২৮ ফ্ৰেব্ৰুৱাৰী, ১৯৩৪ চনত তেখেতৰ জন্ম হয়। পিতৃৰ নাম মুকুটৰাম বেজবৰুৱা।[1]
শিক্ষা
[সম্পাদনা কৰক]- তেখেতে আউনীআটী কমলদেৱ,কটন কলেজিয়েট উচ্চ বিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰে। বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। বেজবৰুৱাদেৱে স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া ভাষা শাখাত লাভ কৰে।
- তেখেতে ১৯৬২ চনৰ পৰা ১৯৬৪ চনলৈ Institute of Oriental Philosophy, Vrindaban, U.P ত গৱেষণা শেষ কৰিছিল। ১৯৬৮ত Assamese Version of the Mahabharata during the Vaisnava Period বিষয়ত D. Phil ডিগ্ৰী লাভ কৰে।
চাকৰি জীৱন
[সম্পাদনা কৰক]- সদা বেজবৰুৱাই চাংসাৰি আৰু হেকৰা উচ্চ বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে কাম কৰিছিল।
- ১৯৬৪ চনৰ পৰা ১৯৯৪ চনলৈ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল।
- ১৯৯৫ চনৰ পৰা ধুবুৰী আদালতত অধিবক্তাৰ কাম কৰিছিল।
- ধুবুৰী আইন মহাবিদ্যালয়ৰ প্ৰবক্তা ১৯৯৯ চনৰ পৰা ২০০১ চনলৈ। [2]
সাহিত্যৰাজি
[সম্পাদনা কৰক]সদা বেজবৰুৱাৰ ১৯৫৯ৰ পৰা প্ৰবন্ধ প্ৰকাশ হৈছিল।
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- জ্যোতি, (১৯৯৯) (প্ৰবন্ধ)
- হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত
- হৰ-গৌৰী সংবাদ
- কবিৰত্ন সৰস্বতীৰ জয়দ্ৰথ বধ
- ৰুদ্ৰ কন্দলীৰ সাত্যকি প্ৰৱেশ।[3]