সন্মান ৰক্ষাৰ্থে হত্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সন্মান ৰক্ষাৰ্থে হত্যা (ইংৰাজী: Honor killing)[1] হৈছে পৰিয়ালৰ কোনো সদস্যক পৰিয়ালৰ সন্মান হানি কৰাৰ অপৰাধত কৰা হত্যা। বা কোনো সমুদায় বা ধৰ্মৰ নিৰ্ধাৰিত নীতি-নিয়ম উলংঘা কৰাৰ বাবে কৰা হত্যা। সাধাৰণ কাৰণসমূহ হ'ল- বিবাহ বিচ্ছেদ, সংগীৰ পৰা পৃথক হোৱা, আয়োজিত বিবাহ, বাল্য বিবাহ বা, বলপূৰ্বক বিবাহৰ বিৰোধিতা কৰা, পৰিয়ালৰে সম্পৰ্ক নথকা বা শত্ৰু পক্ষৰ লোকৰ সৈতে সম্পৰ্ক স্থাপন, বিবাহ পূৰ্বে বা অবৈধ যৌন সম্পৰ্ক, ধৰ্ষণ বা অন্য যৌন শোষণৰ স্বীকাৰ হোৱা ব্যক্তি, পৰিয়াল বা ধৰ্ম বিৰোধী সাজপাৰ, অলংকাৰ আদি পৰিধান কৰা, সমকামী সম্পৰ্ক স্থাপন আদি৷[2][3][4][5][6]

যদিওবা পুৰুষ আৰু মহিলা উভয়ে এই হত্যাৰ বলি হয়, তথাপি কোনো কোনো সমাজত এই ক্ষেত্ৰত লিংগ পক্ষপাত দেখা যায়। সাধাৰণতে পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়মৰ প্ৰচলন আছে। এই অসমতা বিষয়কামী সম্পৰ্ক আৰু পুৰুষ অপৰাধীৰ আধিপত্যৰ সৈতে সংযুক্ত অৰ্থাৎ সন্মান ৰক্ষাৰ্থে হত্যা এক অসমানুপাতিক হিংসা। নাৰী অধিকাৰ, মানৱধিকাৰ, এলজিবিটি অধিকাৰ আৰু ঘৰুৱা হিংসাৰ হৈ মাত মতা স্থানীয় তথা আন্তঃৰাষ্ট্ৰীয় উকীল, সংস্থা ইত্যাদিৰ বাবে ই এক লক্ষণীয় বিষয়।

পাৰিবাৰিক অপৰাধৰ বহল গণ্ডীৰ ভিতৰত সন্মান ৰক্ষাৰ্থে হত্যা হৈছে ঘৰুৱা হিংসাৰ এক প্ৰকাৰ। কোনো কোনো দেশৰ ন্যায় ব্যৱস্থাত লাগিলে সুস্পষ্ট বিধানৰ দ্বাৰা বা প্ৰচলিত আইন প্ৰয়োগৰ অভাৱ নাইবা পৰিয়ালৰ সন্মানৰ খাতিৰত কৰা হত্যাৰ হেতুকে এই ক্ষেত্ৰত আইনী দণ্ডৰ দুৰ্বলতা আছে নতুবা কোনো ধৰণৰ মোকদৰ্মাই কৰা নহ'ব পাৰে। কোনো কোনো আইন ব্যৱস্থাত আৱেগৰ বশৱৰ্তী হৈ অপৰিকল্পিতভাৱে কৰা অপৰাধৰ বাবে নৰম শাস্তিৰ ব্যৱস্থা আছে অথবা প্ৰতাৰক পত্নীক হত্যা কৰা স্বামীৰ বাবে শাস্তি মুকলিকৈ লাঘৱ কৰা হৈছে।[7] হত্যাকাণ্ড সন্মান ৰক্ষাৰ্থে হওক বা নহওক, আৱেগৰ বশৱৰ্তী হৈ কৰা অপৰাধৰ বিশেষ বিধান আছে কিন্তু এই নীতিসমূহৰ পৰা অপৰাধী লাভান্বিত হয় আৰু ইয়াৰ ব্যতিক্ৰম হ'লে অহিংসাৰ সপক্ষে যুক্তি দিয়াসকলৰ ফালৰ পৰা একেধৰণৰ আপত্তি উঠে।

সংজ্ঞা[সম্পাদনা কৰক]

মানৱ অধিকাৰৰ দ্বাৰা "সন্মান ৰক্ষাৰ্থে হত্যা"ৰ সংজ্ঞা এই ধৰণে দিয়া হৈছে:

সন্মান ৰক্ষাৰ্থে কৰা অপৰাধসমূহ হৈছে হিংসাত্মক, সাধাৰণতে হত্যাকাণ্ড, যাক পৰিয়ালৰ সন্মান লাঘৱ কৰা বুলি জ্ঞান কৰা পৰিয়ালটোৰ নাৰী সদস্যৰ ওপৰত পুৰুষ সদস্যই সংঘটিত কৰে। এগৰাকী নাৰীক বিভিন্ন কাৰণত পৰিয়ালটোৱে লক্ষ্য কৰি ল'ব পাৰে, যেনে যৌন নিৰ্যাতনৰ বলি হোৱাৰ পিছত প্ৰায়োজিত বিবাহত বহিবলৈ অমান্তি হোৱা, অত্যাচাৰী পতিৰ পৰা বিচ্ছেদ বিচৰা বা ব্যভিচাৰত লিপ্ত হোৱা। নাৰীগৰাকীৰ কোনো কাৰ্যই পৰিয়ালটোৰ সন্মান হানি কৰিছে বুলি কৰা ধাৰণাটোৱেই আক্ৰমণ কৰাৰ বাবে যথেষ্ট হ'ব পাৰে।[8]

পুৰুষ এজনো এই হত্যাৰ বলি হ'ব পাৰে। এই ক্ষেত্ৰত পুৰুষ এজনক সেই মহিলাৰ পৰিয়ালৰ দ্বাৰা হত্যা কৰা হ'ব পাৰে, যি গৰাকীৰে তেওঁৰ এটা অনুচিত সম্পৰ্ক আছিল বুলি ভৱা হয়। নতুবা সমকামী সম্পৰ্কৰে জড়িত হ'লেও এই হত্যাৰ বলি হ'ব পাৰে।[9][10]

জাৰ্মান আদালতে সন্মান ৰক্ষাৰ্থে হত্যাৰ ক্ষেত্ৰত অপৰাধীৰ আইনী দণ্ড লাঘৱ কৰি দিছে। এই হত্যাক সন্মান ৰক্ষা বুলি অভিহিত কৰিছে।[11]

বৈশিষ্ট্য[সম্পাদনা কৰক]

বহু ক্ষেত্ৰত এই হত্যা পৰিয়ালৰ দ্বাৰা পৰিকল্পিত হ'ব পাৰে যি একোটা পৰিয়ালে সাধাৰণ "পৰিয়াল পৰিষদ"ৰ মাধ্যমেৰে সম্পন্ন কৰে। এই হত্যাৰ মূলতে হৈছে পৰিয়ালৰ বা সমাজৰ লোক সকলৰ ব্যৱহাৰ-আচৰণ প্ৰণালী যেনে যৌনতা, বিবাহ আদি নিয়ন্ত্ৰিত কৰা যি নেকি কোনো কোনো পৰিয়ালৰ সন্মান ৰক্ষাৰ প্ৰধান বিষয় হিচাপে চিহ্নিত কৰা হয় আৰু এই সন্মান বৰ্তাই ৰখা প্ৰতিজন সদস্যৰ কৰ্তব্য বুলি ভৱা হয়। কঠোৰ নীতিবদ্ধ সমাজ-ব্যৱস্থাত জাতি-ধৰ্ম-বৰ্ণ-সম্প্ৰদায় আদিৰ ক্ষেত্ৰত থকা সীমাবদ্ধতা সমূহ অনুশীলন কৰাৰ বাবেই পৰিয়ালৰ সন্মান ৰক্ষাৰ খাতিৰত মানুহ এই অপৰাধৰে জড়িত হয়।[12] অপৰাধী সকলক আৰু এই অপৰাধক আনকি এনে সমাজ-ব্যৱস্থাত সহজ ভাৱে লোৱা হয় কাৰণ তেনে সমাজ ব্যৱস্থাত এই ধৰণৰ আচৰণৰ সত্যতা বা গুৰুত্ব থকা বুলি ভৱা হয়।[13]

পদ্ধতি[সম্পাদনা কৰক]

হত্যাৰ পদ্ধতি সমূহৰ ভিতৰত শিলৰে আঘাত কৰা, ছুৰিকাঘাত কৰা, মাৰধৰ কৰা, জুই লগাই দিয়া, শিৰশ্ছেদ কৰা, ফাঁচি দিয়া, ডিঙি কাটি পেলোৱা, প্ৰাণঘাতী এচিড আক্ৰমণ, গুলি কৰা তথা শ্বাসৰোধ কৰি হত্যা কৰা৷[14] এই ধৰণৰ হত্যাকাণ্ড কেতিয়াবা কেতিয়াবা জনসাধাৰণৰ মাজতেই অন্য ব্যক্তিকো এনে ধৰণৰ সামাজিক নীতি বা ঘৰুৱা নিয়মৰ বিৰুদ্ধে নাযাবলৈ সতৰ্ক কৰি দিয়া বা ভয় খুৱাবৰ উদ্দেশ্যে ৰাজহুৱাকৈ কৰা হ'ব পাৰে।[14]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "SECRETARY-GENERAL, IN ADDRESS TO "WOMEN 2000" SPECIAL SESSION, SAYS FUTURE OF PLANET DEPENDS UPON WOMEN". United Nations. https://www.un.org/press/en/2000/20000605.sgsm7430.doc.html. 
  2. "Ethics: Honour Crimes". BBC. 1 January 1970. https://www.bbc.co.uk/ethics/honorcrimes/। আহৰণ কৰা হৈছে: 23 December 2013. 
  3. "Honor killing: Definition and More from the Free Merriam-Webster Dictionary". merriam-webster.com. 31 August 2012. http://www.merriam-webster.com/dictionary/honor%20killing। আহৰণ কৰা হৈছে: 23 December 2013. 
  4. "Honor killing definition". dictionary.reference.com. http://dictionary.reference.com/browse/honour+killing?s=t। আহৰণ কৰা হৈছে: 23 December 2013. 
  5. "Shocking gay honor killing inspires movie". CNN. http://edition.cnn.com/2012/01/13/world/europe/turkey-gay-killing. 
  6. . CNN. 23 February 2011. http://edition.cnn.com/2011/CRIME/02/23/arizona.iraqi.father/index.ht CNN.com. [সংযোগবিহীন উৎস]
  7. Government of Canada, Department of Justice (24 September 2013). "Introduction - Preliminary Examination of so-called honor killings in Canada". justice.gc.ca. https://www.justice.gc.ca/eng/rp-pr/cj-jp/fv-vf/hk-ch/p1.html. 
  8. "Violence Against Women and "Honor" Crimes". Human Rights Watch. https://www.hrw.org/press/2001/04/un_oral12_0405.htm। আহৰণ কৰা হৈছে: 6 April 2001. 
  9. Razzall, Katie; Khan, Yasminara (11 April 2017). "Male 'honour' cases 'underreported'" (en-GB ভাষাত). https://www.bbc.com/news/uk-39485348. 
  10. Afghan couple stoned to death – Central & South Asia. Al Jazeera English (16 August 2010). Retrieved 1 October 2011.
  11. Foblets, Marie-Claire; Renteln, Alison Dundes (16 January 2009). Multicultural Jurisprudence: Comparative Perspectives on the Cultural Defense. Bloomsbury Publishing. ISBN 978-1-84731-481-9. https://books.google.com/books?id=nv7bBAAAQBAJ&pg=PA241. 
  12. "FAQ". Hbv-awareness.com. http://hbv-awareness.com/faq/। আহৰণ কৰা হৈছে: 15 February 2015. 
  13. "Introduction – Preliminary Examination of so-called Honour Killings in Canada". Justice.gc.ca. 24 September 2013. http://www.justice.gc.ca/eng/rp-pr/cj-jp/fv-vf/hk-ch/p1.html। আহৰণ কৰা হৈছে: 15 February 2015. 
  14. 14.0 14.1 "Femicide: A Global Issue that demands Action". Academic Council on the United Nations SystemGenevadeclaration.org. পৃষ্ঠা: 60. Archived from the original on 30 June 2014. https://web.archive.org/web/20140630215522/http://www.genevadeclaration.org/fileadmin/docs/Co-publications/Femicide_A%20Gobal%20Issue%20that%20demands%20Action.pdf। আহৰণ কৰা হৈছে: 20 May 2018.