সময় হৈছেনে?

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সময় হৈছেনে?  
সময় হৈছেনে? গ্ৰন্থৰ বেটুপাত
লেখক বন্দিতা ফুকন
প্ৰচ্ছদ শিল্পী পংকজ পৰাণ
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় কল্পবিজ্ঞান মূলক
প্ৰকাৰ কাহিনী সংকলন
প্ৰকাশক বনলতা
প্ৰকাশ জুলাই, ২০১৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৩১


সময় হৈছেনে? (ইংৰাজী: Samay Haisene) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক তথা শিশু-সাহিত্যিক বন্দিতা ফুকনৰ এখন কল্পবিজ্ঞান মূলক গ্ৰন্থ। এইখন কেইবাটাও কল্পবিজ্ঞান কাহিনীৰ একত্ৰ সংকলন। ২০১৬ চনৰ জুলাই মাহত বনলতা প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ১৩১ আৰু মূল্য ১০০ টকা। লেখিকাই গ্ৰন্থখন "কল্পবিজ্ঞানৰ বিচিত্ৰ কাহিনী ভালপোৱাসকলৰ হাতত" অৰ্পণ কৰিছে। [1]

বিৱৰণ[সম্পাদনা কৰক]

কল্পবিজ্ঞানমূলক গ্ৰন্থখন লিখাৰ আঁৰত বিজ্ঞান বিষয়ক ভালপোৱাৰ বিষয়ে লেখিকাই গ্ৰন্থখনৰ পাতনিত এনেদৰে লিখিছে, "নিজে বিজ্ঞানৰ ছাত্ৰী হোৱাৰ বাবে বিজ্ঞান বিষয়টো মোৰ বৰ প্ৰিয়। সেইদৰে কল্পবিজ্ঞান কাহিনীবোৰো পঢ়ি বৰ ভাল পাওঁ।" সময় হৈছেনে? গ্ৰন্থখনৰ পূৰ্বে তেওঁৰ কাহিনী, উপন্যাস, সংকলন মিলি ১৮ খন কল্পবিজ্ঞানমূলক গ্ৰন্থ প্ৰকাশ হৈছে। উল্লেখযোগ্য যে ১৯৯০ চনৰ পৰা কল্পবিজ্ঞানমূলক কাহিনী ৰচনা কৰা বন্দিতা ফুকনৰ প্ৰথমখন কল্পবিজ্ঞান কাহিনীৰ সংকলন হৈছে দ্বিতীয় ব্যক্তি[1]

সময় হৈছেনে? সংকলনখনত মুঠ ১৫ টা কল্পবিজ্ঞানমূলক কাহিনী আছে। সেইকেইটা হৈছে - এটোপাল ঘাম, উদ্ধাৰ, নিখুঁত, ভৱিষ্যতৰ বীজ, সময় হৈছেনে?, সম্পৰ্ক, ঈৰ্ষা, আহ্বান, এটা ভূমিকম্পৰ অপেক্ষাত, হুল, অসহায়, সাক্ষাৎকাৰ, ভুল, প্ৰাপ্তি-অপ্ৰাপ্তি আৰু শেষ উপহাৰ ।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

বন্দিতা ফুকন অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক আৰু মূলতঃ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। তেখেত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা অভিযন্তা। অনুবাদক হিচাপে নিজৰ সাহিত্যিক জীৱনৰ পাতনি মেলা বন্দিতা ফুকনে ২০১১ চনত শিশু-সাহিত্যৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰে।লেখিকা বন্দিতা ফুকনৰ সাহিত্য-কৰ্ম অসমৰ কাকত-আলোচনীত প্ৰকাশিত হৈছে। গল্প-উপন্যাসকে ধৰি শিশু আৰু কিশোৰৰ উপযোগী হোৱাকৈ যুগুত কৰা ভালেমান গ্ৰন্থ প্ৰকাশিত হৈছে। তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা হৈছে ১২৬ খন।উল্লেখযোগ্য যে, বন্দিতা ফুকন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা কল্প-বিজ্ঞান লেখিকা।[2] জনপ্ৰিয় অসমীয়া মাহেকীয়া আলোচনী বিস্ময়ৰ পাতত "প্ৰিয়তমা" নামৰ কল্পবিজ্ঞান কাহিনীটোৰ জৰিয়তে তেখেতে আত্মপ্ৰকাশ কৰিছিল।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]