সহায়:প্ৰবন্ধ সৃষ্টিৰ চিত্ৰ সহায়িকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়াত লিখাটো একেবাৰে সহজ কাম
এই সহায়িকাত আপুনি কৰিব লগা কামখিনিৰ প্ৰতিটো পৰ্য্যায় চিত্ৰ সহকাৰে বৰ্ণনা কৰা হৈছে। এই সহায়িকাখন পঢ়ি আপুনি অতি সহজেই আপোনাৰ প্ৰথম প্ৰবন্ধটো তৈয়াৰ কৰিব পাৰিব।

এই প্ৰবন্ধৰ বিষয় হৈছে নতুন প্ৰৱন্ধ লিখা, কিন্তু সঁচাকৈ এটা লিখাৰ বাবে ই "সঠিক স্থান নহয়" ।

আপুনি যদি ৱিকিপিডিয়াৰ সম্পাদনাৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা কৰিব বিচাৰিছে, তেন্তে তাৰ বাবে "পৰীক্ষাগাৰ"লৈ যাওক বা আপোনাৰ নিজৰ সদস্য পৃষ্ঠাটো ব্যৱহাৰ কৰক। সৰল প্ৰবন্ধ সৃষ্টি প্ৰক্ৰিয়া ব্যৱহাৰ কৰিও আপুনি এটা প্ৰবন্ধ সৃষ্টি কৰিব পাৰে।


  • প্ৰতিখন চিত্ৰৰ বৰ্ণনা চিত্ৰৰ ওপৰত প্ৰদান কৰা হৈছে; চিত্ৰসমূহৰ উচ্চ ৰিজলিউশ্যনত চাবৰ বাবে চিত্ৰৰ ওপৰত ক্লিক কৰক।
  • এই সহায়িকা সম্পৰ্কীয় কোনো মতামত দিবৰ বাবে বা প্ৰশ্ন কৰিবৰ বাবে ইয়াত ক্লিক কৰক
ৱিকিপিডিয়াত যিকোনো পৃষ্ঠাৰ ওপৰত সোঁফালে থাকা অনুসন্ধান বাকচটোত আপুনি যি প্ৰবন্ধ তৈয়াৰ কৰিব বিচাৰিছে তাৰ নাম লিখক আৰু ওচৰত থকা ‘অনুসন্ধান আইকন’ (মেগনিফায়িং গ্লাচৰ দ্বাৰা সূচিত) ’ত ক্লিক কৰক। ইয়াত আমি ‘টৰ্চলাইট’ প্ৰবন্ধটো অনুসন্ধান কৰি কেনেকে তৈয়াৰ কৰিব তাৰেই উদাহৰণ দেখাইছো।
How to create a new article 1.gif
‘অনুসন্ধানৰ ফলাফল’ পৃষ্ঠাত আপুনি বিচৰা প্ৰবন্ধটো বা বিষয়টো ইতিমধ্যে আছে, তেন্তে সেই প্ৰবন্ধটো দেখা পোৱা যাব৷ যদিহে আপুনি অনুসন্ধান কৰা প্ৰবন্ধটো বিচাৰি পোৱা নগ'ল তেন্তে তাৰ লগত মিল থকা এখন অনুসন্ধান ফলাফল তালিকা ওলাব৷ সেই তালিকাখন পৰীক্ষা কৰক৷ যদিহে আপুনি বিচৰা প্ৰবন্ধটোৰ নাম আন কোনোবা প্ৰবন্ধৰ ভিতৰত আছে তেতিয়া সেই নামটো স্পষ্টভাৱে নীলা আখৰেৰে বা ৰঙা আখৰেৰে জিলিকি থাকিব৷ "নীলা"ৰ অৰ্থ হ'ল প্ৰবন্ধটো ইতিমধ্যেই অসমীয়া ৱিকিত আছে। সেই পৃষ্ঠাটোত আপুনি সম্পাদনাৰ ভুল-ভ্ৰান্তি দূৰীকৰণ বা নতুন তথ্য সংযোগ কৰিব পাৰে। "ৰঙা"ৰ অৰ্থ হ'ল প্ৰবন্ধটো নাই। যদি আপোনাৰ ইপ্সিত বিষয়টো ৰঙা ৰঙেৰে লিখা থাকে তেন্তে বুজিব যে অসমীয়া ৱিকিত এই বিষয়ে অদ্যপি একো লিখা হোৱা নাই, আৰু তেতিয়া আপুনি এই প্ৰৱন্ধ সৃষ্টি কৰিব পাৰিব। তাৰ কাৰণে আপুনি ৰঙা বৃত্ত আৰু কাৰ চিনেৰে চিহ্ণিত ৰঙা লিংকটোত ক্লিক কৰিব লাগিব। যিদৰে ওপৰৰ চিত্ৰত ‘কাট্ৰিনা কাইফ’ লিখা ৰঙা লিংকটোত ক্লিক কৰা হৈছে। (অধিক সহায়ৰ বাবে ইয়াত ক্লিক কৰক
How to create a new article 2.gif
কাট্ৰিনা কাইফ’ লিংকত ক্লিক কৰাৰ পাছত প্ৰৱন্ধ লিখা পৃষ্ঠাটো আহিব। ইয়াত হালধীয়া ৰঙেৰে চিহ্নিত কৰা অংশই লিখাৰ স্থান, তাতে আপুনি লিখিবলৈ আৰম্ভ কৰক। ইয়াত উদাহৰণ স্বৰূপে বিষয়বস্তুৰ ওপৰত দু‍শাৰীমান লিখা হৈছে। (অধিক সহায়ৰ বাবে ইয়াত ক্লিক কৰক
How to create a new article 3.gif
লিখা শেষ হ’লে মূল এডিটৰ টেক্সট-বক্সৰ তলত থকা সৰু টেক্সট-বক্সটোত (নীলা ৰঙেৰে দেখুৱা) লেখাটিৰ এটি ছুটি সাৰাং‍শ যোগ কৰক। যেনে নতুন প্ৰৱন্ধ আৰম্ভ কৰিছে যিহেতু ‘আৰম্ভ’ বা পাতনি বুলি লিখীব পাৰে। ইয়াৰ পাছত তলত থকা “খচৰা চাওক” বুটামটোত ক্লিক কৰক। (চিত্ৰত কমলা ৰঙেৰে দেখুৱা হৈছে)।
How to create a new article 4.gif
“খছৰা চাওক” বুটামত ক্লিক কৰাৰ পাছত চিত্ৰত দেখুৱা ধৰণে আপোনাৰ প্ৰৱন্ধৰ প্ৰাকদৰ্শন (Preview) দেখা পোৱা যাব। প্ৰাকদৰ্শনত যিদৰে আছে, আচল প্ৰৱন্ধটো পাঠকে ঠিক তেনেকৈয়ে দেখা পাব। যদি সন্তুষ্ট তেন্তে “পৃষ্ঠা সাঁচক” বুটামটোত ক্লিক কৰক (কাড় চিনেৰে দেখুৱা হালধীয়া অংশ)।
How to create a new article 5.gif
“আভিনন্দন” আপুনি ৱিকিত আপোনাৰ প্ৰথম প্ৰৱন্ধটি সৃষ্টি কৰিলে। এতিয়া নীলা কাড় চিনেৰে দেখুৱা “ ইতিহাস” বুটামটোত ক্লিক কৰিলে আপুনি আপোনাৰ ব্যৱহাৰকাৰী নাম ( User ID) টো দেখা পাব। আৰু ৱিকিত যিমাদিন এই প্ৰৱন্ধ থাকিব, সদায়েই তাৰ ইতিসাহত আপোনাৰ নাম জিলিকি থাকিব।
How to create a new article 6.gif
আপোনাক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ! আপুনি অসমীয়া ভাষাত মুক্ত জ্ঞান বিলাই দিয়াৰ বাবে প্ৰথম পৰ্যায়টো সফলভাৱে সম্পন্ন কৰিছে! এই মুক্তজ্ঞান যেন সহজেই সকলোৰে কাষত উপলদ্ধ হ’ব পাৰে, সকলোৱে যেন এই তথ্যসমূহৰ আস্থাৰ সৈতে বুজি কামত লাগিব পাৰে আৰু সৰ্বোচ্চ সুবিধা ল’ব পাৰে এইবাবে এই প্ৰবন্ধটোত কিছু পাৰিপাৰ্শ্বিক গঠনৰ কাম কৰা প্ৰয়োজন। আপুনি হয়তো ইয়াৰ মাজতেই লক্ষ্য কৰিছে যে, এই পৃষ্ঠাটো দেখাত অন্য ৱিকিপিডিয়াৰ পৃষ্ঠাৰ দৰে নহয়। ৱিকিপিডিয়াৰ পৃষ্ঠাসমূহ এনেধৰনে তৈয়াৰ কৰা হৈছে যাতে এই মুক্তজ্ঞান সকলোৰে ওচৰত সহজেই সুন্দৰভাৱে উপলদ্ধ হয় আৰু বোধগম্যও হয়। এই বিষয়সমূহ একেবাৰে সহজ আৰু সেই সম্বন্ধে অলপ কথা ঢাপে ঢাপে জানিবলৈ ইয়াত বা কাষৰ তীৰ চিহ্নত ক্লিক কৰক! Nuvola apps forward arrow.svg