সহায় বাৰ্তা:নতুন প্ৰবন্ধ আৰম্ভ কৰক

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মই তলৰ কথাখিনি একেবাৰে সাধাৰণ ধৰণেৰে বুজি পোৱাকৈ লিখিছিলোঁ৷ কামত আহিবনে?

Anjal Borah ১০:৩৩, ২৫ আগষ্ট ২০১১ (UTC)

আহিব । মাজে মাজে দৰকাৰী সংযোগবোৰ দি দিয়ক । বেলেগ বেলেগ শিৰোনামা দি "Things to avoid" আৰু "Be careful about"ৰো কিছু কথা ভৰাই দিয়ক । ‍‍Gitartha.bordoloi ১১:৩৪, ২৫ আগষ্ট ২০১১ (UTC)

ৱিকিপিডিয়া হৈছে ৱেব-আধাৰিত এখন বিশ্বকোষ৷ য'ত যিকোনো ব্যক্তিয়েই লিখিব পাৰে, সম্পাদনা কৰিব পাৰে আৰু নতুন প্ৰবন্ধ সৃষ্টি কৰিব পাৰে৷ নতুন প্ৰবন্ধ এটা আৰম্ভ কৰাৰ সময়ত কিছুমান কথা লক্ষ্য ৰখা উচিত৷ তলত কিছুমান পদক্ষেপ দিয়া হৈছে৷

পদক্ষেপসমূহ[সম্পাদনা কৰক]

আৰম্ভণি- ৱিকিপিডিয়াৰ পৃষ্ঠালৈ যাওক৷


অনুসন্ধান- প্ৰথমতে আপুনি অনুসন্ধান বাকচত আপুনি লিখিব বিচৰা প্ৰবন্ধটো আছেনে নাই তাক বিচাৰক৷ যদিহে সেইটো এটা জনপ্ৰিয় বিষয় তেন্তে থাকিব পাৰে৷ আপুনি আপোনাৰ বিষয়টো অনুসন্ধান বাকচত লিখি Enter দবাওক৷


ফলাফল- যদিহে আপুনি বিচৰা প্ৰবন্ধটো বা বিষয়টো ইতিমধ্যে আছে, তেন্তে সেই প্ৰবন্ধটো দেখা পোৱা যাব৷ যদিহে আপুনি অনুসন্ধান কৰা প্ৰবন্ধটো বিচাৰি পোৱা নগ'ল তেন্তে তাৰ লগত মিল থকা এখন অনুসন্ধান ফলাফল তালিকা ওলাব৷ সেই তালিকাখন পৰীক্ষা কৰক৷ যদিহে আপুনি বিচৰা প্ৰবন্ধটোৰ নাম আন কোনোবা প্ৰবন্ধৰ ভিতৰত আছে তেতিয়া সেই নামটো স্পষ্টভাৱে ক'লা আখৰেৰে বা ৰঙা আখৰেৰে জিলিকি থাকিব৷


ভাবক- যদিহে আপুনি সন্ধান কৰা প্ৰবন্ধটো নাই আৰু আপুনি নতুনকৈ সৃষ্টি কৰিব বিচাৰিছে, তেন্তে প্ৰথমতে আপুনি নিজকে তলৰ প্ৰশ্নকেইটা সুধক:

    • এইটো বিশ্বকোষৰ দৰে প্ৰকল্পত থাকিব লগা বিষয়নে?
    • এইটো তথ্যসমৃদ্ধনে (অন্য কোনোৱে পঢ়ি বিৰক্তি পাবনেকি)?
    • এইটো সত্যাপনযোগ্যনে (ইয়াক ইণ্টাৰনেট বা অন্য কোনো কিতাপত বিচাৰি পোৱা যাবনে)?
    • যদি এটাও উত্তৰ 'নহয়' হয় তেন্তে প্ৰবন্ধটো সৃষ্টি নকৰিব৷ তথ্যসমৃদ্ধ আৰু সত্যাপনযোগ্য নোহোৱা সকলো প্ৰবন্ধ আঁতৰাই দিয়া হ'ব৷ গতিকে আপোনাৰ কষ্টখিনি এনেই যাব পাৰে৷


সৃষ্টি কৰক- যদিহে অনুসন্ধান ফলাফলত আপুনি বিচৰা প্ৰবন্ধটো ৰঙা আখৰেৰে থকাৰ লগতে এই ৱিকিত পৃষ্ঠাখন সৃষ্টি কৰক! লিংকটো দেখা পায়, তেন্তে তাত ক্লিক কৰক৷ আৰু যদি দেখা পোৱা নাই তেন্তে তাৰ পৰা আঁতৰি আহক৷


ল'গ ইন/একাউণ্ট সৃষ্টি কৰক- আপুনি এটা একাউণ্ট নথকাকৈও ৱিকিপিডিয়া প্ৰবন্ধ সম্পাদনা কৰিব পাৰে৷ কিন্তু এটা প্ৰবন্ধ সৃষ্টি কৰিবলৈ আপোনাৰ এটা একাউণ্ট থকা অতি জৰুৰী৷ ইয়াৰ বাবে প্ৰথম পৃষ্ঠাত থকা নতুন সদস্যই একাউণ্ট (account) খুলিবলৈ ইয়াত ক্লিক কৰক। ইতিমধ্যেই অসমীয়া ৱিকিপিডিয়াত একাউণ্ট থকাসকলে লগ্‌-ইন (log in) কৰিবলৈ ইয়াত ক্লিক কৰক। চাওক৷


লেখা আৰম্ভ কৰক- আপুনি এতিয়া প্ৰবন্ধ লিখিব লগা ঠাইত এটা ডাঙৰ খালি বাকচ দেখিব৷ প্ৰথমে বিষয়টোৰ চমু পৰিচয় লিখক, তাৰ পিছত বিষয়টো বিস্তৃতভাৱে বৰ্ণনা কৰি লিখক৷ প্ৰবন্ধটো এটা নিৰ্দিষ্ট সজ্জাত সৃষ্টি কৰক আৰু তথ্যসমূহ সংযোগ কৰক৷ আপোনাৰ লিখি হোৱাৰ পিছত পৃষ্ঠাখন কেনে দেখা যাব তাক চাবলৈ "খচৰা দেখুৱাওক" বুটামটো টিপক। যদি আপুনি আপোনাৰ লেখাখিনিকলৈ সন্তুষ্ট, তেন্তে "সাঁচি থওক" বুটামটো টিপি দিয়ক। আপোনাৰ লেখাখিনি লগে লগে সকলো ৱিকিপিডিয়াৰ সদস্যই দেখা পাব।