সাঁচ:আজিৰ নিৰ্বাচিত প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেনিটো মুছ'লিনি আৰু এডল্ফ হিটলাৰ (সোঁফালে)

দ্বিতীয় বিশ্বযুদ্ধ বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে প্ৰায় সকলোবোৰ দে‍শেই জড়িত হৈ পৰা এই যুদ্ধত দুটা বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়- মিত্ৰশক্তি আৰু অক্ষশক্তি। এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয় য’ত ১০ কোটিতকৈয়ো বেছি লোকে সামৰিক সেৱা আগবঢ়াইছিল। যুদ্ধত আগভাগ লোৱা জাতিসমূহে এই সময়ছোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল। হ'ল'কাষ্ট (হিটলাৰৰ দ্বাৰা ৬০ লাখ ইহুদী হত্যা)-কে ধৰি অসামৰিক লোকৰ গণহত্যা, হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ ইত্যাদিৰ বাবে কুখ্যাত এই যুদ্ধত ৫ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল। ১৯৪৫ চনত অক্ষশক্তিৰ ওপৰত মিত্ৰশক্তিৰ সম্পূৰ্ণ বিজয়েৰে এই যুঁজৰ সামৰণি পৰে। (বাকী অংশ পঢ়ক...)